ডিজিটেল ডেস্কঃ অহা ১০ নৱেম্বৰত অৱসৰ গ্ৰহণ কৰিব দেশৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে। তাৰ পূৰ্বে দিব লাগিব কেইবাটাও হাইপ্ৰফাইল গোচৰৰ চূড়ান্ত শুনানি বা ৰায়। ইয়াৰ ভিতৰত আছে আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰো বহু চৰ্চিত গোচৰ।
আলিগড় মুছলিম বিশ্ববিদ্যালয় সংখ্যালঘুৰ সংস্থা হিচাপে গণ্য কৰা হ'বনে নাই সেই বিষয়ে এই সপ্তাহতে সৰ্বোচ্চ ন্যায়ালয়ে চূড়ান্ত শুনানি প্ৰদান কৰিব। চলিত সপ্তাহতে উচ্চতম ন্যায়ালয়ে ৫ টা গুৰুত্বপূৰ্ণ গোচৰৰ ৰায় ঘোষণা কৰিব।
এইসমূহৰ ভিতৰত আছে আলিগড় মুছলিম বিশ্বিদ্যালয়ৰ সংখ্যালঘুৰ স্থিতি, উত্তৰ প্ৰদেশ মাদ্ৰাছা বোৰ্ডৰ বৈধতাৰ গোচৰো। ইতিমধ্যে এই গোচৰসমূহৰ চূড়ান্ত শুনানি গ্ৰহণ কৰা হৈছে আৰু ইয়াৰ ৰায় উচ্চতম ন্যায়ালয়ে সংৰক্ষণ কৰি থৈছে।
মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ অৱসৰৰ বাবে মাজত মাত্ৰ কেইটামান দিন বাকী আছে। অৱসৰৰ পূৰ্বে তেওঁ এই গোচৰৰ ৰায় প্ৰদান কৰিব লাগিব। উল্লেখ্য যে, ডি ৱাই চন্দ্ৰচূড় অযোধ্যাৰ ৰাম জন্মভূমি গোচৰৰ ৰায় প্ৰদান কৰা পাঁচজনীয়া সংবিধান বিচাৰপীঠত থকা এজন অন্যতম ন্যায়াধীশ আছিল। এই গোচৰৰ ৰায় প্ৰদান কৰা তেওঁৱেই বৰ্তমান একমাত্ৰ কৰ্তব্যৰত অন্তিমজন ন্যায়াধীশ।
আটাইতকৈ আকৰ্ষণীয় কথা হ'ল ডি ৱাই চন্দ্ৰচূড়ৰ ১০ নৱেম্বৰৰ অৱসৰৰ দিন যদিও সেইদিনা দেওবাৰ হোৱাত তেওঁ ৯ নৱেম্বৰতে আনুষ্ঠানিকভাৱে অৱসৰ গ্ৰহণ কৰিব। ঠিক পাঁচ বছৰ পূৰ্বে এই ৯ নৱেম্বৰতে অযোধ্যাৰ গোচৰৰ চূড়ান্ত ৰায়দান দিয়া হৈছিল। এয়াও ডি ৱাই চন্দ্ৰচূড়ৰ সৈতে এক কাকতলীয় সংযোগ।
উল্লেখ্য যে, যোৱা জুলাই মাহত মুখ্য ন্যায়াধীশগৰাকী অযোধ্যা ভ্ৰমণলৈ গৈছিল। তেওঁ দৰ্শন কৰিছিল ৰাম মন্দিৰৰ ৰামলালাক। সম্ভৱতঃ তেওঁৱেই দেশৰ প্ৰথমগৰাকী মুখ্য ন্যায়াধীশ যিয়ে ৰাম মন্দিৰ দৰ্শন কৰিছিল।
তেওঁৰ অৱসৰৰ দিন চমু চাপি অহাৰ লগে লগে এতিয়া সেয়ে চৰ্চালৈ আহিছে চূড়ান্ত ৰায় ঘোষণা কৰিবলগীয়া ৫ টাকৈ গোচৰ। ইয়াৰে আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ গোচৰ বিচাৰাধীন হৈছিল সাতজনীয়া সাংবিধানিক বিচাৰপীঠত। ২০২৪ ৰ ১ ফেব্ৰুৱাৰীত এই গোচৰৰ ৰায় সংৰক্ষিত কৰা হৈছিল।
উত্তৰ প্ৰদেশৰ মাদ্ৰাছা ব’ৰ্ডক এলাহবাদ উচ্চ ন্যায়ালয়ে অসাংবিধানিক ঘোষণা কৰিছিল। পৰৱৰ্তী সময়ত এই গোচৰ উঠিছিল উচ্চতম ন্যায়ালয়ত। ইয়াৰ বৈধতা আছে নে নাই সেই সম্পৰ্কত চূড়ান্ত ৰায় প্ৰদান কৰিব উচ্চতম ন্যায়ালয়ে।
তাৰোপৰি লাইট মটৰ ভেহিকেল চমুকৈ এল এম ভি অনুজ্ঞাপত্ৰ সৈতে সম্পৰ্কিত এক গোচৰৰো ৰায় দিব লাগিব উচ্চতম ন্যায়ালয়ে। সম্পত্তিৰ অধিগ্ৰহণ আৰু পুনৰ বিতৰণ সন্দৰ্ভত এটা গোচৰ নজনীয়া সাংবিধানীক বিচাৰপীঠত উঠিছিল। চৰকাৰৰ ব্যক্তিগত সম্পত্তি অধিগ্ৰহণ কৰি পুনৰ বিতৰণৰ অধিকাৰ আছে নে নাই এই সন্দৰ্ভত চলিত সপ্তাহতে চূড়ান্ত ৰায় দিব লাগিব ন্যায়ালয়ে।
চৰ্চিত পঞ্চম গোচৰটো হৈছে নিযুক্তি প্ৰক্ৰিয়াৰ সৈতে সম্পৰ্কিত। নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পাছত চৰ্তাৱলী আৰু নিয়মাৱলী সলনি কৰিব পাৰি নে নাই সেই সন্দৰ্ভতো উচ্চতম ন্যায়ালয়ে চূড়ান্ত ৰায় প্ৰদান কৰিব।
Also Read: সীমান্তৰ পৰা প্ৰত্যাহাৰ অতিৰিক্ত সেনাঃ পুনৰ মধুৰ কৰাৰ প্ৰচেষ্টা ভাৰত-চীন সম্পৰ্ক...