৩২০ মিলিয়ন ডলাৰ ব্যয়ৰে মুম্বাইত আজি অনন্ত আম্বানিৰ ৰাজকীয় বিবাহ

প্ৰজাপতিৰ আশীষ শিৰত লৈ ৰাধিকা মাৰ্চেণ্টক কৰিব জীৱন সংগী। আগমন ঘটিব উদ্যোগপতি, চিনেমাৰ তাৰকা, শিল্পী, ৰাজনৈতিক নেতা , মুখ্যমন্ত্ৰী, মন্ত্ৰী, বিধায়ক তথা সকলো স্তৰৰ লোকৰ
৩২০ মিলিয়ন ডলাৰ ব্যয়ৰে মুম্বাইত আজি অনন্ত আম্বানিৰ ৰাজকীয় বিবাহ
Published on
Updated on

ডিজিটেল ডেস্ক : ভাৰতৰ ধনাঢ্য ব্যক্তি মুকেশ আম্বানিৰ কনিষ্ঠ পুত্ৰ অনন্ত আম্বানিৰ আজি বিবাহ। এই ৰাজকীয় বিবাহক কেন্দ্ৰ কৰি উখল-মাখল হৈ পৰিছে মায়ানগৰী মুম্বাই।

৩২০ মিলিয়ন ডলাৰ ব্যয়ৰে হ'ব লগা এই বিয়াখনকলৈ এতিয়া সমগ্ৰ বিশ্বজুৰি চৰ্চিত হৈছে। কাৰ্যতঃ শতিকাৰ অন্যতম ব্যয়বহুল বিবাহ হ'ব এইখন বিয়া।

প্ৰজাপতিৰ আশীষ শিৰত লৈ আজি আনুষ্ঠানিকভাৱে ৰাধিকা মাৰ্চেণ্টক সাত জনমলৈ পত্নী হিচাপে গ্ৰহণ কৰিব অনন্ত আম্বানিয়ে। এই বিবাহৰ অনুষ্ঠান ১৪ জুলাইলৈকে চলিব। ১২ জুলাইত বিবাহ, ১৩ জুলাইত আশীৰ্বাদ গ্ৰহণ অনুষ্ঠান আৰু ১৪জুলাইত অভ্যাৰ্থনা পৰ্ব।

ইতিমধ্যে অনন্ত-ৰাধিকাৰ বিবাহ উপলক্ষ্যে আগমন ঘটিছে বহু অতিথিৰ। উদ্যোগপতি, চিনেমাৰ তাৰকা, শিল্পী, ৰাজনৈতিক নেতা , মুখ্যমন্ত্ৰী, মন্ত্ৰী, বিধায়ক তথা সকলো স্তৰৰ লোক উপস্থিত থাকিব ৰাজকীয় বিয়াখনত। ইয়াৰোপৰি সাদিন-প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ তথা অসমীয়া প্ৰতিদিনৰ সম্পাদক জয়ন্ত বৰুৱাকো জনাইছে নিমন্ত্ৰণ।  

ইফালে দৰা-কইনাক এজোলোকা আশীৰ্বাদ দিয়াৰ উদ্দেশ্যে কিছু ক্ষণৰ বাবে উপস্থিত হ’ব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। ইতিমধ্যে মোডীৰ আগমণৰ পূৰ্বে বৃহত্তৰ এলেকাত কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে।  

উপস্থিত থাকিব বিভিন্ন দেশৰ প্ৰধানমন্ত্ৰী, প্ৰাক্তন প্ৰধানমন্ত্ৰী, উচ্চপদস্থ বিষয়া, মাৰ্ক জুকাৰবাৰ্গ, ৰিহানা আদিৰ দৰে বিদেশী তাৰকা। নানা খাদ্য সম্ভাৰ উপলব্ধ হ'ব এইখন বিয়াত।

অৱশ্যে বিয়াখনৰ খাদ্য তালিকাত বিশেষ মৰ্যাদা দিয়া হ'ব বেনাৰসী খাদ্যসম্ভাৰক। মাটিৰ পাত্ৰত দিয়া হ’ব খাদ্য। পালেং শাক, আলু টিক্কা, চানা কচুৰি ইত্যাদি বিভিন্ন বেনাৰসী খাদ্যই পাব সুকীয়া স্থান।

আনহাতে অতিথিসকলক বিবাহস্থলীলৈ আদৰি অনাৰ বাবে ৩খন ফেলকন জেট বিমানৰ ব্যৱস্থা কৰা হৈছে। তদুপৰি ব্যৱহাৰ হ’ব শতাধিক ব্যক্তিগত উৰাজাহাজ। মুঠৰ ওপৰত সকলো দিশৰ পৰাই ৰাজকীয় এইখন বিয়া।

৩২০ মিলিয়ন ডলাৰ ব্যয়ৰে মুম্বাইত আজি অনন্ত আম্বানিৰ ৰাজকীয় বিবাহ
ভাৰতীয় ক্ৰিকেট দললৈ উভতি আহিব জাহিৰ খান !

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in