অন্ধ্ৰপ্ৰদেশ ৰেল দুৰ্ঘটনাঃ নিহতৰ সংখ্যা ১৩, আহত ৫০ ৰো অধিক

অন্ধ্ৰপ্ৰদেশ ৰেল দুৰ্ঘটনাঃ নিহতৰ সংখ্যা ১৩, আহত ৫০ ৰো অধিক
Published on
Updated on

ডিজিটেল ডেস্কঃ দেওবাৰে নিশা অন্ধ্ৰপ্ৰদেশৰ বিজয়নগৰম জিলাত হোৱা ৰেল দুৰ্ঘটনাত প্ৰায় ১৩ জন লোক নিহত হোৱাৰ উপৰিও আহত হৈছে ৫০তকৈ অধিকজন লোক। হাওৰা-চেন্নাই লাইনত এখন যাত্ৰীবাহী ৰেলখনে চিগনেল অতিক্ৰম কৰি অন্য এখন ৰেলত খুন্দা মৰাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়।

জানিব পৰা মতে বিশাখাপট্টনম-পলাচা যাত্ৰীবাহী ৰেল আৰু বিশাখাপট্টনম-ৰায়গড় যাত্ৰীবাহী ৰেলৰ মাজত সংঘৰ্ষটো সংঘটিত হয়। ঘটনাত কেইবাটাও ডবা ক্ষতিগ্ৰস্ত হয়। ইতিমধ্যে ঘটনাস্থলীত উদ্ধাৰ অভিযান সমাপ্ত হৈছে।

বৰ্তমান দুৰ্ঘটনাস্থলীত ৰেল পথ মেৰামতিৰ কাম চলি আছে। ৰেল কৰ্তৃপক্ষই যাত্ৰীসকলৰ বাবে বাছ আৰু অন্যান্য সেৱাৰ ব্যৱস্থা কৰিছে। এতিয়ালৈকে ১৮ খন ৰেল বাতিল কৰা হৈছে আৰু ২২ খন ৰেলৰ পথ সলনি কৰা হৈছে। আবেলি ৪ বজাৰ পৰা ৰেল লাইন মেৰামতিৰ কাম সম্পূৰ্ণ হ'ব বুলি আশা কৰা হৈছে।

ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে, ইতিমধ্যে সকলোলোকক উদ্ধাৰ কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ঘটনা সন্দৰ্ভত পৰ্যালোচনা কৰিছে আৰু বৰ্তমান পৰিস্থিতি নিয়ন্ত্ৰণত আছে।

প্ৰধানমন্ত্ৰী সাহায্য কোষৰ পৰা নিহতসকলৰ পৰিয়াললৈ ২ লাখ টকা আৰু আহত সকললৈ ৫০ হাজাৰ টকাকৈ আৰ্থিক অনুদানৰ ঘোষণা কৰিছে।

অন্ধ্ৰপ্ৰদেশ ৰেল দুৰ্ঘটনাঃ নিহতৰ সংখ্যা ১৩, আহত ৫০ ৰো অধিক
আলফা(স্বা)ত যোগদান মৰাণৰ যুৱক পলাশ কোঁৱৰৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in