অসুস্থ আমৰণ অনশনত বহা চিকিৎসকঃ নিশাই হাস্পতালত ভৰ্তি...

আৰ জি কৰ মেডিকেল কলেজ হাস্পতালৰ জুনিয়ৰ চিকিৎসক অনিকেতৰ অৱস্থা অতি গুৰুতৰ
অসুস্থ আমৰণ অনশনত বহা চিকিৎসকঃ নিশাই হাস্পতালত ভৰ্তি...
অসুস্থ আমৰণ অনশনত বহা চিকিৎসকঃ নিশাই হাস্পতালত ভৰ্তি...
Published on
Updated on

ডিজিটেল ডেস্কঃ দুৰ্গা পূজাৰ আনন্দৰ উল্লাসৰ মাজতে চিকিৎসকৰ সুৰক্ষা, যৌন নিৰ্যাতনৰ বলি হৈ মৃত্যু হোৱা যুৱতী চিকিৎসকৰ উচিত ন্যায়কে ধৰি একাধিক দাবীৰে অনশনত বহা পশ্চিমবংগৰ সাত চিকিৎসকৰ অন্যতম অনিকেত মাহাত্বৰ স্বাস্থ্যৰ অৱনতি ঘটিছে। নিশাই তেওঁক অনশনস্থলীৰ পৰা আৰ জি কৰ মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হৈছে।

ধৰমতলাৰ অনশনস্থলীত উপস্থিত থকা চিকিৎসকসকলে অনিকেতৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি নিশাই তৎপৰতাৰে এই সিদ্ধান্ত গ্ৰহণ কৰে। জানিব পৰা মতে ধৰমতলাৰ অনশনস্থলীৰ পৰা গভীৰ নিশাই অনিকেতক এম্বুলেঞ্চৰ জৰিয়তে আৰ জি কৰ মেডিকেল কলেজ হাস্পতাললৈ লৈ যোৱা হৈছে।

তাত তেওঁক চি চি ইউত ভৰ্তি কৰোৱা হৈছে। চিকিৎসকৰ সূত্ৰত প্ৰকাশিত খবৰ অনুসৰি তেওঁৰ ৰক্তৰ বিভিন্ন পৰীক্ষা কৰা হৈছে। কনিষ্ঠ চিকিৎসক আছফাক উল্লাহ নায়াৰে অনিকেতৰ স্বাস্থ্যৰ প্ৰসংগত কয়, সঠিক সময়ত তেওঁক হাস্পতালত ভৰ্তি কৰোৱা বাবে প্ৰাণঘাতি হোৱাৰ পৰা ৰক্ষা পৰিছে। কিন্তু তেওঁৰ স্বাস্থ্যৰ আশংকা এতিয়াও দূৰ হোৱা নাই।

উল্লেখ্য যে অনিকেতৰ স্বাস্থ্যৰ অৱনতিৰ কথা পূৰ্বেই জানিব পৰা গৈছিল। যোৱা দেওবাৰৰ নিশাৰ পৰা তেওঁ সতীৰ্থৰ সৈতে অনশনত বহিছে। বৃহস্পতিবাৰে পুৱা ধৰমতলালৈ গৈ আৰ জি কৰ মেডিকেল কলেজৰ এগৰাকী চিকিৎসক জনাইছিল অনিকেতৰ স্বাস্থ্যৰ অৱস্থা শংকাজনক। তেওঁক আই চি ইউত পৰ্যবেক্ষণত ৰখাৰ প্ৰয়োজন।

বৃহস্পতিবাৰে নিশা তেওঁৰ শৰীৰ পৰীক্ষা কৰাৰ পাছত অনশনস্থলীৰ পৰা হাস্পতাললৈ লৈ যোৱা হয়। অৱশ্যে তেওঁৰ সতীৰ্থই জনোৱা মতে অনিকেতে মনোবল হেৰুওৱা নাই।

উল্লেখ্য যে, শুকুৰবাৰৰ পৰা ধৰমতলাৰ মেট্ৰ' চেনলৰ সন্মুখত কেইবাটাও দাবীৰে আমৰণ অনশনত বহিছে। প্ৰথমে ৬ গৰাকী চিকিৎসকে অনশনত বহিছিল যদিও পাছত আৰ জি কৰ মেডিকেল কলেজ হাস্পতালৰ কনিষ্ঠ চিকিৎসক অনিকেত মাহাত্বয়ে এই প্ৰতিবাদত চামিল হয়।

আমৰণ অনশনত বহা অনিকেতেই আৰ জি কৰ মেডিকেল কলেজ হাস্পতালৰ একমাত্ৰ চিকিৎসক। অনিকেতৰ উপৰিও অনশন কৰিছে এছ এছ কে এমৰ পি ডি টি প্ৰথম বৰ্ষৰ ছাত্ৰ অৰ্ণৱ মুখোপাধ্যায়, কলকাতা মেডিকেল কলেজৰ পি ডি টিৰ প্ৰথম বৰ্ষৰ ছাত্ৰ অনুষ্টুপ মুখোপাধ্যায়, ই এন টি ছিনিয়েৰ ৰেছিডেণ্ট তনয়া পাজা, ছিনিয়ৰ ৰেছিডেণ্ট স্নিগ্ধা হাজৰা, এন আৰ এছ মেডিকেল কলেজৰ পি জি টি প্ৰথম বৰ্ষৰ ছাত্ৰ পুলস্ত্য আচাৰ্য, কে পি চি মেডিকেল কলেজৰ পি জি টি তৃীতয় বৰ্ষৰ ছাত্ৰী ছায়ান্তনী ঘোষ হাজৰা।

এইসকল চিকিৎসকৰো শাৰীৰিক অৱস্থা লাহে লাহে অৱনতি ঘটিবলৈ আৰম্ভ কৰিছে। অৱশ্যে তেওঁলোকক মানসিক সাহস দিবলৈ সকলো সময়তে কাষত থিয় হৈছে সতীৰ্থ কনিষ্ঠ চিকিৎসকসকলৰ লগতে জ্যেষ্ঠ চিকিৎসকো। তেওঁলোকেও প্ৰতীকি অনশনত বহিছে।

ইফালে এই প্ৰতিবাদলৈ সমৰ্থন জনাই বিভিন্ন মেডিকেল কলেজ হাস্পতালত জ্যেষ্ঠ চিকিৎসকসকলে ৰাজহুৱাকৈ দায়িত্বৰ পৰা অব্যাহতি লৈ প্ৰতিবাদলৈ সমৰ্থন জনোৱাৰ কথা চৰকাৰক অৱগত কৰিছে।  

অসুস্থ আমৰণ অনশনত বহা চিকিৎসকঃ নিশাই হাস্পতালত ভৰ্তি...
এফালে দুৰ্গা পূজাৰ আনন্দ মেলা আনফালে চিকিৎসকৰ আমৰণ অনশন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in