দিল্লীৰ সুৰা কেলেংকাৰীঃ আপৰ ৩ জ্যেষ্ঠ নেতাৰ পাছত এইবাৰ কোন যাব জেললৈ?

দিল্লীৰ সুৰা কেলেংকাৰীঃ আপৰ ৩ জ্যেষ্ঠ নেতাৰ পাছত এইবাৰ কোন যাব জেললৈ?
Published on
Updated on

ডিজিটেল ডেস্কঃ দিল্লীৰ সুৰা কেলেংকাৰীৰ অভিযোগ ইডিয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আপৰ সাংসদ সঞ্জয় সিঙক। এই গ্ৰেপ্তাৰৰ পাছতেই দিল্লী চৰকাৰক কটাক্ষ কৰি বৃহস্পতিবাৰে অনুৰাগ ঠাকুৰে কয় যে, দিল্লীৰ উপ-মুখ্যমন্ত্ৰী(প্ৰাক্তন) আৰু অন্য মন্ত্ৰী সুৰা কেলেংকাৰীৰ অভিযোগত জেলত আছে। ইয়াত আৰু বেলেগ নেতাৰ নামো সাঙুৰ খাব যি বাহিৰত আছে।

চট্টীশগড়ৰ ৰাজধানী ৰায়পুৰত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত এই মন্তব্য কৰে ঠাকুৰে। আপক কটাক্ষ কৰি তেওঁ কয় যে, যিসকল 'দুৰ্নীতিৰ বিৰুদ্ধে ভাৰত' শ্ল'গানেৰে ক্ষমতালৈ আহিছিল তেওঁলোক এতিয়া দুৰ্নীতিত লিপ্ত হৈ আছে।

উল্লেখ্য যে, সুৰা কেলেংকাৰীৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা তৃতীয়জন আপৰ নেতা সঞ্জয় সিং। ইযাৰ পূৰ্বে মণিষ ছিচদিয়া আৰু সৈতেন্দ্ৰ জৈন গ্ৰেপ্তাৰ হৈছিল। এই গ্ৰেপ্তাৰৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে বহু অভিযোগ উত্থাপন কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। এই সন্দৰ্ভত অনুৰাগ ঠাকুৰক প্ৰশ্ন কৰাত তেওঁ এই মন্তব্য দিয়ে।

তেওঁ লগতে কয় যে, মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ বিষয়াসকলে দুৰ্নীতিৰ গুৰুতৰ অভিযোগৰ সন্মুখীন হৈছে। তেওঁলোকৰ পৰা বৃহৎ পৰিমাণৰ ধন আৰু সোণ জব্দ কৰা হৈছে। ঠাকুৰে কয় যে তেওঁ পদত্যাগ কৰিব লাগিছিল কিন্তু এতিয়ালৈকে কৰা নাই। কিন্তু আগন্তুক বিধানসভা নিৰ্বাচনত ক্ষমতাৰ পৰা কেজৰিৱাল বাহিৰ হ'ব বুলি কয় তেওঁ।

দিল্লীৰ সুৰা কেলেংকাৰীঃ আপৰ ৩ জ্যেষ্ঠ নেতাৰ পাছত এইবাৰ কোন যাব জেললৈ?
নতুন যুগৰ ৰাৱণ,তেওঁ দুষ্ট, ধৰ্ম বিৰোধী, ৰাম বিৰোধীঃ ৰাহুল গান্ধীক ৰাৱণৰ সৈতে তুলনা বিজেপিৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in