ডিজিটেল ডেস্কঃ পুনৰ এক ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনা সংঘটিত হ'ল অৰুণাচল প্ৰদেশত। মঙলবাৰে পুৱা অৰুণাচল প্ৰদেশৰ দুৰ্ঘটনাত পতিত হোৱা সেনাৰ হেলিকপ্টাৰখনৰ পাইলটগৰাকী মৃত্যু হোৱাৰ লগতে আন এজন পাইলট অতি গুৰুতৰ ভাৱে আহত হৈছে।
অৰুণাচলৰ টাৱাঙৰ এটা ফৰৱাৰ্ড এলেকাত সংঘটিত হৈছে এই হেলিকপ্টাৰ দুৰ্ঘটনা। উল্লেখ্য যে চীতা হেলিকপ্টাৰখন নিয়মীয়া উৰণৰ সময়তে এই দুৰ্ঘটনা সংঘটিত হয়। য'ত দুজন পাইলট আছিল।
দুৰ্ঘটনাৰ পিছতে দুয়োজন পাইলটক উদ্ধাৰ কৰি স্থানীয় হাস্পতাললৈ প্ৰেৰণ কৰা হয়। দুৰ্ভাগ্যজনক ভাৱে অতি সংকটজনক অৱস্থাত উদ্ধাৰ হোৱা লেফেটেনেণ্ট কৰ্ণেল সৌৰভ যাদৱৰ হাস্পতালতে মৃত্যু হয়। আনহাতে সহ-পাইলটগৰাকী সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে।
বৰ্তমানলৈকে এই হেলিকপ্টাৰ দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই। উল্লেখ্য যে, সেনাৰ আন এখন চীতা হেলিকপ্টাৰ চলিত বছৰৰে মাৰ্চ মাহত জম্মু-কাশ্মীৰৰ নিয়ন্ত্ৰণ ৰেখাৰ ওচৰত দুৰ্ঘটনাত পতিত হৈছিল। সেই দুৰ্ঘটনাটো এজন পাইলটৰ মৃত্যু হৈছিল।