ডিজিটেল ডেস্কঃ দিল্লী উচ্চ ন্যায়ালয়ৰ ওচৰত ক্ষমা প্ৰাৰ্থনা বিচাৰিলে ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীয়ে। টেৰিৰ প্ৰাক্তন মুৰব্বী আৰ কে পৌচৌৰীয়ে দখিল কৰা এক গোচৰৰ বাবে ৰিপাব্লিকৰ মুখ্য সম্পাদক গোস্বামীয়ে দিল্লী উচ্চ ন্যায়ালয়ৰ ওচৰত চৰ্তহীন ক্ষমা বিচাৰে।
উল্লেখ্য যে, The Energy and Resources Instituteৰ প্ৰাক্তন মুৰব্বী পৌচৰীয়ে ২০১৬ চনৰ ফেব্ৰুৱাৰীত অৰ্ণৱ গোস্বামীৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰিছিল। যৌন নিৰ্যাতন সম্পৰ্কীয় বাতৰি পৰিবেশন বন্ধ কৰাৰ বাবে পৌচৰীয়ে এক গোচৰ ৰুজু কৰিছিল। সংবাদ মাধ্যমে ইচ্ছাকৃত তথা অৱমাননামূলকভাৱে আদালতৰ আদেশ অনুসৰণ নকৰাৰ বাবে এই গোচৰ ৰুজু কৰা হৈছিল।
আনহাতে বৰ্তমানৰ ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদকগৰাকী উক্ত সময়ছোৱাত টাইমছ নাও চেনেলত কৰ্মৰত আছিল। উক্ত ঘটনাৰ লগত এন ডি টিভিৰ প্ৰণয় ৰয়,ৰাঘৱ ওহৰি, আদিকে ধৰি ভালেকেইগৰাকী সংবাদ প্ৰতিষ্ঠানৰ ব্যক্তিৰ নাম সাঙোৰ খাইছিল। উল্লেখ্য যে, ২০২০ চনত আৰ কে পৌচৌৰীয়ে মৃত্যুবৰণ কৰে।
Also Read: ঢকুৱাখনাত গাঞ্জাসহ এজনক গ্ৰেপ্তাৰ