আদালতৰ মজিয়াত CBI য়ে গ্ৰেপ্তাৰ কৰিলে অৰবিন্দ কেজৰিৱালক...

কেজৰিৱালে প্ৰত্যাহাৰ কৰিলে উচ্চতম ন্যায়ালয়ত দাখিল কৰা জামিন আবেদনো
আদালতৰ মজিয়াত CBI য়ে গ্ৰেপ্তাৰ কৰিলে অৰবিন্দ কেজৰিৱালক...
আদালতৰ মজিয়াত CBI য়ে গ্ৰেপ্তাৰ কৰিলে অৰবিন্দ কেজৰিৱালক...
Published on
Updated on

ডিজিটেল ডেস্কঃ পুনৰ গ্ৰেপ্তাৰ কৰা হ'ল দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক। বুধবাৰে দিল্লীৰ ৰাউচ এভিনিউ আদালতত ইডিয়ে কেজৰিৱালক হাজিৰ কৰাৰ পাছতে চিবিআইয়ে আদালতৰ অনুমতি সাপেক্ষে সুৰা নীতিৰ কেলেংকাৰীৰ অভিযোগতে গ্ৰেপ্তাৰ কৰে। চিবিআয়ে তেঁওক সোধা-পোছাৰ বাবে ৫দিনলৈ ন্যায়িক জিম্মাক বিচাৰিছিল যদিও আদালতে ৩দিনৰ বাবেহে চি বি আইৰ জিম্মালৈ প্ৰেৰণ কৰে।

আদালতত চি বি আইৰ ফালৰ পৰা কোৱা হৈছিল যে, সুৰা নীতি কেলেংকাৰীৰ সন্দৰ্ভত লোকসভা নিৰ্বাচনৰ পূৰ্বে কেজৰিৱালক তেওঁলোকে সোধপোছ কৰিব নোৱাৰিলে। ইয়াৰ পূৰ্বে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোৱে মঙ্গলবাৰে চিবিআইয়ে তিহাৰ কাৰাগাৰতে কেজৰিৱালক পৰীক্ষা কৰি সুৰা নীতি কেলেংকাৰী সন্দৰ্ভত তেওঁৰ ভাষ্য লিপিবদ্ধ কৰিছিল।

আনহাতে দিল্লী উচ্চ ন্যায়ালয়ৰ ৰায়ক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যয়ালয়ত বিচাৰ আদালতৰ জামিন আদেশক কাৰ্যকৰী কৰণৰ বাবে যি আবেদন দাখিল কৰিছিল সেই আবেদনো দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰত্যাহাৰ কৰিছে। ন্যায়াধীশ মনোজ মিশ্ৰ আৰু এছ ভি এন ভাট্টিৰ বিচাৰপীঠে তেওঁক এই আবেদন প্ৰত্যাহাৰৰ অনুমতি প্ৰদান কৰিছে।

আপ নেতাগৰাকীৰ পৰামৰ্শদাতা জ্যেষ্ঠ অধিবক্তা অভিষেক সিংভিয়ে কয় যে, যিহেতু দিল্লী উচ্চ ন্যায়ালয়ে ২৫ জুনত এক বিতং নিৰ্দেশনা প্ৰদান কৰিছে সেয়ে তেওঁ ‘substantial appeal’ দাখিল কৰিব।

দিল্লী উচ্চ ন্যায়ালয়ে মঙলবাৰে বিচাৰ আদালতে প্ৰদান কৰা কেজৰিৱালৰ জামিন আদেশ স্থগিত কৰি কয় যে, বিচাৰ আদালতে অন্ততঃ মানি লণ্ডাৰিং প্ৰতিৰোধ আইনৰ ধাৰা ৪৫ ৰ দ্বৈত চৰ্তাৱলী পূৰণৰ সৈতে সন্তুষ্টি লিপিবদ্ধ কৰিব লাগিছিল। আদালতে লগতে কয় যে ইডিৰ দ্বাৰা উপস্থাপন কৰা সামগ্ৰী, নথিসমূহ সঠিকভাৱে বিবেচনা কৰা হোৱা নাছিল।

উল্লেখ্য যে, যোৱা ২১ মাৰ্চৰ পৰাই ইডিৰ জিম্মাত আছে অৰবিন্দ কেজৰিৱাল। ইয়াৰ মাজতে নিৰ্বাচনৰ প্ৰচাৰৰ বাবে তেওঁক উচ্চতম ন্যায়ালয়ে অন্তৱৰ্তীকানীল জামিন প্ৰদান কৰিছিল।

আদালতৰ মজিয়াত CBI য়ে গ্ৰেপ্তাৰ কৰিলে অৰবিন্দ কেজৰিৱালক...
অগ্নিগৰ্ভা কেনিয়াঃ জ্বলাই দিলে সংসদ ভৱন, ভাৰতীয়লৈ সতৰ্কতা জাৰি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in