ডিজিটেল ডেস্কঃ ৰাহুল গান্ধীৰ সমৰ্থনত থিয় দিলে আম আদমী পাৰ্টীৰ ৰাষ্ট্ৰীয় আহ্বায়ক তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। কেজৰিৱালৰ মতে বিজেপিয়ে বিৰোধী নেতা আৰু বিৰোধী দলক শেষ কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে।
আজি গুজৰাটৰ চুৰাটৰ এখন আদলতে ৰাহুল গান্ধীক ২ বছৰৰ কাৰাদণ্ডৰে দণ্ডিত কৰাৰ পিছতে এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অৰবিন্দ কেজৰিৱালে। ৰাহুল গান্ধীক তেওঁৰ এক মন্তব্যৰ বাবে ২ বছৰৰ কাৰাণ্ড প্ৰদান কৰা আৰু ১ মাহৰ জামিন দিয়া কাৰ্যৰ পিছতে কংগ্ৰেছে শাসনাধিস্ত বিজেপিক সমালোচনাৰ লক্ষ্য কৰি লৈছে। সমান্তৰালকৈ অন্যান্য বিৰোধী দলেও বিজেপিক সমালোচনাৰ লক্ষ্য কৰি লৈছে।
দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ৰাহুল গান্ধীক সমৰ্থন কৰি কয়, অ-বিজেপি নেতা আৰু দলসমূহক আঁতৰ কৰাৰ ষড়যন্ত্ৰ চলি আছে। কংগ্ৰেছৰ সৈতে মতভেদ আছে, কিন্তু ৰাহুল গান্ধীক এনেধৰণৰ মানহানিৰ গোচৰত জড়িত কৰাটো সঠিক নহয়। আমি আদালতক সন্মান কৰোঁ, কিন্তু এই সিদ্ধান্তৰ সৈতে একমত নহয়।
ग़ैर बीजेपी नेताओं और पार्टियों पर मुक़दमे करके उन्हें ख़त्म करने की साज़िश हो रही है
हमारे कांग्रेस से मतभेद हैं मगर राहुल गांधी जी को इस तरह मानहानि मुक़दमे में फ़साना ठीक नहीं। जनता और विपक्ष का काम है सवाल पूछना। हम अदालत का सम्मान करते हैं पर इस निर्णय से असहमत हैं— Arvind Kejriwal (@ArvindKejriwal) March 23, 2023
জেএমএম নেতা তথা ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেনে ৰাহুল গান্ধীৰ সপেক্ষে থিয় দি কয়, ন্যায়িক ব্যৱস্থাৰ ওপৰত সম্পূৰ্ণ বিশ্বাস থকা স্বত্বেও, মই মানহানিৰ গোচৰত ৰাহুল গান্ধীক শাস্তি দিয়াৰ সিদ্ধান্তৰ সৈতে একমত নহয়। অ-বিজেপি চৰকাৰ আৰু নেতাসকল ষড়যন্ত্ৰৰ চিকাৰৰ বলি হৈছে। এইয়া দেশৰ গণতন্ত্ৰ আৰু ৰাজনীতিৰ বাবে চিন্তাৰ বিষয়।
न्यायिक व्यवस्था पर पूरा विश्वास रखते हुए भी मानहानि मामले में श्री @RahulGandhi जी को सजा के निर्णय से असहमत हूँ। गैर-भाजपा सरकारों और नेताओं को षडयंत्र का शिकार बनाया जा रहा है। यह देश के लोकतंत्र और राजनीति के लिए चिंता का विषय है।
मगर जनतंत्र के आगे धनतंत्र की कोई बिसात नहीं।— Hemant Soren (@HemantSorenJMM) March 23, 2023
Also Read: ৰাহুলৰ মুখত মহাত্মাৰ বাণীঃ সাংসদ পদ খাৰিজ কৰাক লৈ চৰ্চা...