পুনৰ যন্তৰ-মন্তৰত অৰবিন্দ কেজৰিৱালঃ জনতা কি আদালতৰ পৰা বিজেপিক তীক্ষ্ণ সমালোচনা...

পুনৰ জন্তৰ মন্তৰত অৰবিন্দ কেজেৰিৱালঃ জনতা কি আদালতৰ পৰা বিজেপিক তীক্ষ্ণ সমালোচনা...
পুনৰ জন্তৰ মন্তৰত অৰবিন্দ কেজেৰিৱালঃ জনতা কি আদালতৰ পৰা বিজেপিক তীক্ষ্ণ সমালোচনা...
Published on
Updated on

ডিজিটেল ডেস্কঃ আৰ এছ এছৰ প্ৰমুখ মোহন ভগৱতলৈ পাঁচটা মুকলি প্ৰশ্ন কৰিছে দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। যন্তৰ-মন্তৰত আজি জনতা কি আদালত শীৰ্ষক এক জনসভাত অংশগ্ৰহণ কৰি অৰবিন্দ কেজৰিৱালে বৰ্তমানৰ বিজেপি চৰকাৰ, বিজপিৰ নেতৃত্ব আৰু তেওঁলোকৰ বিতৰ্কিত মন্তব্যক লৈ এই পাঁচটা মুকলি প্ৰশ্ন উত্থাপন কৰিছে।

কাৰাগাৰৰ পৰা ওলাই অহাৰ পাছত দিল্লীৰ মুখ্যমন্ত্ৰীৰো পদ ত্যাগ কৰা অৰবিন্দ কেজৰিৱালে আজি জনতা কি আদালতত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীৰ পদৰ পৰা অব্যাহতি লোৱাৰো কাৰণ ব্যাখ্যা কৰে। তেওঁ কয়, মই দুৰ্নীতি কৰিবলৈ, ধন ঘটিবলৈ ৰাজনীতিলৈ অহা নাছিলো। ধন ঘটাৰ ইচ্ছা থকা হ'লে মই ইনকাম টেক্স কমিচনাৰৰ চাকৰি কৰিলো হয়। সেই চাকৰিত যিমান ইচ্ছা সিমান টকা ইনকাম কৰিব পাৰি। মোৰ ক্ষমতাৰ ভোক নাই। মুখ্যমন্ত্ৰীৰ আসনখনৰ ভোক মোৰ নাই। দেশৰ বাবেহে ৰাজনীতিলৈ আহিছিলো।

উল্লেখ্য যে, এই যন্তৰ-মন্তৰৰ পৰাই অৰবিন্দ কেজৰিৱালে ৰাজনীতি আৰম্ভ কৰিছিল। ২০১১ ৰ ৪ এপ্ৰিলত ইয়াৰ পৰাই দেশজুৰি আৰম্ভ হৈছিল আন্না হাজাৰেৰ নেতৃৃত্বত হোৱা লোকপাল আন্দোলন।

এই লোকপাল আৰু দুৰ্নীতি বিৰোধী আন্দোলনৰ অন্যতম নেতা আছিল অৰবিন্দ কেজৰিৱাল। তাৰ পাছতেই তেওঁ আন্না হাজাৰেৰ সংগ ত্যাগ কৰি দিল্লীত আম আদমি পাৰ্টি গঠন কৰে আৰু প্ৰথমবাৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিয়েই চৰকাৰ গঠন কৰে।

সেই সময়ত তেওঁ কংগ্ৰেছৰ দুৰ্নীতিৰ বিৰুদ্ধে সৰৱ হৈছিল। আজি তেওঁ এই জনতা কি আদালতৰ মঞ্চত বিজেপিৰ বিৰুদ্ধে সৰৱ হয়। লক্ষ্যণীয় ভাৱে এসময়ত যি দুৰ্নীতিত নিমজ্জিত কংগ্ৰেছী নেতাৰ বিৰুদ্ধে তেওঁ মাত মাতিছিল সেই নেতাই এতিয়া আকৌ বিজেপিৰ ৱাছিং মেচিনত ডুব মাৰি স্বচ্ছতাৰ পোচাক পৰিধান কৰিছে।

আজি কেজৰিৱালৰ ভাষণত এই কথাবোৰেও স্থান লাভ কৰিলে। তেওঁ মোহন ভগৱতক যি পাঁচটা প্ৰশ্ন কৰিলে সেই পাঁচটা প্ৰশ্নই দেশজুৰি চৰ্চা লাভ কৰিছে। কেজৰিৱালে জনতা কি আদলতৰ মঞ্চৰ পৰা কয়, মই সম্পূৰ্ণ সন্মানসহকাৰে মোহন ভগৱত ডাঙৰীয়াক পাঁচটা প্ৰশ্ন কৰিব বিচাৰিছো।

তেওঁ প্ৰথম প্ৰশ্নত কয়, যিদৰে মোডীজীয়ে লোভ দেখুৱাই, ইডি, চি বি আইৰ ধমকি দি বেলেগ দল ভাঙিছে, নেতাক দল ত্যাগ কৰিবলৈ বাধ্য কৰিছে এয়া গণতন্ত্ৰৰ বাবে শুদ্ধ নে ক্ষতিকাৰক?

তেওঁ দ্বিতীয় প্ৰশ্ন উত্থাপন কৰি কয়, দেশৰ সকলোতকৈ দুৰ্নীতিকাৰী নেতাক, যিসকলক স্বয়ং মোডীজী, অমিত শ্বাহজীয়ে দুৰ্নীতিকাৰী বুলি উল্লেখ কৰিছিল, তেওঁলোককে মোডীজীয়ে এতিয়া দলত চামিল কৰালে। মোহন ভগৱতজীয়ে এনেকুৱা ৰাজনীতিৰ কল্পনা কৰিছিল নে?

কেজৰিৱালে পুনৰ প্ৰশ্ন কৰি কয়, বিজেপি আৰ এছ এছৰ গৰ্ভৰ পৰা জন্মগ্ৰহণ কৰিছিল। বিজেপি দলটো পথভ্ৰষ্ট যাতে নহয় সেয়া লক্ষ্য কৰাৰ দায়িত্ব আৰ এছ এছৰ। মোহন ভগৱতজীয়ে মোডীজীক এনেবোৰ কামত বাধা দিছেনে? লোকসভা নিৰ্বাচনৰ সময়ত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নড্ডাই কৰা এক মন্তব্যও কেজৰিৱালে উল্লেখ কৰে।

তেওঁ কয়, লোকসভা নিৰ্বাচনৰ সময়ত জেপি নড্ডাজীয়ে কৈছিল বিজেপিক এতিয়া আৰ এছ এছৰ প্ৰয়োজন নাই। আৰ এছ এছ বিজেপিৰ মাতৃৰ সমান। তাৰমানে পুত্ৰ ইমান ডাঙৰ হৈ গ'ল যে, এতিয়া নিজৰ মাতৃকে চকু দেখুৱাব পৰা হৈ গ'ল? যেতিয়া জেপি নড্ডাই এই কথা কৈছিল তেতিয়া আপোনাৰ কেনেকুৱা লাগিছিল?

তেওঁ পুনৰ কয়, অমিত শ্বাহজীয়ে কৈছিল ৭৫ বছৰত অৱসৰ লোৱাৰ নিয়ম মোডীজীৰ ক্ষেত্ৰত প্ৰয়োগ নহ'ব। মোহন ভগৱত জীক সুধিব বিচাৰো, যি নিয়ম আদৱানীজী আৰু অন্য নেতাৰ ওপৰত কাৰ্যকৰী হৈছিল সেই নিয়ম মোডীজীৰ ক্ষেত্ৰত কাৰ্যকৰী নহ'ব নেকি?

এইদৰেই অৰবিন্দ কেজৰিৱালে আজি বিজেপিৰ সন্দৰ্ভত আৰ এছ এছ নেতা মোহন ভগৱতকহে প্ৰশ্ন কৰিলে। মন কৰিবলগীয়া যে, কেজৰিৱালে এনে এক সময়ত আৰ এছ এছৰ নেতাগৰাকীক এই প্ৰশ্ন কৰিছে যি সময়ত বিজেপি আৰু আৰ এছ এছৰ মাজৰ দুৰত্ব ক্ৰমান্বয়ে বৃদ্ধি পাইছে।

আৰ এছ এছৰ শিবিৰত প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰীৰ কামকাজৰ বিৰুদ্ধে অসন্তুষ্টি বৃদ্ধি পাইছে। এতিয়া এই প্ৰশ্নৰ উত্তৰ মোহন ভগৱতে কেনেকৈ দিয়ে সেয়াহে হ'ব লক্ষ্যণীয়।

পুনৰ জন্তৰ মন্তৰত অৰবিন্দ কেজেৰিৱালঃ জনতা কি আদালতৰ পৰা বিজেপিক তীক্ষ্ণ সমালোচনা...
৪৩ দিনীয়া প্ৰতিবাদৰ অৱসান ! কৰ্তব্যলৈ ঘূৰিল কনিষ্ঠ চিকিৎসক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in