ডিজিটেল ডেস্কঃ ৪৩ সংখ্যক ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলা (IITF)-২০২৪ ত আজি অসম দিৱস উদযাপন কৰা হয়। অনুষ্ঠানত অসমৰ সমৃদ্ধ সাংস্কৃতিক ঐতিহ্য আৰু বৈচিত্ৰ্য প্ৰদৰ্শনৰ বাবে সত্ৰীয়া নৃত্য, বিহু নৃত্য, কাৰ্বি আৰু তিৱা লোক নৃত্যৰ দৰে বিভিন্ন সাংস্কৃতিক নৃত্য পৰিৱেশন কৰা হয়।
তাৰোপৰি কণ্ঠশিল্পী মাধৱ ৰঞ্জন গগৈয়ে ভাৰত মণ্ডপৰ এম্ফিথিয়েটাৰ-১ ত সংগীত পৰিবেশন কৰি সকলোকে আপ্লুত কৰে। অসম চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য, ৰাজহুৱা উদ্যোগ আৰু সংস্কৃতি মন্ত্ৰী বিমল বৰা এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে।
মন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষণত কয়, "প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াৰ নেতৃত্বত অসমে উল্লেখযোগ্য অগ্ৰগতি লাভ কৰিছে। অসমে যথেষ্ট বিনিয়োগ লাভ কৰিছে, যাৰ ভিতৰত আছে ২৭,০০০ কোটি টকাৰ ছেমি কণ্ডাক্টৰ, বিভিন্ন কোম্পানীৰ সৈতে ১৩,০০০ কোটি টকাৰ বুজাবুজি চুক্তি আৰু ৭,০০০ কোটি টকাৰ গ্ৰীণফিল্ড প্ৰকল্প।”
মন্ত্ৰীগৰাকীয়ে লগতে জনায় যে, অহা বছৰৰ ফেব্ৰুৱাৰীত গুৱাহাটীত আন্তঃৰাষ্ট্ৰীয় বিনিয়োগকাৰী সন্মিলন ২.০ অনুষ্ঠিত হ'ব। তেওঁ অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰচেষ্টাকো প্ৰশংসা কৰে।
তেওঁ লগতে কয়, "প্ৰধানমন্ত্ৰী মোডীৰ 'মেক ইন ইণ্ডিয়া', 'ষ্টাৰ্ট আপ ইণ্ডিয়া', 'ডিজিটেল ইণ্ডিয়া' আৰু দক্ষতা বিকাশৰ দৰে পদক্ষেপে অসম আৰু দেশৰ অন্যান্য প্ৰান্তলৈ বিপ্লৱ কঢ়িয়াই আনিছে।"
অনুষ্ঠানত অংশগ্ৰহণ কৰি সাংসদ দিলীপ শইকীয়াই কয় যে, অসমত দ্ৰুতগতিত উন্নয়ন হৈছে। শীঘ্ৰেই দেশৰ পাঁচখন উন্নত ৰাজ্যৰ তালিকাত অসম অন্তৰ্ভুক্ত হ'ব।
তেওঁ কয়, ইয়াৰ পূৰ্বে অসম আৰু উত্তৰ-পূবক প্ৰধানমন্ত্ৰী মোডী দিয়া গুৰুত্বৰ দৰে কোনো প্ৰধানমন্ত্ৰীয়ে গুৰুত্ব দিয়া নাই। আজি MSME খণ্ড দ্ৰুতগতিত বৃদ্ধি পাইছে আৰু অসম আৰু দেশৰ উন্নয়নত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই আছে।
অনুষ্ঠানত অসম চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য বিভাগৰ সচিব ইন্দিৰা কলিতাই আদৰণি ভাষণ প্ৰদান কৰে। অনুষ্ঠানটোত অসম ৰাজ্যিক ঔদ্যোগিক উন্নয়ন নিগমৰ (এ আই ডি চি) পৰিচালনা সঞ্চালক মানবেন্দ্ৰ প্ৰতাপ সিং, উপাধ্যক্ষ নৱদীপ কলিতা আৰু অসম ভৱনৰ অ' এছ ডি বৈশালী নায়েকো উপস্থিত থাকে।
ইয়াৰ পূৰ্বে মন্ত্ৰী বিমল বৰাই পেভিলিয়নৰ সঞ্চালক দেৱজিৎ ফুকন আৰু অন্যান্য উচ্চ বিষয়াসকলৰ সৈতে অসম পেভিলিয়নৰ বিভিন্ন ষ্টলসমূহ পৰিদৰ্শন কৰে আৰু চৰকাৰী বিভাগ আৰু পিএছইউ বিষয়াসকলৰ সৈতে বাৰ্তালাপ কৰে।
এই বাণিজ্য মলেত ৭ টা চৰকাৰী বিভাগ আৰু পি এছ ইউ- DIPR, পৰ্যটন, নেডফি, AIDC, AGMC, চাহ সঞ্চালকালয়, গুৱাহাটী চাহ নিলাম কেন্দ্ৰকে ধৰি মুঠ ৩৭ টা MSME গোট আৰু ষ্টাৰ্ট-আপে অংশগ্ৰহণ কৰিছে। বিভিন্ন সামগ্ৰী যেনে হস্তশিল্প আৰু বস্ত্ৰ, জলজ শস্য, চাহ আৰু পিতলধাতু আদি প্ৰদৰ্শন কৰিছে।
অসম পেভিলিয়নৰ এক উল্লেখযোগ্য ষ্টল হৈছে আগৰৰ ষ্টল আৰু এম জে আই পাৰফিউমৰ সুগন্ধি আৰু আগৰৰ অন্যান্য সামগ্ৰী। এইটো হৈছে অসমৰ প্ৰথম অনুজ্ঞাপ্ৰাপ্ত সুগন্ধি আৰু আগৰ নিৰ্মাণ আৰু খুচুৰা গোট।
এই বছৰ এই বাণিজ্য মেলাৰ মূল বিষয় হৈছে 'Viksit Bharat@2047'। এই অনুষ্ঠানে অসমক 'Viksit Assam @2047'ৰ প্ৰদৰ্শন কৰাৰ বাবে এক আদৰ্শ মঞ্চ প্ৰদান কৰিছে।
তদুপৰি ইয়াত নৱীকৰণযোগ্য শক্তি খণ্ডত ৰাজ্যৰ অগ্ৰগতি, ইউনিটি মল প্ৰকল্পৰ বাবে ODOP ৰ প্ৰচাৰৰ পদক্ষেপ আৰু স্বাস্থ্য খণ্ডৰ লোকসকলৰ সেৱা প্ৰাপ্ত কৰাৰ চৰকাৰৰ প্ৰচেষ্টাৰ ওপৰত আলোকপাত কৰে। ইণ্ডিয়া ট্ৰেড প্ৰমোচন অৰ্গেনাইজেচনৰ দ্বাৰা ৰাষ্ট্ৰীয় ৰাজধানীত আয়োজন কৰা ৪৩ সংখ্যক আই আই টি এফ ২৭ নৱেম্বৰত সমাপ্ত হ'ব।