ডিজিটেল সংবাদ, মাজুলীঃ পুনৰ বহিঃৰাজ্যত মৃত্যু আন এজন অসমীয়া যুৱকৰ। কৰ্মসংস্থাপনৰ বাবে বহিঃৰাজ্যলৈ ঢাপলি মেলা মাজুলীৰ এজন যুৱকে আকস্মিকভাৱে আঁকোৱালি লয় মৃত্যুক। যুৱকজনৰ নাম ৰাকেশ বৰা। পৰিয়ালৰ অভিযোগ অনুসৰি বন্ধুৱে হত্যা কৰিছে ৰাকেশক। ৰাকেশ মাজুলী জিলাৰ জেংৰাইমুখ আৰক্ষী থানাৰ অন্তৰ্গত ৰঙাচাহী গাঁও পঞ্চায়তৰ নিকিনিখোৱা গাঁৱৰ নিবাসী সুভাষ বৰাৰ পুত্ৰ।
উল্লেখ্য যে ৰাকেশৰ মৃতদেহ ঘৰলৈ অনাত অসমৰ্থ পৰিয়ালবৰ্গ, যাৰ বাবে মাজুলীৰ বিধায়ক ভূৱন গাম আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক মৃতদেহ আনিবলৈ কাতৰ অনুৰোধ জনাইছে পৰিয়ালে। ইপিনে ৰাকেশ মৃত্যুৰ খবৰ লাভ কৰা পাছত মাতৃৰ হিয়া ভগা কান্দোন। কৰ্মসূত্ৰে হায়দৰাবাদত থকা উদীয়মান যুৱক ৰাকেশ বৰা(২২)ৰ বিগত ৩দিন ধৰি কোনো ধৰণৰ শুংসূত্ৰ নাছিল আৰু দেওবাৰে আকস্মিক ভাৱে মৃত্যু হৈছে বুলি পৰিয়ালৰ লোকে খবৰ লাভ কৰাত মাজুলীৰ ঘৰত শোকাকুল পৰিৱেশে বিৰাজ কৰে।
ৰাকেশ বৰাই পিতৃ সুভাষ বৰাৰ সৈতে কৰ্ম সংস্থাপন বিচাৰি যোৱা ৪বছৰৰ পূৰ্বে মাজুলীৰ পৰা হায়দৰাবাদলৈ বুলি ওলাই যায়। পিতা-পুত্ৰ দুয়োগৰাকী বহুজাতিক কোম্পানীত বিগত ৪বছৰ ধৰি কাম কৰি আছিল। দুয়োৰে মাজত থকা ৰুমৰ দূৰত্ব প্ৰায় ১০কিলোমিটাৰ। ঘটনামতে যোৱা ২২ ছেপ্টেম্বৰৰ সন্ধিয়া প্ৰায় ৫বজাত সামগ্ৰী কিনিবলৈ ৰুমৰ পৰা দোকানলৈ বুলি ওলাই যায় ঘূৰি নাহিল ৰাকেশ । ২৩ ছেপ্টেম্বৰ পৰ্য্যন্ত ৰাকেশৰ কোনো সুং-সূত্ৰ লাভ নকৰাত সন্দেহ প্ৰকাশ কৰি আৰক্ষী থানাত পিতৃ সুভাষ বৰাই এজাৰৰ দাখিল কৰে।
পৰৱৰ্তী সময়ত আৰক্ষীয়ে ৰাকেশৰ সন্ধানত অভিযান চলাই ২৩ ছেপ্টেম্বৰৰ দিনা তেওঁৰ মোবাইল উদ্ধাৰ কৰে। ইয়াৰ পিছত পৰিয়ালৰ লোকে মাজুলী জিলা উপায়ুক্তক বিষয়টো অৱগত কৰে। ইয়াৰ পাছতে বিয়লি প্ৰায় ৪ বজাত এটা ড্ৰেনৰ মাজত পৰি থকা অৱস্থাত ৰাকেশ বৰাৰ মৃতদেহ উদ্ধাৰ হোৱা বুলি মাজুলী জিলা প্ৰশাসনে পৰিয়ালয়ৰ লোকক জানিবলৈ দিয়ে।
Also Read: বিধ্বস্ত পথে জ্বলা-কলা খুৱাইছে ৰাইজক : পুৰুষ-মহিলাৰ তীব্ৰ প্ৰতিবাদ