ইউনিকোডত অসমীয়া লিপিৰ স্বীকৃতিৰ দাবীত ৰাজ্যসভাত সৰৱ পবিত্ৰ মাৰ্ঘেৰিটা

ইউনিকোডত অসমীয়া লিপিৰ স্বীকৃতিৰ দাবীত ৰাজ্যসভাত সৰৱ পবিত্ৰ মাৰ্ঘেৰিটা
Published on
Updated on

ডিজিটেল ডেস্কঃ অসমীয়া ভাষাৰ লিপি ইউনিকোডত স্বীকৃতি প্ৰদান কৰাৰ দাবীত প্ৰথমবাৰৰ বাবে ৰাজ্যসভাত সৰৱ হল সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা। বুধবাৰে সাংসদগৰাকীয়ে সদনত সজোৰে এই দাবী উত্থাপন কৰে।

সাংসদ মাৰ্ঘেৰিটাই কয় যে, অসমীয়া ভাষা এক ঐতিহাসিক ভাষা। সেয়ে তেওঁৰ সদনৰ জৰিয়তে এই ভাষাৰ লিপি আই এছ অ' ১৫৯২৪ স্বীকৃতি প্ৰদানৰ বাবে উদ্যোগ গ্ৰহণৰ আহ্বান জনায়।

সংসদত তেওঁ কয়, ইতিমধ্যে পূৰ্বৰ অধিৱেশনত অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদান কৰিবলৈ দাবী উত্থাপন কৰিছিলো। সমান্তৰালকৈ অসম সাহিত্য সভা, অসম প্ৰকাশন পৰিষদ আৰু অসম চৰকাৰে এই সন্দৰ্ভত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে।

তেওঁ পুনৰ কয় যে, এইবাৰ মই অসমীয়া লিপিক আই এছ অ' ১৫৯২৪, ২০০৪ আৰু আই এছ অ'/আই ই চি ১০৬৪৬ ৰ স্বীকৃতিৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ দাবী জনাইছো। চাৰি শতিকাৰ আৰম্ভণিতে আৰম্ভ হৈছিল অসমীয়া ভাষাৰ লিপিৰ ব্যৱহাৰ। কিন্তু দুৰ্ভাগ্যজনক ভাৱে প্ৰয়োজনীয় আই এছ অ'ৰ অভাৱত ইউনিকোডত অসমীয়া ভাষা এতিয়াও সঠিক ভাৱে স্বীকৃিত পোৱা নাই।

ইতিপূৰ্বে অসমীয়া লিপিয়ে Indian Standard Code for Information Interchange ত স্বীকৃতি লাভ কৰিছে। এ এছ চি আই আই আৰু আই এছ চি আই আইৰ ৫৭০০ কোডত স্বীকৃতি লাভ কৰিছিল। ইণ্ডিক স্ক্ৰীপ্টতো স্বীকৃতি দিয়া হৈছিল অসমীয়া ভাষাৰ লিপিক।

বি আই এছ এলে অসমীয়া ভাষাৰ লিপিক এটা স্বতন্ত্ৰ লিপি হিচাপে ১৯৯১ চনতে এনকোড কৰিছিল। কিন্তু ইউনিকোডত অন্তৰ্ভুক্তিৰ বাবে অসমীয়া ভাষাক প্ৰতিনিধিত্ব কৰিবৰ বাবে প্ৰয়োজনীয় আই এছ অ'/ আই এই চি ১০৬৪৬ কোডত অসমীয়া লিপি হেৰাই আছে।

একেদৰে ইউনিকোডৰে সম্পৰ্কীত আই এছ অ'/ আই ই চি ১০৬৪৬ত অসমীয়া লিপিক সঠিক ভাৱে স্বীকৃতি দিয়া নাই। আৰু সেয়েহে অসমীয়া ভাষাক উইনিকোডৰ স্বীকৃতিৰ ক্ষেত্ৰত ব্যৱহাৰৰ বাবে অনুৰোধ জনাই সাংসদগৰাকীয়ে।

উল্লেখযোগ্য যে, কম্পিউটাৰ চফ্টৱেৰত নিৰ্দিষ্ট এটা সংখ্যাৰ বিপৰীতে বৰ্ণ আৰু চিহ্নৰ কেৰেকটাৰ সংস্থাপিত হৈ থাকে। আমেৰিকা যুক্ত ৰাষ্ট্ৰৰ তিনিগৰাকী কম্পিউটাৰ বিশেষজ্ঞ মাৰ্ক ডেভিছ, জু বেকাৰ আৰু লি কালিনছে ১৯৯১ চনত গঠন কৰিছিল ইউনিকোড কনচটৰিয়াম।

এয়া আছিল বিশ্বজনীন লিপি বিষয়ক আন্তৰ্জাকিত অনুষ্ঠান। য'ত কম্পিউটাৰ চফ্টৱেৰ মাধ্যমত এটা ভাষাৰ বৰ্ণক নিৰ্দিষ্ট কোডসহ নিৰূপণ কৰা হৈছিল। এই কেৰেকটাৰ বোৰৰ মাপক একেলগে থুপাই আই এছ অ'/আই ই চি ১০৬৪৬ স্থুলত সন্নৱিষ্ট কৰা হৈছে।

যেতিয়া কম্পিউটাৰ চফ্টৱেৰে কোনো ভাষাৰ চিহ্ন, প্ৰতিচ্ছবি বা বৰ্ণ গ্ৰহণ কৰে তেতিয়াই সেই ভাষাৰ নিৰ্দিষ্ট কেৰেকটাৰৰ সৈতে সংযোগ স্থাপন কৰি ইয়াৰ শুদ্ধ ৰূপ কম্পিউটাৰৰ পৰ্দাত তুলি ধৰে। এই সৰ্বগ্ৰহণ যোগ্যতা কম্পউটাৰ লিপিৰ ক্ষেত্ৰত অসমীয়া ভাষাৰ আজিও সঠিক ভাৱে ইউনিকোডত অন্তৰ্ভুক্ত নহ'ল।

বৰঞ্চ ই বাঙলাৰ সহযোগী হৈয়ে আছে এতিয়াও। মন কৰিবলগীয়া যে, ইউনিকোড কনচটৰিয়ামে প্ৰায়বোৰ দেশলৈ তেওঁলোকৰ লিপিবোৰ ইউনিকোডত অন্তৰ্ভুক্ত কৰিবলৈ ব্যৱস্থা লবলৈ অনুৰোধ কৰিছিল। সেইমতে প্ৰত্যক দেশে ইউনিকোড মাপ নিৰ্ণায়ক সংস্থা গঠণ কৰি এই মাপ হাতত লৈছিল।

ভাৰতত কেন্দ্ৰীয় চৰকাৰে গঠন কৰা এই ইউনিকোডৰ মাপ নিৰ্ণায়ক সংস্থাই দেশৰ ঐতিহাসিক আৰু স্বকীয় ভাষা লিপিৰ তালিকাত ইউনিকোডৰ কনচটৰিয়ামলৈ প্ৰেৰণ কৰিছিল যদিও সেই তালিকাত অসমীয়া ভাষাৰ লিপিক স্বতন্ত্ৰ আৰু ঐতিহাসিক স্বকীয় লিপি হিচাপে চিহ্নীত কৰা নাছিল।

ইয়াৰ বাবেই অসমীয়া ভাষাই আজিও ইউনিকোডত নিজা লিপিৰ স্বীকৃতি লাভ কৰা নাই। সাম্প্ৰতিক সময়ত কম্পিউটাৰৰ ব্যৱহাৰে বিপ্লৱ অনাৰ সময়ত সেয়া অসমীয়া ভাষাৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান হিচাপে থিয় দিছে।

ৰাজ্যৰ বিভিন্ন জাতীয় অনুষ্ঠানে এই দিশত কামকাজ কৰি থকাৰ সমান্তৰাল ভাৱে অসমীয়া ভাষাৰ লিপি ইউনিকোডৰ স্বীকৃতিৰ বাবে সাংসদ মাৰ্ঘেৰিটাই সদনত বিষয়টো উত্থাপন কৰাৰ পাছত ভাৰত চৰকাৰে কি পদক্ষেপ গ্ৰহণ কৰে সেয়া লক্ষণীয় হৈ পৰিছে।

ইউনিকোডত অসমীয়া লিপিৰ স্বীকৃতিৰ দাবীত ৰাজ্যসভাত সৰৱ পবিত্ৰ মাৰ্ঘেৰিটা
আৰম্ভ হ'ল উত্তৰ-পশ্চিম যোৰহাট ক্ৰীড়া সন্থাৰ আন্তঃক্লাব ফুটবল প্ৰতিযোগীতা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in