ৰামায়ণৰ ভৰতৰ দৰেই দিল্লী শাসন কৰিব আতিশীয়ে !

অৰবিন্দ কেজৰিৱালে বহা মুখ্যমন্ত্ৰীৰ আসনত নবহে আতিশী

author-image
Asomiya Pratidin
New Update
ৰামায়ণৰ ভৰতৰ দৰেই দিল্লী শাসন কৰিব আতিশীয়ে !

ৰামায়ণৰ ভৰতৰ দৰেই দিল্লী শাসন কৰিব আতিশীয়ে !

ডিজিটেল ডেস্কঃ অযোধ্যাৰ সিংহাসন লাভ কৰাৰ পাছতো পত্নী সীতা আৰু ভাতৃ লক্ষ্মণৰ সৈতে বনবাসলৈ যাবলগীয়া হৈছিল ৰামচন্দ্ৰ। ৰামৰ এই বনবাসৰ সময়ত অযোধ্যাৰ সিংহাসন ভৰতে লাভ কৰিছিল যদিও তেওঁ সেই আসনত নবহিল। ৰামে পৰিধান কৰা খৰমজোৰকে সিংহাসনত ৰাখি ৰাজ্য শাসন কৰিছিল ভৰতে।

কলি যুগতো এতিয়া ৰামায়ণৰ সেই ঘটনাৰেই যেন পুনৰ দেখিবলৈ পোৱা গৈছে দিল্লীত। অৰবিন্দ কেজৰিৱালে পদত্যাগ কৰাৰ পাছত দিল্লীৰ নতুনকৈ মুখ্যমন্ত্ৰীৰ আসনত বহা আতিশীয়ে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত মুখ্যমন্ত্ৰীৰ আসনখনৰ পৰিবৰ্তে আন এখন আসনতহে বহি ৰাজ্য পৰিচালনা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

তেওঁৰ মতে দিল্লীৰ মুখ্যমন্ত্ৰীৰ আসনখন অৰবিন্দ কেজৰিৱালৰহে। সেয়ে তেওঁ আজি স্পষ্টকৈ কয়, ভৰতৰ আদৰ্শ মানিয়েই তেওঁ অহা চাৰি মাহ ৰাজ্য দিল্লীক পৰিচালনা কৰিব। শনিবাৰে মুখ্যমন্ত্ৰী হিচাপে শপত লোৱা আতিশীয়ে সোমবাৰে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়লৈ গৈ দায়িত্ব চম্ভালিছে।

কিন্তু তেওঁ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত থকা মুখ্যমন্ত্ৰীৰ আসনখনত বহাৰ পৰা বিৰত আছে। মুখ্যমন্ত্ৰীৰ আসনখনৰ কাষতেই আন এখন আসন লৈ তেওঁ দায়িত্ব পালন কৰিছে।

আতিশীয়ে এই সন্দৰ্ভত কয়, ভৰতৰ দৰেই আজি ময়ো এটা দায়িত্ব পালন কৰিছো। যিদৰে তেওঁ ৰামৰ খৰম সিংহাখনত ৰাখি ৰাজ্য শাসন কৰিছিল, ময়ো সেইদৰেই অহা চাৰি মাহৰ বাবে দিল্লীক পৰিচালনা কৰিম।

আতিশীৰ মতে মুখ্যমন্ত্ৰীৰ আসনখন অৰবিন্দ কেজৰিৱালৰহে। অহা ফেব্ৰুৱাৰী মাহত আপৰ মুৰব্বীগৰাকী পুনৰ নিৰ্বাচিত হৈ এই আসনখনত বহিব। তেতিয়ালৈকে এই আসনখন এনেকৈয়ে থাকিব। তাত তেওঁ নবহে।

উল্লেখ্য যে, যোৱা শনিবাৰে বয়লি ৪ বজাত দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে লেফটেনেণ্ট গভৰ্নৰ ভিকে ছাক্সেনাই আতিশীক দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে শপত বাক্য পাঠ কৰোৱাইছিল। তেওঁৰ সৈতেই আপৰ আন ৫ গৰাকী বিধায়কেও মন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিছিল।

Also Read: হাজোৰ দিহিনাত দেৱী দুৰ্গাৰ মূৰ্তি দান কৰিলে মুছলমান যুৱকে...

দিল্লী অৰবিন্দ কেজৰিৱাল আতিশী মাৰ্লেনা