পানীৰ সংকটত লাখ লাখ জনতাঃ অনশনত বহিল আতিশী মাৰ্লেনা...

কাৰাগাৰৰ পৰা কেজৰিৱালে ক'লে- 'তৃষ্ণাতুৰক পানী দিয়া আমাৰ সংস্কৃতি। ইয়াক লৈ ৰাজনীতি কৰা উচিত নহয়।'
পানীৰ সংকটত লাখ লাখ জনতাঃ অনশনত বহিল আতিশী মাৰ্লেনা...
পানীৰ সংকটত লাখ লাখ জনতাঃ অনশনত বহিল আতিশী মাৰ্লেনা...
Published on
Updated on

ডিজিটেল ডেস্কঃ দিল্লীত সৃষ্টি হোৱা তীব্ৰ জলসংকট সমাধানৰ দাবীৰে শুকুৰবাৰে অনিৰ্দিষ্টকালীন অনশনত বহিছে দিল্লী চৰকাৰৰ মন্ত্ৰী তথা আম আদমি পাৰ্টিৰ নেত্ৰী আতিশী মাৰ্লেনাই। তেওঁৰ এই প্ৰতিবাদত সহযোগ কৰিলে দলটোৰ বহু নেতা-কৰ্মীয়ে। আনহাতে কাৰাগাৰৰ পৰাই আতিশী মাৰ্লেনাৰ এই প্ৰতিবাদী কাৰ্যসূচীক আদৰণি জনাইছে অৰবিন্দ কেজৰিৱালে।

কৰাগাৰৰ পৰা প্ৰেৰণ কৰা এক বাৰ্তাত অৰবিন্দ কেজৰিৱালে কয়, তৃষ্ণাতুৰক পানী দিয়া আমাৰ সংস্কৃতি। ইয়াক লৈ ৰাজনীতি কৰা উচিত নহয়।

উল্লেখ্য যে, প্ৰচণ্ড গৰমৰ ফলত দিল্লীৰ বিভিন্ন স্থানত পানীৰ নাটনিৰ সৃষ্টি হৈ আহিছে। পানীক কেন্দ্ৰ কৰি ৰাজধানীৰ একাধিক অঞ্চলত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতি। চাণক্যপুৰীৰ সঞ্জয় কেম্প আৰু গীতা কলনী এলেকাত জলসংকটে দেখা দিছে। এক বাল্টি পানী সংগ্ৰহৰ বাবে দীৰ্ঘ সময় অপেক্ষা কৰাৰ লগতে দীঘলীয়া শাৰীপাতিবলগীয়া হৈছে।   

এনে পৰিস্থিতিত প্ৰতিবেশী ৰাজ্যৰ পৰা সহায় বিচাৰিছিল দিল্লী চৰকাৰে। আনকি এই বিষয়ত দিল্লী চৰকাৰ উচ্চতম ন্যায়ালয়ৰ মজিয়াও পাইছেগৈ। তাৰ মাজতেই আতিশী মাৰ্লেনাই পানীৰ সমস্যা সমাধানৰ দাবীৰে প্ৰতিবাদত বহা কাৰ্যই এতিয়া চৰ্চা লাভ কৰিছে।

ইয়াৰ পূৰ্বে আতিশীয়ে জলসংকট দূৰ কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ পত্ৰও প্ৰেৰণ কৰিছিল। সেই পত্ৰত তেওঁ জনাইছিল ২১ জুনৰ ভিতৰত যদিহে দিল্লীৰ জলসংকট দূৰ কৰাৰ কাৰণে কোনো পদক্ষেপ গ্ৰহণ নকৰে তেন্তে অনিৰ্দিষ্টকালীন প্ৰতিবাদী কাৰ্যসূচীত বহিব।

সেই অনুসৰিয়েই নিৰ্ধাৰিত সময়ৰ ভিতৰত নৰেন্দ্ৰ মোডী তথা কেন্দ্ৰীয় চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত আতিশীয়ে অনিৰ্দিষ্টকালীন প্ৰতিবাদত লিপ্ত হৈছে। দক্ষিণ দিল্লীৰ ভোগালত আজি জল সত্যাগ্ৰহ কাৰ্যসূচী আৰম্ভ কৰা আতিশীৰ কাষত থিয় দিছে অৰবিন্দ কেজৰিৱালৰ পত্নী সুনীতা, আপৰ সাংসদ সঞ্জয় সিং, দিল্লী মন্ত্ৰী সৌৰভ ভৰদ্বাজসহ একাধিক আপ নেতা।

আতিশীৰ এই জল সত্যাগ্ৰহ কাৰ্যসূচীত আতিশীৰ কাষত থাকিব নোৱাৰিলেও কাৰাগাৰৰ পৰাই অৰবিন্দ কেজৰিৱালে শুভেচ্ছা জনাই এক পত্ৰত লিখিছে, তীব্ৰ তাপপ্ৰবাহৰ সময়ত মানুহ কিদৰে জলসংকটত ভূগিছে সেয়া টিভিত দেখি মই অতিকৈ মৰ্মাহত। তৃষ্ণাতুৰক পানী দিয়াটো আমাৰ সংস্কৃতি। দিল্লীৰ প্ৰতিবেশী ৰাজ্যসমূহত পানী আছে। এই কঠিন পৰিস্থিতিত আমাৰ প্ৰতিবেশী ৰাজ্যসমূহৰ পৰা সাহায্য আশা কৰিছিলোঁ। কিন্তু হাৰিয়ানা চৰকাৰে দিল্লীলৈ প্ৰেৰণ কৰা পানীৰ পৰিমাণ বহু হ্ৰাস কৰিছে। যদিও দুই ৰাজ্যত ভিন্ন দলৰ চৰকাৰ আছে তথাপিও এই সংকটৰ সময়ত এনে ৰাজনীতি কৰা উচিত নহয়।

হাৰিয়ানা চৰকাৰৰ বিৰুদ্ধে আতিশীৰ অভিযোগ, দিল্লীয়ে সাধাৰণতে প্ৰতিদিনে ১০০ কোটি ৫০ লাখ গেলন পানী লাভ কৰে। হাৰিয়ানাৰ পৰা দিল্লীলৈ পানী আহিছে ৬১ কোটি ৩০ লাখ গেলন। কিন্তু যোৱা দুটা সপ্তাহত হাৰিয়ানা চৰকাৰে সেই পৰিমাণ হ্ৰাস কৰিছে। তেওঁলোকে ৫১ কোটি ৩০ লাখ গেলন পানীহে দিছে। ফলত ২৮ লাখ মানুহ জলসংকটৰ সন্মুখীন হৈছে।

পানীৰ সংকটত লাখ লাখ জনতাঃ অনশনত বহিল আতিশী মাৰ্লেনা...
'যোগ' মানৱ সমাজলৈ প্ৰাচীন ভাৰতীয় সভ্যতাৰ এক অমূল্য অৱদানঃ পীযুষ হাজৰীকা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in