ডিজিটেল সংবাদ, পলাশবাৰী : ৰাজ্যখনৰ যুৱ ৰাজনৈতিক সামাজিক নিবন্ধকাৰ তথা কবি ডঃ চিন্ময় কলিতাক অলপতে কলকাতাৰ অগ্ৰণী প্ৰকাশন গোষ্ঠী ঐতিহাসিক কলেজ ষ্ট্ৰিট স্থিত 'পালক পাবিলশাৰ্স'ৰ দ্বাৰা সম্বৰ্দ্ধিত হয় ৷
অসমৰ লেখীয়াকৈ বেংগলত উদযাপিত হোৱা 'পহেলা বৈশাখ তথা নবৱৰ্ষ'ৰ দিনটোত এক অনুষ্টুপীয়া পৰিৱেশত অসমৰ যুৱ লেখক গৰাকীক সম্বৰ্দ্ধনা জনোৱা হয় ৷ উল্লেখ্য যে, অনুষ্ঠানটোত কলকাতাৰ জনপ্ৰিয় যুৱ কবি-গল্পকাৰ প্ৰাক্তন সংবাদকৰ্মী তন্ময় মণ্ডল, বিশিষ্ট লেখক তাপস কুমাৰ ৰায়, তথা পালক পাবলিশাৰ্সৰ কাৰ্যকৰ্তা প্ৰতীপ হালদাৰ উপস্থিত থাকে ৷
উক্ত দিনটোতেই কলকাতাৰ বিশিষ্ট লেখিকা তথা অনুবাদক ইন্দিৰা মুখোপাধ্যায়ৰ অনুবাদ পুথি "লামাদেৰ লোককথা "ৰ শুভ উন্মোচন হয় ৷ এই সন্দৰ্ভত অসমৰ যুৱ নিবন্ধকাৰ গৰাকীয়ে কলকাতাৰ জাতীয় জীৱনত সাহিত্যপ্ৰেমীৰ কিতাপ পঢ়াৰ যি তাড়না সেইয়া সচাকৈয়ে অনুপ্ৰেৰণাদায়ক বুলি মত প্ৰকাশ কৰে ৷
Also Read: জামুগুৰিহাটত চেমনীয়াৰ মুকলি বিহু...