২২ জানুৱাৰীত আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হ'ব অযোধ্যাৰ ৰাম মন্দিৰ

২২ জানুৱাৰীত আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হ'ব অযোধ্যাৰ ৰাম মন্দিৰ
Published on
Updated on

ডিজিটেল ডেস্কঃ বহু চৰ্চা, সংগ্ৰাম আৰু ঘাত-প্ৰতিঘাতৰ অন্তত ২০২৪ চনৰ ২২ জানুৱাৰীত আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হ'ব অযোধ্যাত নিৰ্মাণ হৈ থকা ৰাম মন্দিৰ। দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৰাম জন্মভূমি মন্দিৰ উদ্বোধন কৰিব। বুধবাৰে মোডীৰ বাসভৱনত শ্ৰীৰাম জন্মভূমি তীর্থক্ষেত্র কমিটীৰ কৰ্মকৰ্তাসকলে সাক্ষাৎ কৰি প্ৰধানমন্ত্ৰী মোডীক মন্দিৰৰ প্রাণ প্রতিষ্ঠা অনুষ্ঠানলৈ আনুষ্ঠানিক আমন্ত্ৰণ জনায়।

প্রধানমন্ত্রীক প্রাণ প্রতিষ্ঠা অনুষ্ঠানলৈ আমন্ত্রণ জনোৱাসকলৰ ভিতৰত আছিল ন্যাসৰ সচিবপ্রধান চম্পট ৰায়, নির্মাণ কমিটীৰ অধ্যক্ষ নৃপেন্দ্র মিশ্র ৰিত প্ৰমুখ্যে শীর্ষস্থানীয় লোকসকল। উল্লেখ্য যে ২০২০ চনৰ ৫ আগষ্টত অযোধ্যাত ৰাম মন্দিৰৰ আধাৰশিলা সমাপন কৰিছিল প্রধানমন্ত্ৰীয়ে।

২০১৯ চনত উচ্চতম ন্যায়ালয়ে ঐতিহাসিক ৰায়যোগে অযোধ্যাত ৰাম মন্দিৰৰ নিৰ্মাণৰ পথ প্ৰশক্ত কৰিছিল। প্ৰধানমন্ত্রী মোডীয়ে আমন্ত্রণ লাভ কৰাৰ পাছতে এক টুইটযোগে জনায় যে, এই দিনটো প্ৰতিজন ভাৰতীয়ৰ বাবে সদাস্মৰণীয় হৈ ৰ'ব। ভগৱান শ্ৰীৰামৰ আশীর্বাদ সদায় আমাৰ ওপৰত থাকক, ভাৰত প্ৰগতিৰ নতুন শিখৰলৈ ধাৱমান হওক। লগতে এই ঐতিহাসিক মুহূৰ্ত্তৰ সাক্ষী হ'বলৈ আমন্ত্ৰণ পাই প্ৰধান মন্ত্ৰী মোডীয়ে নিজকে সৌভাগ্যৱান অনুভৱ কৰিছে বুলিও মন্তব্য আগবঢ়ায়।

উল্লেখ্য যে, ২০২৪ চনৰ ২২ জানুৱাৰীত আনুষ্ঠানিকভাৱে ৰাম মন্দিৰ উদ্বোধন হ'ব যদিও ১৪ জানুৱাৰীৰ মকৰ সংক্ৰান্তিৰ পাছৰ পৰাই ১০ দিন ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠাৰ পূজা-অৰ্চনা আৰম্ভ হ'ব অযোধ্যাত।

২২ জানুৱাৰীত আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হ'ব অযোধ্যাৰ ৰাম মন্দিৰ
আৰক্ষীৰ অত্যাচাৰ গ্লানি সহিব নোৱাৰি যুৱকৰ আত্মহত্যা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in