মহিলাসকলে ন্যায় লাভ নকৰা পৰ্যন্ত মোক একো সন্মান নালাগেঃ বজৰং পুনিয়া

 মহিলাসকলে ন্যায় লাভ নকৰা পৰ্যন্ত মোক একো সন্মান নালাগেঃ বজৰং পুনিয়া
Published on
Updated on

ডিজিটেল ডেস্কঃ অলিম্পিক পদক বিজেতা ভাৰতীয় মল্লযোদ্ধা বজৰং পুনিয়াই দেওবাৰে কয় যে যেতিয়ালৈকে মহিলাসকলে ন্যায় লাভ নকৰে তেতিয়ালৈকে তেওঁক একো সন্মান নালাগে। পদ্মশ্ৰী বঁটা সন্দৰ্ভত এই মন্তব্য কৰে পুনিয়াই।

সামাজিক মাধ্যমত খেলুৱৈগৰাকীয়ে কয় যে, ''আমাৰ কেৱল ভগৱানৰ ওপৰত বিশ্বাস আছে। মই পদ্মশ্ৰী সন্মান ভগ্নী তথা মহিলাসকলৰ সন্মানৰ বাবে উভতাই দিছিলো। যেতিয়ালৈকে তেওঁলোকে ন্যায় লাভ নকৰে তেতিয়ালৈকে মোক একো সন্মান নালাগে''।

উল্লেখ্য যে, বজৰং পুনিয়া, সাক্ষী মালিককে ধৰি দেশৰ একাংশ খেলুৱৈয়ে ভাৰতীয় ৰেষ্টলিং ফেডাৰেশ্যনৰ প্ৰাক্তন অধ্যক্ষ ব্ৰীজভূষণ চৰন সিঙৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ তুলি প্ৰতিবাদ কৰিছিল। প্ৰায় ১১ মাহ ধৰি চলা প্ৰতিবাদৰ অন্তত ফেডাৰেশ্যনত নতুন অধ্যক্ষই নিযুক্তি লাভ কৰিছিল।

কিন্তু নতুন অধ্যক্ষ সঞ্জয় সিং আছিল ব্ৰীজভূষণৰ ঘনিষ্ঠ আৰু এই সন্দৰ্ভত আপত্তি দৰ্শাই মল্লযোদ্ধা সাক্ষী মালিকে অৱসৰ ঘোষণা কৰিছিল। তাৰ কিছুদিন পাছতে ক্ৰীড়া মন্ত্ৰালয়ে ভংগ কৰিছিল ফেডাৰেশ্যন।

 মহিলাসকলে ন্যায় লাভ নকৰা পৰ্যন্ত মোক একো সন্মান নালাগেঃ বজৰং পুনিয়া
আজি খ্ৰীষ্টান ধৰ্মাৱলম্বীসকলৰ পবিত্ৰ বৰদিন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in