ইতিহাস ৰচনা বজৰং পুনিয়াৰ...

বিশ্ব মল্লযুদ্ধ প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক লাভ

author-image
Asomiya Pratidin
New Update
ইতিহাস ৰচনা বজৰং পুনিয়াৰ...

ডিজিটেল ডেস্ক : ভাৰতীয় মল্লযুদ্ধৰ ইতিহাসত আটাইতকৈ সফল খেলুৱৈ সকলৰ অন্যতম বজৰং পুনিয়া । ইতিমধ্যেই কমনৱেল্থ আৰু এছিয়ান গেমছত সোণৰ আৰু অলিম্পিকত ব্ৰঞ্জৰ পদক বিজয়ী বজৰং পুনিয়াৰ বিশ্ব মল্লযুদ্ধ প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক আৰ্জন কৰাৰ পাছত পদকৰ সংখ্যা হয় গৈ ৪টা । বিশ্ব মল্লযুদ্ধ প্ৰতিযোগিতাৰ অন্তিম দিনা অৰ্থাৎ ১৮ ছেপ্টেম্বৰত পুৰুষৰ ৬৫ কেজি শাখাত আঘাত প্ৰাপ্ত অৱস্থাতো ব্ৰঞ্জৰ পদক আজুৰি আনিবলৈ সক্ষম হয় বজৰং পুনিয়াই । 

২৮ বৰ্ষীয় খেলুৱৈজনে কোৱাৰ্টাৰ ফাইনেলত পুৱেৰ্টো ৰিকোৰ চেবাষ্টিয়ান ৰিভেৰাৰ সৈতে হোৱা খেলখনত মুৰত আঘাত পোৱাৰ পাছত ছেমি ফাইনেলত মুৰত বেণ্ডেজ লগায়েই অংশগ্ৰহণ কৰিছিল প্ৰতিযোগিতাত ।

খেলুৱৈ গৰাকীয়ে ছেমি ফাইনেলত অন্তিম মূহূৰ্তলৈ ৮-৯ৰ ব্যৱধানত পাছ পৰি থাকিও শেষত এটি ২ পইন্টাৰৰ জৰিয়তে সম্পূৰ্ণ ফলাফলেই সলনি কৰি পেলায় ।

bajrang punia world wrestling championship