কৰ্মৰ সন্ধানত ৯ মাহে ভাৰতত বাংলাদেশী নাগৰিক: হাটশিঙিমাৰীত গ্ৰেপ্তাৰ...

কৰ্মৰ সন্ধানত ৯ মাহে ভাৰতত বাংলাদেশী নাগৰিক: হাটশিঙিমাৰীত গ্ৰেপ্তাৰ...
Published on
Updated on

ডিজিটেল সংবাদ, মানকাচাৰ : হাটশিঙিমাৰীৰ সুখচৰত অবৈধ বাংলাদেশী নাগৰিক গ্ৰেপ্তাৰ। ৯ মাহ পূৰ্বে পশ্চিমবঙ্গ-বাংলা সীমান্তয়েদি অবৈধভাবে ভাৰতত প্ৰৱেশ কৰিছিল যুৱকজনে। দিল্লীত পাইপ লাইনৰ কাম কৰি ঘৰলৈ উভতাৰ পথত আৰক্ষীৰ জালত পৰে যুৱকজন।

মানকাচাৰ জিলা আৰক্ষী অধীক্ষকে এক সংবাদমেল যোগে সদৰি কৰে এই কথা। দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সুখচৰ থানা এলেকাৰ অধীনস্থ হাটশিঙিমাৰীৰ-বেপাৰীপাৰা ফেৰী ঘাটত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অবৈধ বাংলাদেশী নাগৰিকজনক। গ্ৰেপ্তাৰৰ পাছতেই যুৱকজনক হাটশিঙিমাৰী আদালতত হাজিৰ কৰোৱা হয়।

প্ৰাপ্ত বাতৰি মতে, ৪ জুলাই নিশা প্ৰায় ১২ বজাত সুখচৰ আৰক্ষীয়ে বেপাৰীপাৰা এলেকাত তহলদাৰ কৰি থকা অৱস্থাত অবৈধ বাংলাদেশী নাগৰিকজনক কৰায়ত্ব কৰে। যুৱকজন বাংলাদেশৰ দিনাজপুৰ জিলাৰ বিৰল থানা এলেকাৰ অধীনস্থ টেগো ৰছুনপাৰা গাঁৱৰ নুৰুল ইছলামৰ পুত্ৰ ওৱাকিমুল ইছলাম লিমন (২৮) বুলি চিনাক্ত কৰা হৈছে।

যোৱা প্ৰায় ৯ মাহ পূৰ্বে কৰ্মৰ সন্ধানত পশ্চিমবঙ্গ-বাংলাদেশ সীমান্তৰ কাৰ্লভাৰ্টৰ তলেৰে অবৈধ ভাবে ভাৰতত প্ৰবেশ কৰিছিল যুৱকজনে। দিল্লীৰ এটা পাইপ লাইন কোম্পানীত শ্ৰমিক হিচাবে কাম কৰি ঘৰলৈ উভতি যাবলৈ মানকাচৰত উপস্থিত হৈছিল যুৱকজন।

আৰক্ষীয়ে সোধা-পোছাৰ অন্তত বাংলাদেশী নাগৰিক জনক গ্ৰেপ্তাৰ কৰি বুধবাৰে দুপৰীয়াৰ ভাগত হাটশিঙিমাৰী জিলা আদালতত হাজিৰ কৰায়। উল্লেখ্য তদন্তৰ বাবে আৰক্ষীয়ে ৭ দিনৰ জিম্মাত ল'ব বুলি জিলা আৰক্ষী অধীক্ষক হৰেণ টকবীয়ে সংবাদমেলত জানিবলৈ দিয়ে।

কৰ্মৰ সন্ধানত ৯ মাহে ভাৰতত বাংলাদেশী নাগৰিক: হাটশিঙিমাৰীত গ্ৰেপ্তাৰ...
শিক্ষাৰ্থীৰ বাবে অমূল্য উপহাৰ: কেৰিয়াৰ হাতপুথি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in