দ্বিপাক্ষিক সম্পৰ্কৰ অৱনতি ! হাছিনাৰ ঘনিষ্ঠ দিল্লীৰ হাই কমিছনাৰক দায়িত্বৰ পৰা অব্যাহতি...

অৱসৰলৈ আছিল মাজত মাত্ৰ কেইটামান দিন
দ্বিপাক্ষিক সম্পৰ্কৰ অৱনতি ! হাছিনাৰ ঘনিষ্ঠ দিল্লীৰ হাই কমিছনাৰক দায়িত্বৰ পৰা অব্যাহতি...
দ্বিপাক্ষিক সম্পৰ্কৰ অৱনতি ! হাছিনাৰ ঘনিষ্ঠ দিল্লীৰ হাই কমিছনাৰক দায়িত্বৰ পৰা অব্যাহতি...
Published on
Updated on

ডিজিটেল ডেস্কঃ বাংলাদেশৰ ৰাজনৈতিক পট পৰিবৰ্তনৰ পাছতে ভাৰতৰ সৈতে থকা দ্বিপাক্ষিক সম্পৰ্কত ব্যাঘাত জন্মিছে। দেশখনৰ অন্তৱৰ্তীকালীন চৰকাৰে ভাৰতৰ সৈতে আন্তৰিকতাপূৰ্ণ সহযোগিতাৰে পূৰ্বৰ দৰেই সম্পৰ্ক ৰক্ষা কৰি চলিব বুলি কৈ আহিছে যদিও দেশখনৰ কেতবোৰ কামকাজে এই ক্ষেত্ৰত বহু প্ৰশ্নৰ সৃষ্টি কৰিছে।

বাংলাদেশত মহম্মদ ইউনুছৰ চৰকাৰে দায়িত্ব গ্ৰহণ কৰাৰ পাছতে পূৰ্বৰ শ্বেইখ হাছিনাৰ চৰকাৰে বিভিন্ন ক্ষেত্ৰত নিযুক্তি দিয়া বিষয়াসকলক অপসাৰিত কৰিছে। দেশখনৰ সচিবালয়, ক্ৰিকেট ব’ৰ্ডৰ পৰা আৰম্ভ কৰি নিৰাপত্তা সংস্থা, বৈদেশিক পৰিক্ৰমা বিভাগ আদি সকলোতে পূৰ্বৰ হাছিনা চৰকাৰৰ ঘনিষ্ঠ ব্যক্তিসকলক অপসাৰণ কৰি নতুনকৈ জামাত, বি এন পিৰ ঘনিষ্ঠক নিযুক্তি দিয়াৰ ব্যৱস্থা কৰিছে।

ভাৰতৰ সৈতে সু-সম্পৰ্ক ৰক্ষা কৰাৰ কথা কৈ অহা দেশখনৰ অন্তৱৰ্তীকালীন চৰকাৰে শেহতীয়াকৈ ৫ গৰাকী কূটনীতিবিদক দায়িত্বৰ পৰা অব্যাহতি দিছে। ইয়াৰ ভিতৰত আছে নতুন দিল্লীৰ হাইকমিছনাৰ মোস্তাফিজুৰ ৰহমানো।

শেহতীয়াকৈ ৰহমানক দিল্লীৰ পৰা স্বদেশলৈ ঘূৰাৰ নিৰ্দেশ দিয়া হৈছে। ২০২২ চনত তেওঁক ভাৰতৰ ৰাষ্ট্ৰদূত হিচাপে নিযুক্তি দিয়া হৈছিল। তাৰ পূৰ্বে তেওঁ আমেৰিকা ৰাষ্ট্ৰসংঘৰ সদৰ দপ্তৰত বাংলাদেশৰ প্ৰতিনিধি হিচাপে, ছুইজাৰলেণ্ড, ছিংগাপুৰৰ প্ৰতিনিধি হিচাপেও কাম কৰিছিল।

গুৰুত্বপূৰ্ণ কথাটো হ’ল তেওঁৰ অৱসৰৰ বাবে মাজত আছিল মাত্ৰ কেইটামান মাহ। এনে সময়ত তেওঁক কৰ্তব্যৰ পৰা অব্যাহতি দিয়া বিষয়টো যথেষ্ট তাৎপৰ্যপূৰ্ণ। মোস্তাফিজুৰ ৰহমানৰ উপৰিও দেশখনৰ অন্তৱৰ্তীকালীন চৰকাৰে ৰাষ্ট্ৰসংঘত বাংলাদেশৰ স্থায়ী প্ৰতিনিধি মহম্মদ আব্দুল মোহিত, অষ্ট্ৰেলিয়াৰ হাই কমিছনাৰ আল্লামা ছিদ্দিকি, বেলজিয়ামৰ ৰাষ্ট্ৰদূত মেহবুব হাছানছালেহ আৰু পৰ্তুগালৰ ৰাষ্ট্ৰদূত ৰেজিনা আহমেদ। এই আটাইকেইগৰাকী হাছিনা চৰকাৰৰ অতি ঘনিষ্ঠ আছিল।  

উল্লেখ্য যে, ইয়াৰ পূৰ্বে অন্তৱৰ্তীকালীন চৰকাৰ ক্ষমতালৈ অহাৰ পাছতে দিল্লীৰ হাই কমিছনাৰ কাৰ্যালয়ত কৰ্মৰত শ্বাবান মাহমুদ, কলকাতাৰ ডেপুটি হাইকমিছনাৰ ৰঞ্জন সেনক বৰ্খাস্ত কৰিছিল। তাৰ পাছত ২৯ ছেপ্টেম্বৰত ব্ৰিটেইন বাংলাদেশ হাই কমিছনাৰ ছাইদা মুনা তাছনিমক ঢাকালৈ ঘূৰি অহাৰ নিৰ্দেশ দিয়া হৈছিল।

এই আটাইকেইজন আছিল হাছিনা চৰকাৰৰ ঘনিষ্ঠ। ইফালে দেশ এৰি পলায়ন কৰা শ্বেইখ হাছিনা এতিয়াও ভাৰততে আশ্ৰয় লৈ আছে। ভাৰতত ৰাজনৈতিক আশ্ৰয় লৈ থকা হাছিনাই পৰৱৰ্তী সময়ত ব্ৰিটেইনলৈ যোৱাৰ কথা আছিল যদিও দেশখনে তেওঁক ৰাজনৈতিক আশ্ৰয় দিবলৈ অস্বীকাৰ কৰে। হাছিনা ভাৰতত বৰ্তমানেও ৰাজনৈতিক আশ্ৰয়তে থকা অৱস্থাত এইদৰে তেওঁৰ ঘনিষ্ঠ সকলক অপসাৰণ কৰা বিষয়টো অতি গৰুত্বপূৰ্ণ।

দ্বিপাক্ষিক সম্পৰ্কৰ অৱনতি ! হাছিনাৰ ঘনিষ্ঠ দিল্লীৰ হাই কমিছনাৰক দায়িত্বৰ পৰা অব্যাহতি...
মহালয়াৰ পিছদিনাৰ পৰা আৰম্ভ গৌৰীপুৰ ৰাজপৰিয়ালৰ ৪০০ বছৰীয়া দুৰ্গা পুজা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in