ডিজিটেল ডেস্কঃ বৰ্তমানেও পলাতক অৱস্থাত আছে 'ৱাৰিছ পাঞ্জাৱ দে' নেতা অমৃতপাল সিং । শেহতীয়াকৈ খালিস্তানীৰ নেতাগৰাকীৰ সমৰ্থনত প্ৰতিবাদকাৰী সদস্যসকলে লণ্ডনত ভাৰতীয় উচ্চ আয়োগৰ বাহিৰত ভাৰতীয় ত্ৰিৰংগা আঁতৰাই অনা দৃশ্য ভাইৰেল হৈ পৰিছিল । এই ঘটনাৰ পিছতেই দেওবাৰে নিশা নিৰপত্তাজনিত বিষয়টোৰ সন্দৰ্ভত বাখ্যা বিচাৰি ভাৰতে ব্ৰিটিছ উপায়ুক্তক মাতি পঠিয়াইছিল । আৰু এইলৈ ভাৰত আৰু ব্ৰিটিছ উপায়ুক্তৰ সৈতে এক উচ্চস্তৰীয় বৈঠক অনুষ্ঠিত হৈছিল । ইউকে চৰকাৰে ভাৰতীয় উচ্চ আয়োগৰ নিৰাপত্তাৰ বিষয়টো "গুৰুত্বসহকাৰে" ল’ব বুলিও প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল ।
এই ঘটনাৰ পিছতেই বুধবাৰে দিল্লীত ইউকে হাই কমিছনৰ বাহিৰৰ বেৰিকেডসমূহ আৰক্ষীয়ে আঁতৰাই দিছে । এই সন্দৰ্ভত এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই সংবাদ মাধ্যমক জনাইছে যে "ইয়াত ব্ৰিটিছ হাই কমিছনৰ নিৰাপত্তা ব্যৱস্থা অক্ষুণ্ণ আছে। অৱশ্যে, পৰিৱৰ্তনৰ বাবে বাধা সৃষ্টি কৰা আয়োগৰ ফালে যোৱা পথত ৰখা বেৰিকেডবোৰ আঁতৰ কৰা হৈছে," । দিল্লী আৰক্ষীয়ে এইদৰে বেৰিকেড আঁতৰ কৰা বিষয়টোৰ সন্দৰ্ভত ব্ৰিটিছ হাই কমিছনে মন্তব্য দিবলৈ অস্বীকাৰ কৰিছে । এজন মুখপাত্ৰই জনাইছে যে "আমি নিৰাপত্তাৰ সন্দৰ্ভত আমি কোনোধৰণৰ মন্তব্য প্ৰদান নকৰো" ।
উল্লেখ্য যে ৱাৰিছ পঞ্জাৱ দে ৰ নেতা অমৃতপাত সিঙক বিছাৰি বৰ্তমানেও অব্যাহত আহক্ষীৰ অভিযান । ইতিমধ্যেই সংগঠনটোৰ ১০০ত কৈও অধিক সদস্যক আৰক্ষীয়ে ইতিমধ্যই গ্ৰেুপ্তাৰ কৰিছে । এই সদস্য সমূহৰ ৫ জনক অসমলৈ প্ৰেৰণ কৰা হৈছে । অমৃত পাল সিঙে সদস্যসকলক লগত লৈ অস্ত্ৰ-শস্ত্ৰৰে এখন থানাত প্ৰৱেশ কৰি এজন সতীৰ্থক উলিয়াই লৈ গৈছিল । এই ঘটনাৰ পিছৰে পৰাই পলাই আছে নেতাগৰাকী ।
Also Read: অমৃতপাল সিঙৰ বিৰুদ্ধে অভিযান অব্যাহত, খালিস্তানী নেতাজনৰ সম্পৰ্কীয়ৰ আত্মসমৰ্পন