'মন্দিৰ, মছজিদ, গুৰুদ্বাৰ যিয়েই নহওক বেদখলকৃত ভূমিত নিৰ্মাণ হ'লে ভাঙিবই'-উচ্চতম ন্যায়ালয়

ন্যায়াধীশ বি আৰ গাভাই, ন্যায়াধীশ কেভি বিশ্বনাথৰ যৌথ বিচাৰপীঠৰ গুৰুত্বপূৰ্ণ মন্তব্য
'মন্দিৰ, মছজিদ, গুৰুদ্বাৰ যিয়েই নহওক বেদখলকৃত ভূমিত নিৰ্মাণ হ'লে ভাঙিবই'-উচ্চতম ন্যায়ালয়
'মন্দিৰ, মছজিদ, গুৰুদ্বাৰ যিয়েই নহওক বেদখলকৃত ভূমিত নিৰ্মাণ হ'লে ভাঙিবই'-উচ্চতম ন্যায়ালয়
Published on
Updated on

ডিজিটেল ডেস্কঃ মানুহৰ অসুবিধা কৰি পথৰ মাজত মন্দিৰ, মছজিদ অথবা গুৰুদ্বাৰকে ধৰি কোনো ধৰ্মীয় অনুষ্ঠান নিৰ্মাণ কৰিব নোৱাৰিব। যদি এনে অবৈধ নিৰ্মাণ হয় তেন্তে জনসাধাৰণৰ বৃহত্তৰ স্বাৰ্থৰ বাবেই এই নিৰ্মাণ ভাঙি পেলোৱা হ'ব।

অপৰাধত অভিযুক্তৰ বাসগৃহ বুলডোজাৰৰ জৰিয়তে ভাঙি পেলোৱা এক গোচৰৰ আজি পুনৰ শুনানি হয় উচ্চতম ন্যায়ালয়ত। যোৱা ১৭ ছেপ্টেম্বৰত এই গোচৰৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে ১ অক্টোবৰলৈ সমগ্ৰ দেশতে বুলডোজাৰ অভিযান বন্ধ ৰাখিবলৈ এক অন্তৱৰ্তীকালীন নিৰ্দেশনা জাৰি কৰিছিল।

আজি সেই গোচৰৰ শুনানিতেই ন্যায়ালয়ে কয় চৰকাৰী পথ, জলাশয়, ৰে'ললাইন, ফুটপাথৰ দখল কৰি তাৰ ওপৰত চলা নিৰ্মাণ ভাঙি পেলৱোৰা ক্ষেত্ৰত কোনো বাধা নাথাকিব। এই শুনানিত ন্যায়ালয়ে কয়, সাধাৰণ ৰাইজৰ সুৰক্ষা প্ৰথম।

মন্দিৰ, মছজিদ, পথ, জলাশয় বা ৰে’লৱেৰ ভূমি আদিত যদি বেদখল হয় তেন্তে আইন অনুসৰি তাত উচ্ছেদ হ’বই। কিন্তু এই উচ্ছেদৰ ক্ষেত্ৰত বেদখলকাৰীৰ ধৰ্মৰ প্ৰতি লক্ষ্য কৰিব নোৱাৰিব।

ন্যায়ালয়ে কয়, ভাৰত এখন ধৰ্ম নিৰপেক্ষ দেশ। বেদখল বিৰোধী বুলডোজাৰ অভিযান সকলো বেদখলকাৰী নাগৰিকৰ বাবে হ’ব। কেতিয়াও তেওঁলোকৰ ধৰ্মলৈ চোৱা নহ’ব। উল্লেখ্য যে, উত্তৰ প্ৰদেশত যোগী আদিত্য নাথৰ চৰকাৰ আমোলতে আৰম্ভ হৈছিল বুলডোজাৰ অভিযান।

এই বুলডোজাৰৰ ৰাজনীতি উত্তৰ প্ৰদেশৰ পৰা আন আন বিজেপি শাসিত ৰাজ্যলৈয়ো সম্প্ৰসাৰিত হৈছে। অসমতো শেহতীয়াকৈ বুলডোজাৰ অভিযান তীব্ৰতৰ হৈছে। আনকি এই বুলডোজাৰ অভিযান চলাবলৈ গৈ অসম চৰকাৰ উচ্চতম ন্যায়ালয়ৰ ৰোষতো পৰিছে।

বিৰোধীৰ অভিযোগ, বুলডোজাৰ অভিযানৰ জৰিয়তে সংখ্যালঘুসকলৰ ওপৰত আক্ৰমণ কৰিছে গেৰুৱা শিবিৰে। আজি উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ বি আৰ গাভাই আৰু ন্যায়াধীশ কেভি বিশ্বনাথৰ যৌথ বেঞ্চৰ সন্মুখত এই গোচৰৰ শুনানিৰ সময়ত চৰকাৰী পক্ষৰ অধিবক্তাই দাবী কৰিছে কেৱল অবৈধ নিৰ্মাণৰ বিৰুদ্ধেহে বুলডোজাৰ অভিযান চলোৱা হৈছে।

ন্যায়ালয়ে আজি কয়, পৌৰসভা আৰু পঞ্চায়ত এলেকাৰ বাবে পৃথক পৃথক আইন আছে। সাধাৰণ মানুহক এই বিষয়ে সচেতন কৰিবলৈ প্ৰশাসনে এটা অনলাইন প’ৰ্টেল খুলিব লাগে।

তাৰোপৰি বুলডোজাৰ অভিযানত ধৰ্মীয় সংখ্যালঘুসকলক লক্ষ্য কৰি লোৱাৰ সন্দৰ্ভত ন্যায়ালয়ে কয়, আমাৰ দেশ ধৰ্ম নিৰপেক্ষ দেশ। আমাৰ নিৰ্দেশ সকলো ধৰ্মীয় আৰু সম্প্ৰদায়ৰ নাগৰিকৰ বাবে।

ন্যায়ালয়ে কয়, বেদখলকৃত অঞ্চল বেদখলমুক্ত কৰাৰ বাবে উচ্ছেদ অভিযান জৰুৰী। যদি পথ, ফুটপাথ, জলাশয়, ৰে’লৱেৰ ভূমি দখল কৰি কোনোবাই অট্টালিকা নিৰ্মাণ কৰিছে তেন্তে সেয়া ভাঙিব লাগিব। কাৰণ ৰাইজৰ নিৰপত্তা সকলোতকৈ ওপৰত।যদি সেয়া ধৰ্মীয় অনুষ্ঠানৰ অট্টালিকাও হয় সেয়াও ভাঙিব লাগিব।

গুৰুদ্বাৰ, মছজিদ, মন্দিৰ কোনো জনজীৱনৰ বাবে বাধা হ’ব নোৱাৰিব।মঙ্গলবাৰে অনুষ্ঠিত হোৱা এই শুনানিত উত্তৰ প্ৰদেশ, গুজৰাট আৰু মধ্যপ্ৰদেশ চৰকাৰৰ ফালৰ পৰা উচ্চতম ন্যায়ালয়ত উপস্থিত আছিল ছলিছিটৰ জেনেৰেল তুষাৰ মেহতা।

'মন্দিৰ, মছজিদ, গুৰুদ্বাৰ যিয়েই নহওক বেদখলকৃত ভূমিত নিৰ্মাণ হ'লে ভাঙিবই'-উচ্চতম ন্যায়ালয়
স্মৰণীয় হৈ থাকিব কাণপুৰ টেষ্টঃ ছিৰিজৰ শ্ৰেষ্ঠ অশ্বিন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in