বিহাৰত জাতি ভিত্তিক সংৰক্ষণ ৫০ ৰ পৰা ৭৫ শতাংশলৈ বৃদ্ধিৰ সিদ্ধান্ত...

বিহাৰত জাতি ভিত্তিক সংৰক্ষণ ৫০ ৰ পৰা ৭৫ শতাংশলৈ বৃদ্ধিৰ সিদ্ধান্ত...

author-image
Asomiya Pratidin
New Update
বিহাৰত জাতি ভিত্তিক সংৰক্ষণ ৫০ ৰ পৰা ৭৫ শতাংশলৈ বৃদ্ধিৰ সিদ্ধান্ত...

বিহাৰত জাতি ভিত্তিক সংৰক্ষণ ৫০ ৰ পৰা ৭৫ শতাংশলৈ বৃদ্ধিৰ সিদ্ধান্ত...

ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ হিন্দুত্ববাদী ৰাজনীতিৰ ভেটি কঁপাইছে বিহাৰৰ জাতিগত লোকপিয়লে। কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে দেশৰ সৰ্ববৃহৎ অ' বি চি জাতিৰ হকে মুকলিকৈ মাত মাতি দেশত জাতিগত পিয়লৰ দাবী উত্থাপন কৰাৰ মাজতে বিহাৰৰ নীতিশ কুমাৰ নেতৃত্বাধীন চৰকাৰে প্ৰকাশ কৰিলে দুখনকৈ জাতিগত পিয়লৰ প্ৰতিবেদন।

শেহতীয়াকৈ ৭ নৱেম্বৰ, মঙ্গলবাৰে জাতিগত পিয়লৰ দ্বিতীয়খন প্ৰতিবেদন প্ৰকাশ কৰাৰ পাছতে বিহাৰত এতিয়া চৰকাৰী চাকৰী আৰু শিক্ষাক্ষেত্ৰত সংৰক্ষণ বৃদ্ধিৰ বাবে সক্ৰিয় হৈ পৰিছে মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ নেতৃত্বাধীন মহাগঠবন্ধন চৰকাৰ। নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত নীতিশ কুমাৰৰ এই ফৰ্মুলাই এতিয়া বিজেপিৰ হিন্দুত্বৰ ৰাজনীতিক বেকফুটলৈ নিছে।

৭ নৱেম্বৰ মঙ্গলবাৰে বিহাৰৰ মন্ত্ৰীসভাৰ বৈঠকত গৃহীত প্ৰস্তাৱত জাতিভিত্তিক সংৰক্ষণ ৫০ শতাংশৰ পৰা ৬৫ শতাংশলৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ দিয়া হৈছে। ইয়াৰোপৰি আৰ্থিকভাৱে পিছপৰাসকলৰ বাবে ১০ শতাংশ পৃথক সংৰক্ষণৰ কথাও কোৱা হৈছে। এই সিদ্ধান্তৰ কথা নীতিশ কুমাৰে বিহাৰ বিধানসভাত ঘোষণা কৰি কয়, পিছ পৰাসকলক প্ৰাপ্য অধিকাৰ দিবলৈ আমৰ চৰকাৰ বদ্ধপৰিকৰ।

বিহাৰৰ নীতিশ চৰকাৰে অ' বি চি আৰু ই বি চিৰ বাবে সংৰক্ষণ ২৭ শতাংশৰ পৰা ৪৩ শতাংশ কৰিব বিচাৰিছে। ইয়াৰোপৰি এছ চিৰ বাবে সংৰক্ষণ ১৫ শতাংশৰ পৰা ২০ শতাংশলৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ দিছে।

কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিষ্ঠানত এছ চিৰ বাবে ৭ শতাংশ সংৰক্ষণ থাকিলেও সেই সংৰক্ষণক ২ শতাংশতে সীমাবদ্ধ কৰি ৰাখিব বিচাৰে বিহাৰৰ মহাগঠবন্ধন চৰকাৰে।সংবিধান অনুসৰি ৫০ শতাংশৰ অধিক আসন সৰংক্ষণ কৰিব নোৱাৰি। কিন্তু উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত তামিলনাডু, তেলেংগানাৰ দৰে ৰাজ্যত অতিৰিক্ত সংৰক্ষণৰ ব্যৱস্থা চলি আছে।  

উল্লেখ্য. অ' বি চি আৰু ই বি চিৰ বাবে আসনৰ সংৰক্ষণ ২৭ শতাংশ থাকিলেও বিহাৰৰ জনসংখ্যাত অ' বি চিৰ হাৰ বেছি। প্ৰকৃত সংখ্যা প্ৰকাশ হ'লে অ' বি চি কোটাত আৰু অধিক সংৰক্ষণৰ দাবী উঠিব বুলি পূৰ্বানুমান কৰা হৈছিল। অৱশেষত সেয়াই হ'ল ।

বিগত ২ অক্টোবৰত বিহাৰৰ জাতিগত সমীক্ষাৰ প্ৰথম প্ৰতিবেদন প্ৰকাশ পালে। অৱশ্যে উচ্চবৰ্ণ বা সাধাৰণ শ্ৰেণী (অসংৰক্ষিত)ৰ ওপৰত প্ৰভাৱ পৰিব বুলি এই সমীক্ষাৰ বিৰোধিতা কৰিছিল বিহাৰৰ বিৰোধী বিজেপিয়ে।

ৰাষ্ট্ৰীয় পৰ্যায়তো বিজেপিয়ে বিহাৰ চৰকাৰৰ এই পিয়লৰ বিৰোধিতা কৰি আহিছে। তেওঁলোকৰ অভিযোগ এই ভোটবেংকৰ ৰাজনীতিৰ ফলত বঞ্চিত হ'ব মেধাসকল। ইয়াৰ বিপৰীতে ৰাহুল গান্ধীয়ে ৫ ৰাজ্যৰ নিৰ্বাচনৰ পূৰ্বৰে পৰা নিৰ্বাচনী প্ৰচাৰকে ধৰি বিভিন্ন সভা, সমিতিত ''জিতনি আবাদি, উতনা হক'' শীৰ্ষক শ্লোগান আওৰাই এই পিয়লৰ দাবী উত্থাপন কৰি আহিছে।

এই পিয়লৰ ওপৰত স্থগিতাদেশ বিচাৰি আৱেদন কৰা হৈছিল যদিও উচ্চতম ন্যায়ালয়ে ৬ অক্টোবৰত এই আৱেদন খাৰিজ কৰে। উচ্চতম ন্যায়ালয়ৰ পৰা অনুমোদন পোৱাৰ পাছতে মঙ্গলবাৰে বিহাৰ বিধানসভাত জাতিগত সমীক্ষাৰ দ্বিতীয় প্ৰতিবেদন প্ৰকাশ পালে।

এই দ্বিতীয় প্ৰতিবেদনত বিহাৰৰ লোকসকলক জাতিগতভাৱে আৰ্থিক অৱস্থাৰ তুলনামূলক পৰিসংখ্যা দাঙি ধৰা হৈছে। এই প্ৰতিবেদনত কোৱা হৈছে বিহাৰত ৩৩ শতাংশ অ' বি চি আৰু ই বি চি লোকৰ অৰ্থনৈতিক অৱস্থা দৰিদ্ৰ সীমাৰেখাৰ তলত।

আনহাতে এছ চিৰ ভিতৰত দৰিদ্ৰৰ সংখ্যা ৪২ শতাংশৰো অধিক। এই একেখন প্ৰতিবেদনত বিহাৰৰ সাধাৰণ বা উচ্চবৰ্ণ শ্ৰেণীৰ আৰ্থিক অৱস্থাৰ দিশটোও উন্মোচিত হৈছে। প্ৰতিবেদনখনত কোৱা হৈছে দৰিদ্ৰসীমাৰেখাৰ তলত বাস কৰা সাধাৰণ শ্ৰেণীৰ মানুহৰ সংখ্যা প্ৰায় ২৬ শতাংশ।   

এই প্ৰতিবেদনত চাৰিজনীয়া এটা পৰিয়ালৰ মাহেকীয়া আয় ৬ হাজাৰ টকাৰ কম হলে সেই পৰিয়ালক দৰিদ্ৰ হিচাপে চিহ্নিত কৰা হৈছে। স্মৰ্তব্য, ২০২২ ৰ নৱেম্বৰত আৰ্থিক ভাৱে পিছপৰা মানুহৰ বাবে চৰকাৰী চাকৰি আৰু শিক্ষা ব্যৱস্থাত ১০ শতাংশ আসন সংৰক্ষণৰ বিষয়ত উচ্চতম ন্যায়ালয়ে চিল-মোহৰ মাৰৰ পাছতে দেশজুৰি জাতিগত পিয়লৰ দাবি উত্থাপন কৰিছিল মুখ্যমন্ত্ৰী নীতিশ কুমাৰে।

এই দাবীৰ সমান্তৰালকৈ বিহাৰত তেওঁ আৰম্ভ কৰিছিল জাতিগত পিয়ল। প্ৰথম পৰ্যায়ত ৭ জানুৱাৰীৰ পৰা ১৫ জানুৱাৰীলৈ ৰাজ্যখনত এই পিয়ল আৰম্ভ হৈছিল। দ্বিতীয় পৰ্যায়ত ১৫ এপ্ৰিলৰ পৰা ১৫ মে’ পৰ্যন্ত পিয়ল হোৱাৰ কথা আছিল যদিও এই পিয়লত ৪ মে'ত স্থগিতাদেশ জাৰি কৰিছিল পাটনা উচ্চ ন্যায়ালয়ে।

১ আগষ্টত উচ্চতম ন্যায়ালয়ে পাটনা উচ্চ ন্যায়ালয়ৰ এই ৰায়ক খাৰিজ কৰে। ইয়াৰ পাছত পুনৰ আৰম্ভ হয় পিয়ল। আৰু ২ অক্টোবৰত ইয়াৰ প্ৰতিবেদন প্ৰকাশ পায়।

এই প্ৰতিবেদনত কোৱা হৈছে বিহাৰত অ' বি চি জনসংখ্যা ৬৩ শতাংশ। ইয়াৰ ভিতৰত ৩৬ শতাংশ আটাইতকৈ পিছপৰা শ্ৰেণীৰ (ই বি চি) আৰু সাধাৰণ পিছপৰা শ্ৰেণী লোকৰ সংখ্যা ২৭ শতাংশতকৈ সামান্য বেছি। বিহাৰত প্ৰায় ১৯.৫ শতাংশ অনুসূচীত জাতি আৰু ১.৬৮ শতাংশ অনুসূচীত জনজাতিৰ লোক আছে। অসংৰক্ষিত (সাধাৰণ) শ্ৰেণীৰ বাসিন্দা ১৫.৫ শতাংশতকৈ অলপ বেছি।

Also Read: ''মই লজ্জিত আৰু দুখী অনুভৱ কৰিছো'' মহিলাক লৈ কৰা মন্তব্যৰ বাবে ক্ষমা খুজিলে বিহাৰৰ মুখ্য়মন্ত্ৰীয়ে

বিহাৰ জাতিগত পিয়ল