আজি বিহাৰ পৌৰ নিৰ্বাচনৰ ভোটগণনা: ৮০৬ টা পদত অৱতীৰ্ণ ৪,৪৩১ জন প্ৰাৰ্থী...

আজি অনুষ্ঠিত হৈছে বিহাৰ তথা নগৰ নিকাই চুনাভৰ ৩১ খন পৌৰ নিগমৰ ভোট গণনা

author-image
Asomiya Pratidin
New Update
আজি বিহাৰ পৌৰ নিৰ্বাচনৰ ভোটগণনা: ৮০৬ টা পদত অৱতীৰ্ণ ৪,৪৩১ জন প্ৰাৰ্থী...

ডিজিটেল ডেস্ক : আজি অনুষ্ঠিত হৈছে বিহাৰ অৰ্থাৎ নগৰ নিকাই নিৰ্বাচনৰ ৩১ খন পৌৰ নিগমৰ ভোট গণনা। ৫৮ টা কেন্দ্ৰত পুৱা ৮ বজাৰ পৰা আৰম্ভ হৈছে এই ভোট গণনা কাৰ্যসূচী। শুকুৰবাৰে ৩১ খন নগৰীয়া স্থানীয় সংস্থাত ৱাৰ্ড কাউঞ্চিলৰ, ডেপুটি মেয়ৰ আৰু মেয়ৰ পদৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল।

উল্লেখ্য ৫৮ খন পৌৰসভাৰ বাবে ১,৬৭৩ টা ভোটকেন্দ্ৰত ৮০৬ টা পদৰ বাবে অনুষ্ঠিত হৈছিল ভোটগ্ৰহণ। য'ত মুঠ ৪,৪৩১ জন প্ৰাৰ্থীৰ ২,১৯৭ জন পুৰুষ আৰু ২,২৩৪ গৰাকী মহিলাই নিৰ্বাচনত অৱতীৰ্ণ হয়। আনহাতে ইতিমধ্যে ৯ জন প্ৰাৰ্থীয়ে বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হোৱাৰ খবৰো আহি পৰিছে।

পাটনা, বাক্সাৰ, ৰোহতাছ, ঔৰঙ্গাবাদ, বৈশালী, নালন্দা, নৱাদা, গোপালগঞ্জ, মুজাফ্ফৰপুৰ, পূব চম্পাৰণ, পশ্চিম চম্পাৰণ, শ্বেওহাৰ, সীতামাঢ়ী, দৰভাঙ্গা, মধুবনী, কিষাণগঞ্জ, মুংগেৰ, লক্ষীচাৰাই, চাহাৰচা, জামু আৰু বাঙ্কা জিলাত অনুষ্ঠিত হৈছিল ভোটগ্ৰহণ।

Also Read: কৰিমগঞ্জত অস্ত্র-শস্ত্রসহ আটক ৫ দুৰ্ধৰ্ষ ডকাইত...

bihar election commission of india