ৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ বিকৃত ৰূপত অসমীয়াৰ হিয়াৰ আমঠু বিহু

ৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ বিকৃত ৰূপত অসমীয়াৰ হিয়াৰ আমঠু বিহু
Published on
Updated on

ডিজিটেল ডেস্কঃ পুনৰ বিকৃত ৰূপত উপস্থাপন হ'ল অসম-অসমীয়াৰ স্বাভিমান বিহু। এইবাৰ দেশৰ ৰাজধানীত বিদেশী ৰাষ্ট্ৰপ্রধানৰ সন্মুখত বিকৃত ৰূপত উপস্থাপন কৰা হ'ল অসমৰ সংস্কৃতি বিহুক। যাকলৈ এতিয়া সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ।

User

উল্লেখ্য যে, দিল্লীত অনুষ্ঠিত জি-২০ বৈঠকত অংশ ল’বলৈ অহা বৃটিছৰ প্ৰধানমন্ত্ৰী ঋষি ছুনাকক আদৰণি জনোৱাৰ উদ্দেশ্যেৰে জি-২০ৰ আয়োজকে আয়োজন কৰিছিল বিশেষ অনুষ্ঠানৰ। বিমান বন্দৰৰ বাকৰিতে আয়োজন কৰা এই অনুষ্ঠানত বিহু নৃত্যৰে বৃটিছ প্ৰধানগৰাকীক আদৰণি জনোৱা হয়।

User

বিহু নাচ ৰাষ্ট্ৰীয় পৰ্যায়ত বিদেশীৰ আগত উপস্থাপন কৰাতো অসমীয়াৰ বাবে গৌৰৱৰ বিষয় হলেও উক্ত অনুষ্ঠানত ভুলভাবে উপস্থাপন কৰা বিহুনাচ। বিহু নাচৰ ভংগীমা-শৈলীক ব্যাপকভাৱে বিকৃত ৰূপত দেখা উক্ত আদৰণি ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ লগে লগে এতিয়া স্বাভাৱিকতেই প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সচেতন মহলৰ মাজত। বিকৃতভাৱে বিহুক উপস্থাপন কৰাক কোনো প্ৰকাৰে গ্ৰহণ কৰিব নোৱাৰি বুলি মত প্ৰকাশ কৰিছে বিভিন্নজনে।

User

এইক্ষেত্ৰত আয়োজকক সামাজিক মাধ্যমতেই উভতি ধৰিছে সংস্কৃতিপ্ৰেমীয়ে। ১১ হাজাৰ ঢুলীয়া-নাচনীক লৈ বিশ্ব ৰেকৰ্ড গঢ়া বিহুক বিদেশীৰ আগত উপস্থাপন কৰিবলৈ অভিজ্ঞ কাকো নাপালে নেকি বুলিও প্ৰশ্ন সচেতন মহলৰ।

প্ৰণিধানযোগ্য যে, ৰাষ্ট্ৰীয় পৰ্যায়ত বিহুক বিকৃত ৰূপত উপস্থাপন কৰাটো এয়াই প্ৰথম নহয়; ইয়াৰ পূৰ্বেও কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা আয়োজন কৰা বহু কেইটা অনুষ্ঠানত বিহুক বিকৃত ৰূপত উপস্থাপন কৰাৰ উদাহৰণ আছে। বাৰে বাৰে ৰাষ্ট্ৰীয় পৰ্যায়ত বিহুক কৰা এনে অপমানৰ বাবে ক্ষুব্ধ হৈছে অসমবাসী।

ৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ বিকৃত ৰূপত অসমীয়াৰ হিয়াৰ আমঠু বিহু
ঘোষণা হ'ল ৫ম পৰ্যায়ৰ গুণোৎ‍সৱৰ দিন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in