গুজৰাটৰ বিজেপি চৰকাৰে মুকলি কৰি দিয়া বিলকিস বানোৰ ১১ ধৰ্ষণকাৰী পুনৰ যাব লাগিব জেললৈ...

গুজৰাটৰ বিজেপি চৰকাৰে মুকলি কৰি দিয়া বিলকিস বানোৰ ১১ ধৰ্ষণকাৰী পুনৰ যাব লাগিব জেললৈ...

author-image
Asomiya Pratidin
New Update
গুজৰাটৰ বিজেপি চৰকাৰে মুকলি কৰি দিয়া বিলকিস বানোৰ ১১ ধৰ্ষণকাৰী পুনৰ যাব লাগিব জেললৈ...

গুজৰাটৰ বিজেপি চৰকাৰে মুকলি কৰি দিয়া বিলকিস বানোৰ ১১ ধৰ্ষণকাৰী পুনৰ যাব লাগিব জেললৈ...

ডিজিটেল ডেস্কঃ বিলকিস বানো গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ঘোষণা। শাস্তিৰ ম্যাদ শেষ হোৱাৰ পূৰ্বেই মুকলি কৰি দিয়া ধৰ্ষণকাৰী পুনৰ যাব লাগিব জেললৈ। উল্লেখ্য যে, গুজৰাট চৰকাৰে শাস্তি সম্পূৰ্ণ নহওতেই ১১ ধৰ্ষণকাৰীক মুকলি কৰি দিছিল গুজৰাট চৰকাৰে।

সোমবাৰে উচ্চতম ন্যায়ালয়ে জনাইছে, ১১ টা ধৰ্ষণকাৰীৰ মুক্তিৰ যি সিদ্ধান্ত লোৱা হৈছিল সেয়া কোনো কাৰণতে যুক্তিসংগত নহয়। ন্যায়াধীশ নাগাৰত্ন আৰু বিচাৰপতি উজ্জ্বল ভূঞাইৰ শুনানি গ্ৰহণ কৰি কয়, জালিয়াতিৰে এই ধৰ্ষণকাৰী মুক্তি দিয়া হৈছিল।

ইয়াৰোপৰি জনাইছে ধৰ্ষণকাৰীক মুক্তি দিয়াৰ কোনো এক্টিয়াৰেই নাছিল গুজৰাট চৰকাৰৰ। যিহেতু গোচৰৰ শুনানি মহাৰাষ্ট্ৰত হৈছিল সেয়ে মহাৰাষ্ট্ৰ চৰকাৰে এই সন্দৰ্ভত সিদ্ধান্ত ল'ব পাৰে।

২০২২ চৰ ১৫ আগষ্ট দেশৰ ৭৬ সংখ্যক স্বাধীনতা দিৱসত শাস্তিৰ ভোগ কৰি থকা বিলকিস বানোৰ ১১ ধৰ্ষণকাৰীক মুক্তি দিয়াৰ সিদ্ধান্ত লৈছিল গুজৰাট চৰকাৰে। তাৰ পূৰ্বে মুক্তিৰ বাবে আদালতত আবেদন কৰিছিল এই ধৰ্ষণকাৰী কেইটাই। সেই আবেদনৰ ভিত্তিতে গুজৰাট চৰকাৰে সিদ্ধান্ত লৈছিল আটাইকে মুকলি কৰি দিয়াৰ।

বিজপি শাসিত গুজৰাট চৰকাৰে ১১ ধৰ্ষণকাৰীৰ মুক্তি কৰি দিয়াৰ পাছতে দেশজুৰি সৃষ্টি হৈছিল প্ৰতিক্ৰিয়া। উত্থাপন হৈছিল বিভিন্ন প্ৰশ্ন। ইয়াৰ পাছতে মুকলি আকাশৰ তললৈ অহা ১১ ধৰ্ষণকাৰীক স্থানীয় বিজেপি নেতাই মালা পিন্ধাইছিল বুলিও খবৰ প্ৰকাশ হৈছিল।

এই ঘটনাক লৈ দেশজুৰি বিতৰ্ক সৃষ্টি হোৱাৰ মাজতে গুজৰাট চৰকাৰে জনাইছিল এই ১১ ধৰ্ষণকাৰীয়ে ভাল আচৰণ কৰাৰ বাবে শাস্তিৰ ম্যাদ শেষ নোহোৱাৰ পাছতো তেওঁলোকক মুক্তি কৰি দিয়া হৈছে। কিন্তু জে'লৰ পৰা 'ভাল আচৰণ' কৰি মুকলি হৈ অহা এই ১১ ধৰ্ষণকাৰীৰ বিৰুদ্ধে পৰৱৰ্তী সময়তো বিভিন্ন অভিযোগ উত্থাপন হৈছিল।

ইয়াৰে দুজনৰ বিৰুদ্ধে উত্থাপিত হৈছে অপৰাধমূলক কাৰ্যকলাপৰ অভিযোগ। ইয়াৰোপৰি ১১ জনৰ ভিতৰত ১০ জনেই পেৰেলৰ নিয়ম ভংগ কৰিছে।

উল্লেখ্য যে, ২০০২ ৰ গোধৰা কাণ্ডৰ পাছত গুজৰাটত সংঘটিত হোৱা হিংসাত্মক ঘটনাৰ সময়ত ৩ মে'ত ৫ মাহৰ অন্তঃসত্বা বিলকিস বানোক গণধৰ্ষণ কৰা হৈছিল। বিলকিস বানোৰ চকুৰ সন্মুখতে তেওঁৰ তিনিবছৰীয়া কন্যাক শিলেৰে আক্ৰমণ কৰা হৈছিল। তেওঁৰ পৰিয়ালৰ আন কেইবাজনকো হত্যা কৰা হৈছিল।

চি বি আইয়ে এই গোচৰৰ তদন্ত কৰি 'বিৰলতম' আখ্যা দিয়াৰ লগতে অপৰাধীৰ কঠোৰ শাস্তিৰ পোষকতা কৰিছিল। ইয়াৰ পাছতে ২০০৮ ৰ ২১ জানুৱাৰীত বিশেষ আদালতে ধৰ্ষণকাৰীক আজীৱন কাৰাদণ্ড বিহিছিল।

Also Read: ঘিলামৰাৰ কঢ়া নদীৰ বুকুত অৰ্ধগলিত অচিনাক্ত মৃতদেহ উদ্ধাৰ...

উচ্চতম ন্যায়ালয় গুজৰাট