অসমৰ ৰাজনীতিত হঠাৎ মূল্যহীন হ'ল ফনী শৰ্মা

অসমৰ ৰাজনীতিত হঠাৎ মূল্যহীন হ'ল ফনী শৰ্মা
Published on
Updated on

ডিজিটেল ডেস্কঃ বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বই দলটোৰ অসমৰ সাংগঠনিক দায়িত্বত থকা ফনী শৰ্মাক আঁতৰোৱাই ৰাজ্যৰ ৰাজনীতিত বিশেষ তাৎপৰ্য বহন কৰিছে। যোৱা বিধানসভা আৰু লোকসভা নিৰ্বাচনত প্ৰাৰ্থী নিৰ্বাচনকে কেন্দ্ৰ ধৰি বিজেপি চৰকাৰ গঠনত বিশেষ ভূমিকা আছিল শৰ্মাৰ।

ফনী শৰ্মা মূলতঃ আৰ এছ এছ যদিও তেওঁ অসম বিজেপিত সাংগঠনিক সম্পাদকৰ পদত কাৰ্যনিৰ্বাহ কৰি আছিল। অসমৰ লগতে ত্ৰিপুৰাৰো দায়িত্বত আছিল তেওঁ। দলীয় দৃষ্টিকোণেৰে অসমৰ এইগৰাকী প্ৰভাৱশালী নেতাৰ ২০২৪ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে উক্ত দায়িত্বৰ পৰা আঁতৰ কৰাত বহু নেতা এতিয়া বিপদত পৰিছে। আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থিত্ব নিৰ্বাচন কৰাৰ ক্ষেত্ৰত শৰ্মাই বিশেষ ভূমিকা পালন কৰিব বুলি তেওঁলোকে ভাবি আছিল।

কিন্তু শেষ মুহূৰ্তত তেওঁক উক্ত পদবীৰ পৰা আঁতৰাই হাৰিয়ানাত অনুৰূপ পদবীত নিযুক্তি দিয়ে জে পি নড্ডাই। মোহন ভগৱতে অসম ভ্ৰমণ কৰি থকা সময়ত এই ৰদ-বদলে যথেষ্ট তাৎপৰ্য বহন কৰিছে। বিজেপিৰ প্ৰাক্তন নলবাৰীৰ বিধায়ক অশোক শৰ্মাই দলীয় ভিতৰচ'ৰাত ন বিজেপিৰ দপদপনিক লৈ সৰব হোৱাৰ পিছত এনে সিদ্ধান্ত লক্ষণীয়।

ফনী শৰ্মাক অসমৰ সাংগঠনিক পদৰ পৰা আঁতৰ কৰাত উৎসাহী হৈ পৰিছে পুৰণি এচাম বিজেপি নেতা। ফনী শৰ্মাৰ কৃপা ধন্য হৈ মন্ত্ৰী সভাত স্থান লাভ কৰা বিধায়কৰ বাবেও এতিয়া এই পদক্ষেপে অশুভ ইংগিত বহন কৰিছে। আনহাতে ৰাষ্ট্ৰীয় সম্পাদক তথা মঙলদৈ সমষ্টিৰ সাংসদ দিলীপ শইকীয়াকো উক্ত পদবীৰ পৰা আঁতৰাই কামাখ্যা প্ৰসাদ তাছাক দিছে নতুন দায়িত্ব।

বৰ্তমানৰ বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ বিৰুদ্ধে উত্থাপিত বহু কেইটা অভিযোগৰ পাছত যিকোনো মুহূৰ্তত শইকীয়াক উক্ত পদত অধিষ্ঠিত কৰাৰ সম্ভাৱনাক নুই কৰিব নোৱাৰি। ইফালে অসম বিজেপিৰ সাংগঠনিক সম্পাদক ৰূপে নতুন দায়িত্ব দিয়া হৈছে জি আৰ ৰাজুক।

অসমৰ ৰাজনীতিত হঠাৎ মূল্যহীন হ'ল ফনী শৰ্মা
জামুগুৰিহাট ইটাখোলা আৰক্ষীৰ সাফল্যঃ ২৩ ‌কাৰ্টুন অৰুণাচলী সুৰাসহ আটক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in