ডিজিটেল ডেস্কঃ ক্ষমতাৰ ৰাগীত মাতাল বিজেপি নেতাৰ কাণ্ডই জোকাৰিছে সমগ্ৰ দেশ। পথত বহি থকা আদিবাসী ব্যক্তিৰ মুখত কৰিলে প্ৰসাব। এই সমগ্ৰ দৃশ্য বন্দী হৈ ৰ’ল কেমেৰাত। ভাইৰেল হৈ পৰিছে সমগ্ৰ দেশজুৰি। সামাজিত মাধ্যমত উঠিছে সমালোচনাৰ জোৱাৰ।
মধ্যপ্ৰদেশত সংঘটিত হোৱা এই ঘটনাক লৈ সৰৱ হৈ উঠিছে বিভিন্ন দল, সংগঠনৰ নেতাৰ লগতে ৰাজনৈতিক দলসমূহো।কংগ্ৰেছৰ মতে পথৰ ওপৰত বহি থকা এই আদিবাসী লোকজনৰ মুখত প্ৰসাব কৰা এই ব্যক্তিজন স্থানীয় বিজেপিৰ বিধায়ক কেদাৰনাথ শুক্লাৰ প্ৰতিনিধি প্ৰৱেশ শুক্লা।
সেয়ে স্বাভাৱিকতে সমালোচনাৰ সন্মুখীন হৈছে মধ্যপ্ৰদেশৰ শিৱৰাজ সিং চৌহান নেতৃত্বাধীন বিজেপি চৰকাৰ। এই ঘটনাত বিব্ৰত হোৱা শিৱৰাজ সিং চৌহানে তদন্তৰো নিৰ্দেশ প্ৰদান কৰিছে। অভিযুক্তৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় নিৰাপত্ত আইনৰ ধাৰাত গোচৰ ৰুজু কৰাৰ নিৰ্দেশ দিছে।
মঙ্গলবাৰে এই অভিযুক্ত বিজেপি নেতাক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। তেওঁৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ধাৰা ২৯৪, ৫০৪ আৰু অনুসূচীত জাতি, অনুসূচীত জনজাতি আইনৰ অধীনতো গোচৰ ৰুজু কৰা হৈছে।
উল্লেখ্য যে, ভাইৰেল হৈ পৰা দৃশ্যত দেখা গৈছে, এখন দোকানৰ সন্মুখত এজন ব্যক্তি বহি আছে। সন্মুখত এখন হাতত এটা ছিগাৰেট লৈ এজন ব্যক্তিয়ে বহি থকা লোকজনৰ মুখত প্ৰসাব কৰিছে।বহি থকা ব্যক্তিজনৰ মুখত প্ৰসাব কৰা বিজেপি নেতাজনৰ মুখত ফুটি উঠিছে পৈশাচিক আনন্দ।
এই ঘটনা সন্দৰ্ভত বিজেপিক আক্ৰমণৰ লক্ষ্য কৰি মধ্যপ্ৰদেশ কংগ্ৰেছৰ নেতা আব্বাছ হাফিজে কয়, আদিবাসীৰ উন্নয়নক লৈ মিছা প্ৰতিশ্ৰুতি দিয়া বিজেপিৰ এজন নেতাই দৰিদ্ৰ আদিবাসীৰ দেহত এইদৰে প্ৰসাব কৰিছে। অত্যন্ত লজ্জাজনক কাম। শিৱৰাজ সিং চৌহান আপোনাৰ অদিবাসী প্ৰেম ক’ত গ’ল? এয়া কি জংগলৰাজ নেকি?
आदिवासियों के हितों की झूठी बात करने वाली भाजपा का नेता एक आदिवासी ग़रीब व्यक्ति के ऊपर इस तरह पैशाब कर रहा है।
अति निंदनीय कृत्य।@ChouhanShivraj जी यह है आपका आदिवासी प्रेम?? इस जंगलराज को क्या कहें और भाजपा नेता की गिरफ़्तारी क्यूँ नहीं हुई ?
आरोपी का नाम प्रवेश शुक्ला बताया… pic.twitter.com/ZwgeaYza5R— Abbas Hafeez (@AbbasHafeez) July 4, 2023
Also Read: নৱমবাৰৰ বাবে ভাৰতৰ দখলত ছাফ চেম্পিয়নশ্বিৰ খিতাপ...