নতুন দিল্লীৰ চি আৰ পি এফ স্কুলত বিস্ফোৰণ...

দিল্লী আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত
নতুন দিল্লীৰ চি আৰ পি এফ স্কুলত বিস্ফোৰণ...
Published on
Updated on

ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰীয় ৰাজধানী নতুন দিল্লীত আজি পুৱাই সংঘটিত হয় এক বিস্ফোৰণ। নতুন দিল্লীৰ প্ৰশান্ত বিহাৰৰ ৰোহিনী অঞ্চলত থকা চি আৰ পি এফ স্কুলৰ বাহিৰত সংঘটিত হোৱা এই বিস্ফোৰণস্থলীত উপস্থিত হৈছে ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাৰ এটা দল।

তাৰোপৰি বিস্ফোৰণস্থলীত উপস্থিত হৈছে ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমণ বাহিনী আৰু নেচনেল ছিকিউৰিটি গাৰ্ড চমুকৈ এন এছ জিৰ এটা দল। এই বিস্ফোৰণৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে দিল্লী আৰক্ষীয়ে।

তাৰোপৰি এটা ফৰেঞ্চিক দলে বিস্ফোৰণস্থলীৰ নমুনা সংগ্ৰহ কৰিছে। দিল্লী আৰক্ষীৰ মতে এই বিস্ফোৰণ কিদৰে সংঘটিত হৈছে সেই বিষয়ে এতিয়ালৈকে কোনোধৰণৰ তথ্য লাভ কৰা নাই।

এই সন্দৰ্ভত তদন্ত কৰি থকা হৈছে। দিল্লী আৰক্ষীৰ পি আৰ অ' সঞ্জয় ত্যাগীয়ে জনোৱা মতে পুৱা প্ৰশান্ত বিহাৰ অঞ্চলত বিস্ফোৰণ শব্দ শুনিবলৈ পোৱা গৈছিল। তাৰ পাছতেই আৰক্ষীৰ এটা দল সেই স্থানত উপস্থিত হয়।

তেওঁলোকে অঞ্চলটোত প্ৰথমে এক দুৰ্গন্ধ লাভ কৰে আৰু তাৰ উৎস বিচাৰি চি আৰ পি এফ বিদ্যালয়ৰ চৌহদৰ ভিতৰত ভঙা খিৰিকীৰ কাঁচ আদি লাভ কৰে। জ্যেষ্ঠ বিষয়া, ফৰেনচিক বিভাগ, অপৰাধ অনুসন্ধান দল, বিশেষ তদন্তকাৰী গোট আদিয়ে ঘটনাৰ তদন্ত কৰি আছে বুলিও তেওঁ জনাইছে।

অৱশ্যে এই বিস্ফোৰণৰ ঘটনাত কোনো হতাহতি হোৱা নাই। কিন্তু বিস্ফোৰণস্থলীৰ কাষতে থকা এখন দোকান আৰু এখন বাহনৰ কিছু ক্ষতি হৈছে।

নতুন দিল্লীৰ চি আৰ পি এফ স্কুলত বিস্ফোৰণ...
ভাগ্য আমাৰ সুপ্ৰসন্ন নাছিল....

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in