ডিজিটেল ডেস্ক : দেশৰ বিশিষ্ট উদ্যোগপতি তথা মানৱদৰদী ব্যক্তি ৰতন টাটাৰ বিয়োগত মৰ্মাহত হৈছে সমগ্ৰ দেশবাসী। সমান্তৰালকৈ দেশৰ ক্ৰীড়া আৰু বলিউড জগতো ৰতন টাটাৰ বিয়োগত শোকে-তাপে ম্ৰিয়নমান হৈ পৰিছে।
ৰতন টাটাৰ সান্নিধ্য স্মৰণ কৰি আৱেগিক হৈ পৰে ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰ। তেঁও কয় যে, “আপোনাৰ লগত সময় অতিবাহিত কৰি মই ধন্য হৈছিলো, আপোনাৰ উত্তাৰাধিকাৰীয়ে মূল্যবোধেৰে জীয়াই ৰাখিব আপুনি গঢ় দিয়া প্ৰতিষ্ঠান। শান্তিত থাকক মিষ্টাৰ টাটা।“
অভিনেতা ছলমান খান, কমল হাছান, কাজল, অজয় দেৱগণ, অনুষ্কা শৰ্মা, সঞ্জয় দত্ত, প্ৰিয়ংকা চোপ্ৰা আদিয়েও শোক প্ৰকাশ কৰে ৰতন টাটাৰ বিয়োগত।
জ্যেষ্ঠ অভিনেতা কমল হাছানে কয়- “ৰতন টাটা মোৰ বাবে এজন নায়ক আছিল। যাক মই গোটেই জীৱন অনুকৰণ কৰিবলৈ চেষ্টা কৰিছো। ৰাষ্ট্ৰ নিৰ্মাণত অৱদান তেঁওৰ অৱদান দেশবাসীয়ে চিৰকাল মনত ৰাখিব। তেওঁৰ নৈতিকতা, সততা, নম্ৰতাৰ তেঁওৰ ব্যক্তিত্বৰ উপাদান।“
Ratan Tata Ji was a personal hero of mine, someone I’ve tried to emulate throughout my life. A national treasure whose contributions in nation-building shall forever be etched in the story of modern India.
His true richness lay not in material wealth but in his ethics,… pic.twitter.com/wv4rbkH2i1— Kamal Haasan (@ikamalhaasan) October 9, 2024
অভিনেতা ছলমান খানে নিজৰ এক্স হেণ্ডলত ৰতন টাটাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে। একদেৰে অজয় দেৱগণে কয়- বিশ্বই আজি এজন দূৰদৰ্শী ব্যক্তিক হেৰুৱালে। আজি সমগ্ৰ বিশ্বই শোক প্ৰকাশ কৰিছে। ৰতন টাটাৰ উত্তৰাধিকাৰীয়ে অনাগত প্ৰজন্মক চিৰদিনৰ বাবে অনুপ্ৰাণিত কৰিব।
The world mourns the loss of a visionary. Ratan Tata's legacy will forever inspire generations. His contributions to India and beyond are immeasurable. We are deeply grateful. Rest in peace, Sir. 🙏
— Ajay Devgn (@ajaydevgn) October 9, 2024
অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাই কয়- আপোনাৰ দয়াই লাখ লাখ লোকক স্পৰ্শ কৰিছিল। আপোনাৰ নেতৃত্ব আৰু উদাৰতা আপোনাৰ উত্তৰাধিকাৰীয়ে অনাগত প্ৰজন্মক অনুপ্ৰাণিত কৰি ৰাখিব। আপুনি আমাৰ দেশৰ বাবে কৰা সকলোবোৰ কামৰ বাবে আপোনাক ধন্যবাদ। আপুনি আমাৰ সকলোৰে বাবে অনুপ্ৰেৰণা হৈ থাকিব।
Deeply saddened by the passing of Mr. Ratan Tata.
— Salman Khan (@BeingSalmanKhan) October 9, 2024
মোহময়ী অভিনেত্ৰী অনুষ্কা শৰ্মাই সামাজিক মাধ্যমযোগে ৰতন টাটাৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন কৰে। তেঁও কয়- ৰতন টাটাৰ কৰুণ খবৰ লাভ কৰি মই গভীৰভাৱে দুঃখিত। তেখেতে কৰা সকলো কামত ফুটি উঠিছিল সততা, আৰু মৰ্যাদাৰ ছবি। প্ৰতিটো কামতে মূল্যবোধক বজাই ৰাখিছিল। তেঁও সঁচাকৈয়ে এজন আইকন।
Also Read: ৰতন টাটা