ডিজিটেল ডেস্কঃ এইবাৰ উৰন্ত বিমানত বোমাতংক। দিল্লীৰ পৰা চিকাগো অভিমুখী এয়াৰ ইণ্ডিয়াৰ এখন যাত্ৰীবাহী বিমানে অনলাইন যোগে এক ভাবুকি লাভ কৰে। য’ত বিমানত বোমা থকাৰ কথা উল্লেখ কৰা আছিল ৷ এই ভাবুকি পোৱাৰ পিছতে লগে লগে বিমানখনৰ পাইলটজনে জৰুৰীকালীন অৱতৰণৰ বাবে চিকাগোৰ পৰিৱৰ্তে কানাডাৰ এক বিমানবন্দৰলৈ গতিপথ সলনি কৰে।
প্ৰাপ্ত তথ্য অনুসৰি,১৫ অক্টোবৰ মঙলবাৰে দিল্লীৰ পৰা চিকাগোলৈ যাত্ৰা কৰা AI127 বিমানখনে অনলাইনযোগে বিমানখনত এটা বোমা সংস্থাপন কৰা আছে বুলি এটা ভাবুকি পায়। সেয়ে নিৰাপত্তাৰ খাতিৰত বিমানখনক কানাডাৰ ইকালুইট বিমানবন্দৰলৈ লৈ যোৱা হয়, য'ত সুৰক্ষা প্ৰটোকল অনুসৰণ কৰি যাত্ৰীসকলক পৰীক্ষা কৰা হয়। সৌভাগ্যবশতঃ এই ভাবুকি ভূৱা প্ৰমাণিত হয় ৷
ইয়াৰ পূৰ্বে সোমবাৰেও একে ধৰণে এয়াৰ ইণ্ডিয়াৰ আন এটি বিমানে বোমা থকাৰ ভাবুকি পাইছিল। উক্ত বিমানৰ যাত্ৰাপথ আছিল মুম্বাইৰ পৰা নিউয়ৰ্ক ৷ মাজ আকাশতে বোমাৰ ভাবুকি লাভ কৰাৰ পিছত বিমানখনৰ বাট সলাই দিল্লীত অৱতৰণ কৰোৱা হয় যদিও এই ভাবুকিও ভূৱা প্ৰমাণিত হৈছিল।
Also Read: জামুগুৰিহাটত চুৰিকাণ্ডঃ লুটি নিলে নগদ ধন আৰু আ-অলংকাৰ