আপুনি জানেনে ভাৰতৰ সৰ্বাধিক প্লেটফৰ্ম থকা ষ্টেচন কোনটো?

আপুনি জানেনে ভাৰতৰ সৰ্বাধিক প্লেটফৰ্ম থকা ষ্টেচন কোনটো?
Published on
Updated on

ডিজিটেল ডেস্কঃ দেশৰ কোনটো ৰে'ল ষ্টেচনত সৰ্বাধিক সংখ্যক প্লেটফৰ্ম আছে আপুনি জানেনে? আপোনাৰ মনলৈ সম্ভৱতঃ দেশৰ ৰাজধানী দিল্লীৰ ৰে'ল ষ্টেচনৰ কথাই আহিছে! কিন্তু নহয়, ৰাজধানী দিল্লীৰ ষ্টেচনত আছে মাত্ৰ ১৬টা প্লেটফৰ্ম।

আজি আপোনালোকক কম ভাৰতবৰ্ষৰ আটাইটকৈ ব্যস্ত ৰে'ল ষ্টেচনটোৰ বিযয়ে। আপুনি জানি আচৰিত হ'ব যে এই ৰে'ল ষ্টেচনত আছে ২৬ টা ট্ৰেকৰ ৰেলপথ। তাতকৈ আচৰিত যে এই ৰে'ল ষ্টেচনত মুঠ ২৩ টা প্লেটফৰ্ম আছে।

দেশৰ সৰ্বাধিক সংখ্যক প্লেটফৰ্ম থকা ষ্টেচন হিচাপে পৰিগণিত হৈছে পশ্চিম বংগৰ ৰাজধানী কলকাতাৰ হাওৰা ষ্টেচন৷ ঐতিহ্যমণ্ডিত হাওৰা লোহাৰৰ দলংৰ কাষতে স্থিত ৰে’ল জংচনটো দেশ-বিদেশৰ পৰ্যটকৰ বাবে অন্যতম কেন্দ্ৰবিন্দু হিচাপে পৰিগণিত হৈ আহিছে ৷

ইয়াক ভাৰতৰ আটাইতকৈ পুৰণি ৰে'ল ষ্টেচন বুলিও গণ্য কৰা হয়। হাওৰা জংচন হুগলী নদীৰ ওপৰত নিৰ্মিত হাওৰা দলঙৰ মাজেৰে কলকাতা চহৰৰ সৈতে সংযোগ স্থাপন কৰে। ষ্টেছনটো কলকাতা মেট্ৰ'পলিটান চহৰত সেৱা আগবঢ়োৱা পাঁচটা আন্তঃমহানগৰ ৰে’ল ষ্টেছনৰ ভিতৰত এক অন্যতম। সমগ্ৰ ভাৰতৰ ১৩৭৩ টা ষ্টেচন হাওৰা ৰে’ল ষ্টেছনৰ সৈতে পোনপটীয়াকৈ সংযুক্ত। 

আপুনি জানি আচৰিত হ'ব যে প্ৰতিদিনে প্ৰায় ৩৫০খন ৰেল এই হাওৰা জংচনৰে পাৰ হয়। উল্লেখযোগ্য যে ভাৰতত প্ৰথম ৰে'লখন ১৮৫৩ চনত মুম্বাইৰ পৰা কৰিছিল আনহাতে দ্বিতীয়খন ৰে'ল ১৮৫৪ চনত হাওৰা জংচনৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল।

উল্লেখযোগ্য যে ভাৰতীয় ৰে'লৱে হৈছে বিশ্বৰ চতুৰ্থ সৰ্ববৃহৎ ৰাষ্ট্ৰীয় ৰে’ল ব্যৱস্থা। ২০২৩-২৪ চনৰ এক জৰীপ মতে ভাৰতীয় ৰে’লৱেৰ মুঠ পথৰ দৈঘ্য ১২৬,৩৬৬ কিলোমিটাৰ। যাত্ৰীৰ ভ্ৰমণ আৰামদায়ক কৰাৰ বাবে ভাৰতীয় ৰে’লৱেয়ে ট্ৰেকৰ দৈৰ্ঘ্য  আৰু অধিক বৃদ্ধি কৰাৰ পৰিকল্পনা কৰিছে।

আপুনি জানেনে ভাৰতৰ সৰ্বাধিক প্লেটফৰ্ম থকা ষ্টেচন কোনটো?
আপুনি বাৰু জানেনে ক'ত আছে ভাৰতৰ অন্তিমখন গাঁও?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in