গোলকীয় উষ্ণতা বৃদ্ধি: বনজুইৰ কবলত কানাডাৰ ৩.৩ মিলিয়ন হেক্টৰ ভূমি...

ভয়াৱহ বনজুইৰ কবলত কানাডা। বিগত বহু বছৰ ধৰি কানাডাত সংঘটিত হৈ আহিছে বনজুইৰ ঘটনা

author-image
Asomiya Pratidin
New Update
গোলকীয় উষ্ণতা বৃদ্ধি: বনজুইৰ কবলত কানাডাৰ ৩.৩ মিলিয়ন হেক্টৰ ভূমি...

ডিজিটেল ডেস্ক : ভয়াৱহ বনজুইৰ কবলত কানাডা। বিগত বহু বছৰ ধৰি কানাডাত সংঘটিত হৈ আহিছে বনজুইৰ ঘটনা। প্ৰায় প্ৰতি বছৰে কানাডাৰ পশ্চিম প্ৰান্তৰ অৰণ্যবোৰত গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবে সূত্ৰপাত হয় বনজুইৰ। যাক স্বাভাৱিক ঘটনা হিচাবে মানি আহিছে স্থানীয় বাসিন্দাই। পিছে এইবাৰৰ বনজুইয়ে চিন্তিত কৰিছে কানাডাৰ লগতে মাৰ্কিন যুক্তৰাষ্ট্ৰক। কিয়নো এই বৰ্ষৰ বনজুইয়ে সৃষ্টি কৰিছে ভয়াৱহ পৰিস্থিতিৰ। অনিয়ন্ত্ৰিত ৰূপত দেখা গৈছে বনজুই।

কানাডাৰ তথ্য অনুসৰি এইবৰ্ষৰ বনজুইৰ কবলত ৩.৩ মিলিয়ন হেক্টৰ ভূমি। জুইৰ শিখাই অৰণ্যবোৰক ছানি ধৰাৰ সমান্তৰালভাবে কাষৰীয়া লোকৰো বহু ক্ষতিসাধন কৰিছে। ইয়াৰ প্ৰভাৱ বাৰুকৈয়ে পৰিছে মাৰ্কিন যুক্তৰাষ্ট্ৰত। এই বনজুইৰ বাবে আমেৰিকাৰ পূব উপকূলীয় আকাশত ছাই মিহলি ধোঁৱা দেখিবলৈ পোৱা গৈছে। যাৰ বাবে মানৱ দেহৰ ক্ষতিকাৰক বুলি ঘোষণা কৰি স্থানীয় বাসিন্দাক ঘৰৰ ভিতৰত থাকিবলৈ আহ্বান জনাই শাসক পক্ষই। উল্লেখ্য যে, বিগত ১০ টা বছৰৰ তুলনাত ১৩ গুণ বৃদ্ধি পাইছে কানাডাৰ এই বৰ্ষৰ বনজুই। যি বনজুইয়ে প্ৰভাৱিত কৰিছে কানাডাৰ প্ৰধান চহৰবোৰক।

Also Read: প্ৰসংগ- এ পি এছ চি কেলেংকাৰী: আজি সাক্ষ্য গ্রহণ ভঙাগড় থানাৰ গোচৰৰ...

Forest Fire canada