পিঁয়াজৰ ৰপ্তানি আৰু ঘেঁহুৰ অত্যাধিক ষ্টকত নিষেধাজ্ঞাঃ ঘৰুৱা বজাৰত দাম নিয়ন্ত্ৰণৰ বাবে এই সিদ্ধান্ত...

পিঁয়াজৰ ৰপ্তানি আৰু ঘেঁহুৰ অত্যাধিক ষ্টকত নিষেধাজ্ঞাঃ ঘৰুৱা বজাৰত দাম নিয়ন্ত্ৰণৰ বাবে এই সিদ্ধান্ত...

author-image
Asomiya Pratidin
New Update
পিঁয়াজৰ ৰপ্তানি আৰু ঘেঁহুৰ অত্যাধিক ষ্টকত নিষেধাজ্ঞাঃ ঘৰুৱা বজাৰত দাম নিয়ন্ত্ৰণৰ বাবে এই সিদ্ধান্ত...

পিঁয়াজৰ ৰপ্তানি আৰু ঘেঁহুৰ অত্যাধিক ষ্টকত নিষেধাজ্ঞাঃ ঘৰুৱা বজাৰত দাম নিয়ন্ত্ৰণৰ বাবে এই সিদ্ধান্ত...

ডিজিটেল ডেস্কঃ ঘৰুৱা বজাৰত পিঁয়াজৰ পৰ্যাপ্ত উপলভ্যতা সুনিশ্চিত কৰাৰ লগতে দাম নিয়ন্ত্ৰণ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে অহা বছৰৰ মাৰ্চ পৰ্যন্ত পিঁয়াজৰ ৰপ্তানি নিষিদ্ধ কৰিছে। আনহতে ঘেঁহুৰ ব্যৱসায়ী আৰু পাইকাৰী বিক্ৰেতাসকলৰ বাবে ষ্টকৰ সীমাও হ্ৰাস কৰিছে।

বিদেশ বাণিজ্য সঞ্চালকালয়ে জাৰি কৰিছে অধিসূচনা

পিঁয়াজৰ ৰপ্তানিত নিষেধাজ্ঞা আৰোপ কৰি এই সন্দৰ্ভত বিদেশ বাণিজ্য সঞ্চালকালয়ে এক অধিসূচনা জাৰি কৰিছে। এই এই অধিসূচনা শুকুৰবাৰৰ পৰাই কাৰ্যকৰী হৈছে।

সেই অনুসৰি অধিসূচনা জাৰি কৰাৰ পূৰ্বে জাহাজত ভৰ্তি কৰা প্ৰক্ৰিয়া আৰম্ভ হোৱা পিঁয়াজৰ খেপসমূহ ৰপ্তানিৰ অনুমতি দিয়া হ'ব। একেদৰে অধিসূচনা জাৰি কৰাৰ পূৰ্বে পৰিবহণ ৰছিদ দাখিল কৰা আৰু পিঁয়াজ ৰপ্তানিৰ বাবে ইতিমধ্যে ভাৰতীয় বন্দৰত লংগৰ পেলোৱা তথা ৰটেচন নম্বৰ আৱণ্টন কৰা জাহাজসমূহকো ৰপ্তানিৰ অনুমতি দিয়া হ'ব। এইক্ষেত্ৰত ৰপ্তানিৰ সময় সীমা অহা বছৰৰ ৫ জানুৱাৰী ধার্য কৰা হৈছে।

পিঁয়াজৰ পাছতে ঘেঁহুক লৈ জাৰি কৰিলে নিৰ্দেশনা

ঘৰুৱা উপলব্ধতা বৃদ্ধি কৰা আৰু মূল্য নিয়ন্ত্ৰণত ৰখাৰ লক্ষ্যৰে, চৰকাৰে শুকুৰবাৰে ব্যৱসায়ীসকলে ঘেঁহুৰ ষ্টকৰ পৰিমাণ হ্ৰাস কৰিছে। চৰকাৰে ২০২৪ ৰ মাৰ্চ লৈকে পিঁয়াজৰ ৰপ্তানি নিষিদ্ধ কৰাৰ এদিন পিছতে এই পদক্ষেপ গ্ৰহণ কৰিছে।

বিগত বছৰতো গ্ৰহণ কৰা হৈছিল পদক্ষেপ

২০২২ তো কেন্দ্ৰীয় চৰকাৰে উৎপাদন হ্ৰাস পোৱাৰ পৰিপ্ৰেক্ষিতত ঘেঁহৰ অত্যাধিক ষ্টকৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছিল। ইয়াৰ পাছত ঘৰুৱা বজাৰৰ কথা চিন্তা কৰি ঘেঁহুৰ ৰপ্তানিত নিষিদ্ধ কৰিছিল।

তাৰ পাছতো কিন্তু দেশত ঘেঁহুৰ মূল্য বৃদ্ধি হৈয়ে আছে। শুকুৰবাৰে, ঘেঁহুৰ সৰ্বভাৰতীয় দৈনিক গড় খুচুৰা মূল্য আছিল প্ৰতি কিলোগ্ৰামত ৩০.৯৬ টকা। বিগত বছৰত এই পৰিমাণ আছিল ৩০.৬ টকা।

শুকুৰবাৰে জাৰি কৰা হৈছে নিৰ্দেশনা

শুকুৰবাৰে এক নিৰ্দেশনাৰ জৰিয়তে, উপভোক্তা পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়ে ব্যৱসায়ী আৰু পাইকাৰী বিক্ৰেতাসকলৰ বাবে ঘেঁহুৰ ষ্টকৰ সীমা ১০০০ হাজাৰ মেট্ৰিক টন নিৰ্ধাৰণ কৰিছে। ৰিটেইলাৰৰ বাবে এই পৰিমাণ ৫ মেট্ৰিক টন নিৰ্ধাৰণ কৰা হৈছে। এয়া পূৰ্বৰ তুলনাত প্ৰায় আধা।

উল্লেখ্য যে, বিগত বছৰত ঘেঁহুৰ ৰপ্তানি নিষিদ্ধ কৰাৰ পিছত ১৩ জুনত ব্যৱসায়ী আৰু ডাঙৰ চেইন ৰিটেইলাৰৰ বাবে ঘেঁহুৰ ষ্টকৰ সীমা ৩ হাজাৰ মেট্ৰিক টন নিৰ্ধাৰণ কৰা হৈছিল। ১৪ ছেপ্টেম্বৰত এই সংখ্যা ২ হাজাৰ মেট্ৰিক টনলৈ হ্ৰাস কৰা হয়।

১ নৱেম্বৰলৈকে কেন্দ্ৰীয় পুলত ঘেঁহু মজুত আছিল ২১৮.৭৬ লাখ মেট্ৰিক টন। ২০২২ বৰ্ষৰ ১ নৱেম্বৰত এই পৰিমাণ আছিল ২১০.৪৬ মেট্ৰিক টনতকৈ অধিক।

বিগত বছৰৰ তুলনাত অধিক এইবাৰ পিঁয়াজৰ মূল্য

বৰ্তমান সময়ত বিগত বছৰৰ তুলনাত পিঁয়াজৰ মূল্য অধিক হৈ আছে। যাৰ বাবে কেন্দ্ৰীয় চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। শুকুৰবাৰে সৰ্বভাৰতীয় বজাৰত পিঁয়াজৰ দৈনিক গড় মূল্য প্ৰতি কিলোগ্ৰামত ৫৮.৮২ টকা।

এবছৰৰ আগত একেটা দিনতে পিঁয়াজৰ প্ৰতি কেজিত মূল্য আছিল ২৮.৮৮ টকা। শতাংশৰ হিচাপত এয়া ৯৬.৭৫ অধিক।

Also Read: টাটা গ্ৰুপে জাগীৰোডত ছেমিকণ্ডাক্ট প্ৰকল্পত ব্যয় কৰিব ৪০ হাজাৰ কোটি...

পিঁয়াজৰ মূল্য