কেন্দ্ৰীয় মন্ত্ৰীৰ মুখত অসমৰ ইতিহাস; পিছে কিয় ?

কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰীয়ে সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰিলে অসমৰ নেলীৰ ইতিহাসৰ কথা।

author-image
Asomiya Pratidin
New Update
কেন্দ্ৰীয় মন্ত্ৰীৰ মুখত অসমৰ ইতিহাস; পিছে কিয় ?

ডিজিটেল ডেস্ক : কেন্দ্ৰীয় মন্ত্ৰীৰ মুখত অসমৰ ইতিহাস। কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰীয়ে সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰিলে অসমৰ নেলীৰ ইতিহাসৰ কথা। কৰ্ণাটকৰ সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্ন উত্তৰ দিবলৈ গৈ মন্ত্ৰীগৰাকীয়ে অসমৰ ইতিহাসৰ কথা উল্লেখ কৰে।

সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত কংগ্ৰেছ নেতা ৰাহুল গান্ধীক সমালোচনা কৰি তেওঁ কয় যে, "ৰাহুল গান্ধীয়ে আমেৰিকালৈ গৈ ভাৰতৰ সংখ্যালঘুসকলৰ পৰিস্থিতিৰ কথা ব্যক্ত কৰে। পিছে তেওঁক আমি মনত পেলাই দিছো যে, ১৯৮৩ চনত অসমৰ নেলীত ২০০০ লোকৰ হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছিল। যি সময়ত তেওঁৰ বয়স আছিল ১৩ বছৰ।"

প্ৰকৃততে কংগ্ৰছ চৰকাৰৰ শাসন আৰু বৰ্তমান বিজেপি চৰকাৰৰ শাসনৰ কথা তুলনা কৰি এই কথা উল্লেখ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। অসমৰ নেলীৰ ঘটনাৰ সমান্তৰালভাবে মন্ত্ৰীগৰাকীৰ মুখত শুনিবলৈ পোৱা গ'ল ১৯৮৪ চনৰ শিখ গণহত্যাৰ বিষয়। তেতিয়াৰ কংগ্ৰেছ চৰকাৰ শাসিত সময় অনুপাতে বিজেপি শাসিত বৰ্তমান সময় যে সুৰক্ষিত সেই কথা বুজাবলৈকে এই দুই প্ৰসংগ টানি আনে মন্ত্ৰীগৰাকীয়ে।

Also Read: হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে কিয় প্ৰতিবাদত নামিল দলীয় কৰ্মী...

Govt of India