প্ৰতি বছৰে ২৫ জুনত পালন কৰিব সংবিধান হত্যা দিৱসঃ কেন্দ্ৰীয় চৰকাৰে জাৰি কৰিলে অধিসূচনা...

অমিত শ্বাহে এক্সত দিলে এই বাৰ্তা
প্ৰতি বছৰে ২৫ জুনত পালন কৰিব সংবিধান হত্যা দিৱসঃ কেন্দ্ৰীয় চৰকাৰে জাৰি কৰিলে অধিসূচনা...
প্ৰতি বছৰে ২৫ জুনত পালন কৰিব সংবিধান হত্যা দিৱসঃ কেন্দ্ৰীয় চৰকাৰে জাৰি কৰিলে অধিসূচনা...
Published on
Updated on

ডিজিটেল ডেস্কঃ কংগ্ৰেছ আৰু বিৰোধীয়ে বিজেপি আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভাৰতীয় সংবিধান সংশোধনৰ চেষ্টা অব্যাহত ৰখাৰ চেষ্টা অব্যাহত ৰখাৰ অভিযোগ উত্থাপন কৰি হাতত সংবিধান লৈ ঘূৰি ফুৰাৰ সময়তে এইবাৰ কেন্দ্ৰীয় চৰকাৰে আনুষ্ঠানিকভাৱে ২৫ জুনৰ দিনটোক সংবিধান হত্যা দিৱস হিচাপে ঘোষণা কৰিলে।

কেন্দ্ৰীয় গৃহমন্ত্ৰালয়ে এত অধিসূচনাৰ জৰিয়তে আজি এই কথা ঘোষণা কৰিছে। এই সন্দৰ্ভত গৃহমন্ত্ৰী অমিত শ্বাহে এক্সত এক পোষ্ট কৰিছে। তেওঁ লিখিছে -১৯৭৫ চনৰ ২৫ জুনত তেতিয়াৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে স্বৈৰাচাৰী মানসিকতাৰ নিৰ্লজ্জ প্ৰদৰ্শন কৰি দেশৰ ওপৰত জৰুৰীকালীন অৱস্থা জাপি দি গণতন্ত্ৰৰ আত্মাক শ্বাসৰুদ্ধ কৰিছিল। লাখ লাখ লোকক বিনা দোষত কাৰাগাৰত বন্দী কৰিছিল আৰু সংবাদ মাধ্যমৰ কণ্ঠৰোধ কৰিছিল। ভাৰত চৰকাৰে প্ৰতি বছৰৰে ২৫ জুনৰ দিনটোক সংবিধান হত্যা দিৱস হিচাপে পালন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই দিনটোত ১৯৭৫ চনৰ জৰুৰীকালীন অৱস্থাৰ অমানৱীয় বেদনা সহ্য কৰা সকলো লোকৰ অৱদানক ব্যাপকভাৱে স্মৰণ কৰা হ'ব । "

উল্লেখ্য যে, ১৯৭৫ ত ঘোষণা কৰা জৰুৰীকালীন অৱস্থাৰ বিৰুদ্ধে যিসকলে যুঁজ দিছিল আৰু চৰকাৰী উৎপীড়নৰ বলি হৈছিল তেওঁলোকলৈ শ্ৰদ্ধা জনোৱাৰ উদ্দেশ্যৰে এন ডি এ চৰকাৰে ২৫ জুন দিনটোক 'সংবিধান হত্যা দিৱস' হিচাপে ঘোষণা কৰিছে বুলি উল্লেখ কৰিছে।

প্ৰতি বছৰে ২৫ জুনত পালন কৰিব সংবিধান হত্যা দিৱসঃ কেন্দ্ৰীয় চৰকাৰে জাৰি কৰিলে অধিসূচনা...
চকীঘাট দলঙৰ সমীপত ভয়ংকৰ দুৰ্ঘটনাত নিহত দুই বাইক আৰোহী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in