চন্দ্ৰযান-৩ উৎক্ষেপনৰ বাবে সাজু ইছৰো...

চন্দ্ৰযান-৩ উৎক্ষেপনৰ বাবে সাজু ইছৰো...
Published on
Updated on

ডিজিটেল ডেক্সঃ “চন্দ্ৰযান-৩” উৎক্ষেপনৰ বাবে সম্পূৰ্ণ সাজু হৈ উঠিছে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰো)। অহা ১৪ জুলাইত অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাৰ পৰা উৎক্ষেপন কৰা হ’ব চন্দ্ৰযান-৩।

চন্দ্ৰযান-২ ৰ তুলনাত এইবাৰ মহাকাশযান খনত সন্নিৱিষ্ট কৰা হৈছে অধিক পৰিমাণৰ ইন্ধন, কেইবাটাও বিফল-নিৰাপদ ব্যৱস্থা (fail-safe measures) আৰু বহল অৱতৰণৰ স্থান। “চন্দ্ৰযান-৩” ৰ সফল অৱতৰণেৰে ভাৰতক চন্দ্ৰপৃষ্ঠত মহাকাশযান অৱতৰণ কৰা পৃথিৱীৰ চতুৰ্থখন দেশ হিচাপে পৰিগণিত কৰাবলৈ ইছৰো এইবাৰ বদ্ধপৰিকৰ।ইয়াৰপূৰ্বে চন্দ্ৰপৃষ্ঠত মহাকাশযানৰ সফল অৱতৰণ কৰা তিনিখন দেশ হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ, ৰাছিয়া আৰু চীন।

ইছৰোৰ তথ্য অনুসৰি শুক্ৰবাৰে উৎক্ষেপনৰ প্ৰায় এমাহৰ পাছত “চন্দ্ৰযান-৩” মহাকাশযান খনে চন্দ্ৰৰ কক্ষপথত উপনীত হ'ব। 'বিক্ৰম' নামৰ লেণ্ডাৰ আৰু 'প্ৰজ্ঞান' নামৰ ৰভাৰখন অহা ২৩ আগষ্টত চন্দ্ৰত অৱতৰণ কৰাৰ সম্ভাৱনা আছে।

এই মহাকাশযানখন শ্ৰীহৰিকোটাত অৱস্থিত ভাৰতীয় মহাকাশবন্দৰ (spaceport) সতীষ ধৱন স্পেছচেন্টাৰ চমুকৈ SDSC SHAR ৰ পৰা  LVM3 ৰকেটেৰে উৎক্ষেপন কৰা হ’ব। ইছৰোৰ তথ্য অনুসৰি প্ৰপালচন মডিউলে লেণ্ডাৰ বিক্ৰম আৰু ৰভাৰ প্ৰজ্ঞানক ১০০ কিলোমিটাৰ চন্দ্ৰৰ কক্ষপথলৈ লৈ যাব, য’ত লেণ্ডাৰখন পৃথক হৈ সফল অৱতৰণৰ চেষ্টা কৰিব।

এই প্ৰপালচন মডিউলে স্পেক্ট্ৰ- পলাৰিমেট্ৰি অৱ হেবিটেৱল প্লেনেট আৰ্থ(SHAPE) নামৰ এক পেলোডো কঢ়িয়াই নিব, যিয়ে চন্দ্ৰৰ কক্ষপথৰ পৰা পৃথিৱীৰ বৰ্ণালীগত আৰু মেৰুমেট্ৰিতক জোখ-মাখ অধ্যয়ন কৰিব।

“চন্দ্ৰযান-৩” হৈছে “চন্দ্ৰযান-২” ৰ অনুসৰণমূলক অভিযান, যাৰ লক্ষ্য হৈছে পৃথিৱীৰ সন্মুখত চন্দ্ৰপৃষ্টত ভাৰতৰ মহাকাশযানৰ সফল অৱতৰণৰ সক্ষমতাক প্ৰদৰ্শন কৰা আৰু ৰভাৰ প্ৰজ্ঞানৰ নিৰাপদ অৱতৰণ কৰোৱা। এই ৰভাৰখনে চন্দ্ৰৰ গঠন আৰু ভূতাত্ত্বিক তথ্য সংগ্ৰহ কৰিব। ইয়াৰউপৰিও ই চন্দ্ৰৰ পৰিৱেশ, ইয়াৰ ইতিহাস, ভূতত্ত্ব, সম্পদৰ সম্ভাৱনাকে ধৰি আদি বিভিন্ন বৈজ্ঞানিক পৰীক্ষা-নিৰীক্ষা চলাব।

ইছৰোৰ তথ্য অনুসৰি, চন্দ্ৰযান-৩ ক অধিক ইন্ধনেৰে প্ৰস্তুত কৰা হৈছে যিয়ে ইয়াক  অধিক দূৰলৈ যাত্ৰা কৰাৰ, বিক্ষিপ্ততা চম্ভালিব পৰাৰ বা দৰকাৰ হ'লে বিকল্প অৱতৰণ স্থানলৈ যোৱাৰ ক্ষমতা প্ৰদান কৰিব।

সংবাদ সংস্থা পিটিআইৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ইছৰোৰ মুৰব্বী এচ সোমনাথে কয় যে, ইছৰোই ইতিমধ্যেই বহুতো বিফলতাৰ সন্মুখীন হৈছে গতিকে এইবাৰ এই অভিযান যিকোনো প্ৰকাৰেই সফল হোৱাতো কামনা কৰে।ইয়াৰ লগতে তেওঁ কয় যে, বিক্ৰম লেণ্ডাৰখনে যি অৱস্থাতেই অৱতৰণ নকৰক কিয় বিদুৎ উৎপাদন কৰিব পৰাকৈ ইয়াক সংশোধন কৰা হৈছে।লেণ্ডাৰখনে অধিক বেগ সহ্য কৰিব পৰা ক্ষমতাৰ বাবেও পৰীক্ষা কৰা হৈছে আৰু ইয়াৰ অন্যান্য পৃষ্ঠত অতিৰিক্ত সৌৰপেনেল আছে।

চন্দ্ৰযান-৩ উৎক্ষেপনৰ বাবে সাজু ইছৰো...
শেষ বাণী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in