আজি মহাকাশলৈ বুলি যাত্ৰা কৰিব চন্দ্ৰযান-৩য়ে

আজি মহাকাশলৈ বুলি যাত্ৰা কৰিব চন্দ্ৰযান-৩য়ে

author-image
Asomiya Pratidin
New Update
চন্দ্ৰযান-৩ অভিযানৰ ব্যয় ৬১৫ কোটি টকা : ১৪ জুলাইৰ দুপৰীয়া উৎক্ষেপণ

ডিজিটেল ডেস্ক : আজি ১৪ জুলাই, অৱশেষত আহি পালে সেই ক্ষণ। শুকুৰবাৰে দুপৰীয়া ২-৩৫ বজাত মহাকাশলৈ যাত্ৰা কৰিব চন্দ্ৰযান-৩য়ে।  শ্ৰীহৰিকোটাৰ পৰা উৎক্ষেপণ কৰা হ'ব চন্দ্ৰযান-৩খন।

তৃতীয়টো অভিযানৰ বাবে যাত্ৰা কৰিব চন্দ্ৰযানে। ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰ')ৰ প্ৰযুক্তিৰে নিৰ্মিত এল ভি এম-৩ ৰকেটৰে নিৰ্মাণ কৰা হৈছে চন্দ্ৰযান-৩খন। এই অভিযানত ব্যয় হৈছে প্ৰায়  ৬১৫ কোটি টকা। ইয়াৰ পূৰ্বে ২০০৮ চনৰ চন্দ্ৰযান-১ আৰু ২০১৯ চনত চন্দ্ৰযান-২য়ে চন্দ্ৰ অভিযানত গৈছিল।

উল্লেখ্য যে এই শুভক্ষণৰ বাবে চন্দ্ৰযান-৩ অভিযানৰ লগত জড়িত ইছৰ'ৰ বিজ্ঞানীসকলে তিৰুপতি মন্দিৰত মাংগলিক পূজা-অৰ্চনা আগবঢ়াইছে। এই মাহেন্দ্ৰক্ষণৰ সাক্ষী হ'বলৈ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই সাধাৰণ লোককো আমন্ত্ৰণ জনাইছে।

উল্লেখযোগ্য যে চন্দ্ৰযান-৩ অভিযানৰ লগত আন আন বিজ্ঞানীসকলৰ সৈতে অসমৰ চয়ন দত্তও ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে।

Also Read: চন্দ্ৰযান-৩ অভিযানৰ ব্যয় ৬১৫ কোটি টকা : ১৪ জুলাইৰ দুপৰীয়া উৎক্ষেপণ

Indian Space Research Organisation