ডিজিটেল ডেস্কঃ ইতিহাস ৰচিলে ভাৰতে। চন্দ্ৰপৃষ্ঠত সফল অৱতৰণ চন্দ্ৰযান-৩ৰ লেণ্ডাৰ বিক্ৰমৰ। ২৩ আগষ্ট, বুধবাৰৰ ৬.০৪ মিনিটো আছিল ভাৰতৰ বাবে ঐতিহাসিক ক্ষণ।
চন্দ্ৰপৃষ্ঠৰ দক্ষিণ মেৰুত ভাৰতে প্ৰথম অৱতৰণ কৰা দেশ হিচাপে চিহ্নিত হোৱাৰ লগে লগে দেশবাসী তথা ইছৰোক শুভেচ্ছা জনালে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। বিশ্ববাসীৰ আগত পুনৰবাৰ ভাৰতে মূৰ দাঙি থিয় হৈছে বুলি কৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে এই বিৰল ক্ষণৰ সাক্ষী হ'বলৈ পাই ধন্য হোৱা বুলি ব্যক্ত কৰে।
আনহাতে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰাও ভাৰতলৈ আহিছে শুভেচ্ছাৰ বৰষুণ। ইছৰোৰ লগতে ভাৰতবাসীক শুভেচ্ছা বিশ্বৰ বিভিন্ন মহাকাশ সংস্থাৰ। আনহাতে ৰাজ্যৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে যে "চন্দ্রযান-৩"ৰ ওপৰত তিনিখনকৈ ৰচনা প্ৰতিযোগিতাৰ আয়োজন কৰা হ'ব। চন্দ্রযানৰ ওপৰত ছাত্ৰ-ছাত্ৰী জ্ঞান বৃদ্ধিৰ উদ্দেশ্যেৰে এই প্ৰতিযোগিতা আয়োজন কৰা হ'ব বুলি মন্তব্য মুখ্যমন্ত্রীগৰাকীৰ।
Also Read: পুৰণি পেঞ্চন নীতি বাহাল ৰখাৰ দাবীত ধিং মহাবিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰী গোটৰ কৰ্মবিৰতি কাৰ্য্যসূচী