যৌন নিৰ্যাতনৰ অভিযুক্ত ব্ৰীজভূষণ চৰন সিঙৰ বিৰুদ্ধে ১০০০ পৃষ্ঠাৰ অভিযোগনামা দাখিল

যৌন নিৰ্যাতনৰ অভিযুক্ত ব্ৰীজভূষণ চৰন সিঙৰ বিৰুদ্ধে ১০০০ পৃষ্ঠাৰ অভিযোগনামা দাখিল

Published on

 ডিজিটেল ডেস্কঃ ৰেচলিং ফেডাৰেশ্যন অফ ইণ্ডিয়াৰ অধ্যক্ষ তথা বিজেপিৰ সাংসদ ব্ৰীজভূষণ চৰন সিঙৰ বিৰুদ্ধে অৱশেষত দিল্লী আৰক্ষীয়ে দাখিল কৰিলে ১০০০ পৃষ্ঠাৰ ছাৰ্জশ্বীট। ১৫ জুনত দিল্লী আৰক্ষীয়ে এই ছাৰ্জশ্বীট দুখনকৈ আদালতত দাখিল কৰে।

কোনো ধৰণৰ উপযুক্ত প্ৰমাণ নোহোৱাৰ বাবে আৰক্ষীয়ে পকচো গোচৰটো ক্লজ কৰিবলৈ আৰক্ষীয়ে আবেদন দাখিল কৰিছে। চৰকাৰী অধিবক্তাই কয় যে, আৰক্ষীয়ে ব্ৰীজভূষণৰ ওপৰত থকা পকচো আইনৰ গোচৰটো বাতিল কৰিবলৈ প্ৰতিবেদন দাখিল কৰিছে। এই সন্দৰ্ভত ৪ জুলাইত শুনানি হ'ব। এই গোচৰটো বাতিল কৰিবলৈ প্ৰায় ৫০০ পৃষ্ঠাৰ প্ৰতিবেদন দাখিল কৰিছে আৰক্ষীয়ে।

এক বিবৃতিত কোৱা হয় যে, "মল্লযোদ্ধাসকলে পঞ্জীয়ন কৰা এজাহাৰখ সন্দৰ্ভত তদন্ত সম্পূৰ্ণ হোৱাৰ পাছত  অভিযুক্ত ব্ৰজ ভূষণ চৰণ সিঙৰ বিৰুদ্ধে ধাৰা ৩৫৪, ৩৫৪ এ, ৩৫৪ডি আই পি চিক অধীনত আৰু অভিযুক্ত বিনোদ তোমাৰৰ বিৰুদ্ধে ১০৯./৩৫৪এ/৫০৬ আইপিচিৰ অধীনত অভিযোগনামা দাখিল কৰা হৈছে।

উল্লেখ্য যে, যোৱা এপ্ৰিল মাহৰ পৰাই দিল্লীত একাংশ মল্লযুঁজাৰুয়ে ব্ৰীজভূষণ চৰন সিঙৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ তুলি প্ৰতিবাদ সাৱ্যস্ত কৰি আহিছে। ৭ গৰাকীকৈ মল্লযুঁজাৰুয়ে তেওঁৰ বিৰুদ্ধে এই অভিযোগ দাখিল কৰিছে। ইয়াৰ ভিতৰত এগৰাকী নাবালিকাও আছে।

তেতিয়াৰ পৰাই প্ৰতিবাদকাৰী সকলে তেওঁক গ্ৰেপ্তাৰৰ দাবী জনাই আহিছিল যদিও আৰক্ষীয়ে কোনো ব্যৱস্থা লোৱা নাছিল। পৰৱৰ্তী সময়ত তেওঁলোকক পঞ্জাৱ, হাৰিয়ানা আদিৰ কৃষক সকলে লগ দিছিল। তাৰ কিছুদিন পাছতেই কেন্দ্ৰীয় গৃহমন্ত্ৰীকো সাক্ষাৎ কৰিছিল মল্লযুঁজাৰু সকলে। অৱশেষত আজি অভিযোগনামা দাখিল কৰে দিল্লী আৰক্ষীয়ে।

যৌন নিৰ্যাতনৰ অভিযুক্ত ব্ৰীজভূষণ চৰন সিঙৰ বিৰুদ্ধে ১০০০ পৃষ্ঠাৰ অভিযোগনামা দাখিল
CID কাৰ্যালয়,জখলাবন্ধাত উপস্থিত CBI ৰ দল
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in