ডিজিটেল ডেস্কঃ চলি আছে চট্টীশগড়ত প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া। ৰাজ্যখনত মঙলবাৰে ২০ খন আসনৰ বাবে চলি আছে ভোটগ্ৰহণ প্ৰক্ৰিয়া। ইয়াৰ মাজতে ৰাজ্য়খনত বিভিন্ন বিক্ষিপ্ত ঘটনা হোৱা পৰিলক্ষিত হৈছে।
ছুকমাৰ তাদমেটলা আৰু ডুলেডত চিআৰপিএফ আৰু মাওবাদীৰ মাজত সংঘৰ্ষ হোৱাৰ খবৰ জানিব পৰা গৈছে। মিনপাত, ভোটগ্ৰহণত নিৰাপত্তা প্ৰদান কৰিবলৈ অৰণ্যত সৈনিকসকলক মোতায়েন কৰা হৈছিল। এই সংঘৰ্ষ প্ৰায় ২০ মিনিট ধৰি চলে য'ত কেইবাজনো সৈনিক আহত হোৱা বুলি জানিব পৰা গৈছে।
আনহাতে কাংকেৰ জিলাৰ বান্দে থানা ক্ষেত্ৰতো সংঘৰ্ষ হোৱাৰ খবৰ পোৱা গৈছে। এই সংঘৰ্ষত কেইজনমান মাওবাদী নিহত হোৱাৰ সন্দেহ কৰা হৈছে। ছত্তিশগড়ৰ ছুকমাত চলি থকা ভোটগ্ৰহণৰ মাজতে দুপৰীয়া প্ৰায় ১ বজাত আৰক্ষী আৰু মাওবাদীৰ মাজত সংঘৰ্ষ হৈছিল। এই সংঘৰ্ষ প্ৰায় ৫-১০ মিনিট ধৰি চলে। আৰক্ষীয়ে জনোৱা অনুসৰি মাওবাদীসকলে উক্ত স্থানৰ পৰা মৃতদেহ লৈ পলাইছিল। অৱশ্যে সকলো সেনাকৰ্মী সুৰক্ষিত আছে আৰু ঘটনাস্থলীত অভিযান অব্যাহত আছে।
ইয়াৰোপৰি আজি পুৱাৰ ভাগত ৰাজ্য়খনত বোমা বিস্ফোৰণ হয়। মাওবাদী অধ্যুষিত ছুকমা অঞ্চলত সংঘটিত হৈছে এই ঘটনা। জানিব পৰামতে এই ঘটনাত নিৰাপত্তাৰ দায়িত্বত থকা এজন অৰ্ধসামৰিক বাহিনীৰ জোৱান আহত হয়। তন্দামাৰ্কাৰ অঞ্চলৰ ঘন জংঘলৰ মাজত এই বিস্ফোৰণ সংঘটিত হৈছিল।
উল্লেখ্য যে, ছত্তিশগড়ত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন ১৭ নৱেম্বৰত অনুষ্ঠিত হ'ব। দ্বিতীয় পৰ্যায়ত ৭০ খন আসনৰ বাবে অনুষ্ঠিত হ'ব নিৰ্বাচন।
Also Read: LIVE UPDATES: বিক্ষিপ্ত ঘটনাৰ মাজতে ছত্তিশগড়ত ৩ বজালৈ প্ৰায় ৬০ শতাংশ ভোটদান..