Chhattisgarh Assembly Election Live Updates: অন্ত পৰিল ভোটগ্ৰহণঃ ই ভি এমত আৱদ্ধ জনতাৰ জনাদেশ...

Chhattisgarh Assembly Election Live Updates: অন্ত পৰিল ভোটগ্ৰহণঃ ই ভি এমত আৱদ্ধ জনতাৰ জনাদেশ...
Chhattisgarh Assembly Election Live Updates: অন্ত পৰিল ভোটগ্ৰহণঃ ই ভি এমত আৱদ্ধ জনতাৰ জনাদেশ...

৬৭ শতাংশ ভোটাধিকাৰ সাব্যস্তৰে অন্ত পৰিলে ছত্তিশগড়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া

নিৰ্বাচন আয়োগে প্ৰকাশ কৰা আনুমানিক তথ্য অনুসৰি ছত্তিশগড়ত এইবাৰ ৬৭.৪৮ শতাংশ ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিলে। ইয়াৰে সৰ্বাধিক ভোটদান হ'ল ধামতাৰিত। ইয়াত ৭৯.৮৯ শতাংশ ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিলে। সৰ্বাধিক ভোটাধিকাৰ সাব্যস্তৰ দ্বিতীয় স্থানত আছে বালোড। ইয়াত মুঠ ৭৭.৬৭ শতাংশ ভোটাৰে সাব্যস্ত কৰিলে ভোটাধিকাৰ। আনহাতে সৰ্বনিম্ন ভোটাধিকাৰ সাব্যস্ত হ'ল ৰায়পুৰত। ইয়াত মাত্ৰ ৫৮.৮৩ শতাংশ ভোটাৰেহে ভোটাধিকাৰ সাব্যস্ত কৰিলে।

সম্পূৰ্ণ হ'ল ভোটগ্ৰহণ প্ৰক্ৰিয়াঃ ই ভি এমত আৱদ্ধ জনতাৰ জনাদেশ

ছত্তিশগড় বিধানসভাৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ সন্ধিয়া ৫ বজাৰ লগে লগে অন্ত পৰিছে। পুৱা ৮ বজাৰ পৰা এই ভোটগ্ৰহণ কেন্দ্ৰসমূহত ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল। অৱশ্যে ৯ টা ভোট কেন্দ্ৰৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া পুৱা ৭ বজাৰ পৰাই আৰম্ভ হৈছিল আৰু বিয়লি ৩ বজাত এই ভোট কেন্দ্ৰসমূহত ভোটগ্ৰহণ প্ৰক্ৰিয়া সমাপ্ত হৈছে।

৩ বজালৈকে ৫৫.৩১ শতাংশ ভোটাধিকাৰ সাব্যস্ত

দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ ৩ বজালৈকে ছত্তিশগড়ত ৫৫.৩১ শতাংশ ভোটাধিকাৰ সাব্যস্ত হৈছে। ৰাজ্যখনৰ ধামতাৰিত সৰ্বাধিক ৬৫.৩২ শতাংশ, বালোডত ৬৩.৪১ শতাংশ ভোটাধিকাৰ সাব্যস্ত হৈছি। ইয়াৰ বিপৰীতে গাওৰেলা-পেন্দ্ৰা-মাৰৱাহিত সৰ্বনিম্ন ৪৫.৩৯ শতাংশ আৰু ৰায়পুৰত ৪৬.৮৯ শতাংশ ভোটাধিকাৰ সাব্যস্ত হৈছে।

১ বজালৈ প্ৰায় ৩৮ শতাংশ ভোটাধিকাৰ সাব্যস্ত

নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি দিনৰ ১ বজালৈ ছত্তিশগড়ত ৩৭.৮৭ শতাংশ ভোটাধিকাৰ সাব্যস্ত হৈছে। ৰাজ্যখনত বলৰামপুৰত সৰ্বাধিক ৪৪.৭৫ শতাংশ আৰু ছুৰাজপুৰত ৪৪.৬৯ শতাংশ ভোটাধিকাৰ সাব্যস্ত হৈছে। ইয়াৰ বিপৰীতে বিলাসপুৰত সৰ্বনিম্ন ২৯.৬৪ শতাংশ ভোটাধিকাৰ সাব্যস্ত হৈছে।

ভূপেশ বাঘেলে ক'লে আমি ৭৫ খনৰো অধিক আসন পাম

দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ মাজতে ছত্তিশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে দাবী কৰিছে কংগ্ৰেছে ৯০ খন আসনৰ ভিতৰত ৭৫ খনৰো অধিক আসন লাভ কৰিব। এই নিৰ্বাচনত কোনো প্ৰতিদ্বন্দিতা নাই।

ভোটাধিকাৰ সাব্যস্ত কৰাটো সকলো নাগৰিকৰে গণতান্ত্ৰিক অধিকাৰ

ছত্তিশগড়ৰ ৰাজ্যপাল বিশ্বভূষণ হৰিচৰণে ভোটাধিকাৰ সাব্যস্ত কৰি কয়, ভোটাধিকাৰ সাব্যস্ত কৰাটো দেশৰ সকলো নাগৰিকৰে গণতান্ত্ৰিক অধিকাৰ। গণতন্ত্ৰই দাবী কৰে, সকলো নাগৰিকে তেওঁলোকৰ অধিকাৰ সাব্যস্ত কৰিব লাগে। ইয়াৰ জৰিয়তে তেওঁলোকে ৰাজ্য আৰু কেন্দ্ৰত কেনেধৰণৰ চৰকাৰ বিচাৰে সেই সিদ্ধান্ত গ্ৰহণ কৰে।

ৰাজ্যপাল বিশ্বভূষণ হৰিচৰণে সাব্যস্ত কৰিলে ভোটাধিকাৰ

ছত্তিশগড়ৰ ৰাজ্যপাল বিশ্বভূষণ হৰিচৰণে পত্নীৰ সৈতে ৰায়পুৰত সাব্যস্ত কৰিলে ভোটাধিকাৰ।

প্ৰায় ২০ শতাংশ ভোটাধিকাৰ সাব্যস্ত

দিনৰ ১১ বজালৈকে ১৯.৬৫ শতাংশ ভোটাধিকাৰ সাব্যস্ত। নিৰ্বাচন আয়োগে প্ৰকাশ কৰিছে এই তথ্য।

ঈশ্বৰৰ আশীৰ্বাদ লৈ উপ-মুখ্যমন্ত্ৰীয়ে ক'লে আমাৰ বিজয় নিশ্চিত

ছত্তিশগড়ৰ উপ-মুখ্যমন্ত্ৰী তথা অম্বিকাপুৰৰ কংগ্ৰেছ প্ৰাৰ্থি টি এছ সিং ডিঅ'য়ে অম্বিকাপুৰৰ মহামায়া মন্দিৰত আশীৰ্বাদ গ্ৰহণ কৰিছে। ভোটগ্ৰহণৰ মাজতে মন্দিৰ দৰ্শন কৰি তেওঁ কয়, আমি আমাৰ বিজয়ক লৈ নিশ্চিত। সকলো দিশৰ পৰা যোগাত্মক খবৰ আহিছে।

মহিলাৰ কান্ধত গুৰু দায়িত্ব

ছত্তিশগড় বিধানসভাৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ মাজতে মহিলাই এক ইতিহাস ৰচনা কৰিবলৈ সক্ষম হৈছে। ৰাজ্যখনৰ ৰায়পুৰৰ ২০১ টা ভোট কেন্দ্ৰৰ সকলো দায়িত্ব কান্ধ পাতি লৈছে কেৱল মহিলাই। ৰায়পুৰৰ এই ২০১ টা ভোটকেন্দ্ৰৰ সকলো দায়িত্বত আছে কেৱল মহিলা। ভাৰতীয় গণতন্ত্ৰৰ ইতিহাসত এনে ঘটনা এয়াই প্ৰথম।

৫.৭১ শতাংশ ভোটদান

পুৱা ৭ বজাৰ পৰা আৰম্ভ হোৱা ভোটগ্ৰহণ প্ৰক্ৰিয়াৰ ২ ঘণ্টা অতিক্ৰম কৰাৰ পাছত নিৰ্বাচন আয়োগে আগবঢ়োৱা তথ্য অনুসৰি ছত্তিশগড়ত ৯ বজালৈকে ৫.৭১ শতাংশ ভোটাধিকাৰ সাব্যস্ত হৈছে।

আপোনাৰ এটা ভোটে নিৰ্ধাৰণ কৰিব যুৱক-যুৱতী, কৃষক, মহিলাৰ ভৱিষ্যত

দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ মাজতে ছত্তিশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে কয়, আজি অৱশিষ্ট ৭০ খন আসনৰ ভোটগ্ৰহণ। আপোনাৰ এটা ভোটে নিৰ্ধাৰণ কৰিব যুৱ-যুৱতী, কৃষক, মহিলাৰ পৰৱৰ্তী ভৱিষ্যত। অনুগ্ৰহ কৰি ঘৰৰ পৰা ওলাই আহক আৰু ভোটদান কৰক। ছত্তিশগড়ৰ উন্নয়নৰ বাবে ভোটাধিকাৰ সাব্যস্ত কৰক।

হুইল ছেয়াৰত বহি ভোট দিবলৈ আহিল ভোটাৰ

৯৫৮ গৰাকীৰ ভাগ্য জনতৰা হাতত

দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণত ভাগ্য নিৰ্ণয় হ'ব ৯৫৮ গৰাকী প্ৰাৰ্থিৰ। ইয়াৰ ভিতৰত আছে হেভিৱেইট পাৰ্থি তথা মুখ্যমন্ত্ৰী ভূপেশ বাঘেলো। ৭০ টা সমষ্টিত অনুষ্ঠিত হোৱা এই দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণত আছে বিজেপিৰো কেইবাজনো হেভিৱেইট পাৰ্থি।

দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ আৰম্ভ

বিক্ষিপ্ত ঘটনাৰে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ সমাপ্ত হোৱাৰ পাছত আজি ছত্তিশগড়ত আৰম্ভ হৈছে দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ। পুৱা ৭ বজাৰ পৰা আৰম্ভ হোৱা এই ভোটগ্ৰহণ প্ৰক্ৰিয়াত ভোটাৰ ৰাইজৰ মাজত ব্যাপক উৎসাহ দেখিবলৈ পোৱা গৈছে।

X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in