মধ্যপ্ৰদেশ, ছত্তিশগড় বিধানসভাৰ ভোটগ্ৰহণঃ আশাপ্ৰদ জনতাৰ সহাৰি...

মধ্যপ্ৰদেশ, ছত্তিশগড় বিধানসভাৰ ভোটগ্ৰহণঃ আশাপ্ৰদ জনতাৰ সহাৰি...
মধ্যপ্ৰদেশ, ছত্তিশগড় বিধানসভাৰ ভোটগ্ৰহণঃ আশাপ্ৰদ জনতাৰ সহাৰি...
Published on
Updated on

ডিজিটেল ডেস্কঃ দুই এটা সৰু, বৰ বিক্ষিপ্ত ঘটনাৰ মাজতে অব্যাহত আছে মধ্যপ্ৰদেশ আৰু ছত্তিশগড় বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ। নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি দিনৰ ১ বজালৈকে মধ্যপ্ৰদেশত ৪৫.৪০ শতাংশ ভোটাধিকাৰ সাব্যস্ত হৈছে।

ৰাজ্যখনত বালাঘাটত সৰ্বাধিক ৫৪.৪৭ শতাংশ আৰু শ্বাজাপুৰত ৫৪.২৪ শতাংশ ভোটাধিকাৰ সাব্যস্ত হৈছে। ইয়াৰ বিপৰীতে ভূপালত সৰ্বনিম্ন ৩২.৮৩ শতাংশ ভোটাধিকাৰ সাব্যস্ত হৈছে।

ইয়াৰ বিপৰীতে দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অব্যাহত থকা ছত্তিশগড়ত নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি দিনৰ ১ বজালৈ ৩৭.৮৭ শতাংশ ভোটাধিকাৰ সাব্যস্ত হৈছে। ৰাজ্যখনত বলৰামপুৰত সৰ্বাধিক ৪৪.৭৫ শতাংশ আৰু ছুৰাজপুৰত ৪৪.৬৯ শতাংশ ভোটাধিকাৰ সাব্যস্ত হৈছে। ইয়াৰ বিপৰীতে বিলাসপুৰত সৰ্বনিম্ন ২৯.৬৪ শতাংশ ভোটাধিকাৰ সাব্যস্ত হৈছে।

উল্লেখ্য, ২৩০ খন আসনৰ মধ্যপ্ৰদেশ বিধানসভা নিৰ্বাচনত মুঠ ২৫৩৩ গৰাকী প্ৰাৰ্থিয়ে প্ৰতিদ্বন্দিতা কৰিছে। আনহাতে ছত্তিশগড়ৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হোৱা ৭০ খন আসনত ৯৫৮ গৰাকী প্ৰাৰ্থিয়ে প্ৰতিদ্বন্দিতা কৰিছে। ৰাজ্যখনৰ মুঠ বিধানসভাৰ আসন ৯০ খন। ইয়াৰ পূৰ্বে ৭ নৱেম্বৰত এই ৰাজ্যখনৰ ২০ খন আসনৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হৈ গৈছে।

মধ্যপ্ৰদেশ, ছত্তিশগড় বিধানসভাৰ ভোটগ্ৰহণঃ আশাপ্ৰদ জনতাৰ সহাৰি...
মধ্যপ্ৰদেশত বিজেপি কৰ্মীয়ে ভোট কেন্দ্ৰত প্ৰৱেশত বাধা দিলে কমল নাথৰ পুত্ৰকঃ ভাইৰেল ভিডিঅ'...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in