নিৰ্বাচনৰ পূৰ্বে ছত্তিশগড়ৰ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণাঃ বেকফুটত বিজেপি...

নিৰ্বাচনৰ পূৰ্বে ছত্তিশগড়ৰ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণাঃ বেকফুটত বিজেপি...
Published on
Updated on

ডিজিটেল ডেস্কঃ ছত্তিশগড়ৰ নিৰ্বাচনৰ পূৰ্বে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে কৰিলে এক ডাঙৰ ঘোষণা। সোমবাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যবাসীক উদ্দেশ্য কয়, ৰাজ্যখনত যদি পুনৰ কংগ্ৰেছ ক্ষমতালৈ আহে তেন্তে কৃষকসকলৰ সকলো ঋণ ৰেহাই দিয়া হ'ব।  

ভূপেশ বাঘেলে কয়, যিদৰে ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীয়ে দৰিদ্ৰৰ বাবে ঘৰ আৰু জাতিগত লোকপিয়লৰ কথা ঘোষণা কৰিছে ঠিক সেইদৰেই মই ঘোষণা কৰিছো কংগ্ৰেছ যদি পুনৰ ক্ষমতালৈ আহি তেন্তে কৃষকৰ ঋণ ৰেহাই দিয়া হ'ব।

ইয়োৰোপৰি তেওঁ পুনৰ কয়, ২০১৮ ত যিসমূহ প্ৰতিশ্ৰুতি দিছিল সেই প্ৰতিশ্ৰুতি কংগ্ৰেছ চৰকাৰে পূৰণ কৰিছে। ৰাজ্যখনৰ ১৮.৮২ লাখ কৃষকৰ ৯,২৭০ কোটি টকাৰ ঋণ ৰেহাই দিয়া হৈছে।

উল্লেখ্য যে, ২০১৮ ৰ বিধানসভাৰ নিৰ্বাচনত ৰাজ্যখনত কংগ্ৰেছে বিভিন্নধৰণৰ প্ৰতিশ্ৰুতি দিছিল। তাৰ মাজত অন্যতম আছিল কৃষকৰ ঋণ ৰেহায়। এনে প্ৰতিশ্ৰুতিৰ বাবেই কংগ্ৰেছ ৰাজ্যখনত ক্ষমতালৈ আহিবলৈ সক্ষম হৈছিল। বিজপিৰ ১৫ বছৰীয়া শাসনক উফৰাই জনসাধাৰণে কংগ্ৰেছক ক্ষমতালৈ আনিছিল।

স্মৰ্তব্য যে, এই ৰাজ্যখনত দুটা পৰ্যায়ত অহা ৭ আৰু ১৭ নৱেম্বৰত নিৰ্বাচন অনুষ্ঠিত হ'ব। আৰু ফলাফল ৩ ডিচেম্বৰত ঘোষণা কৰা হব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in