অসমৰ NRCকে ধৰি কেইবাটাও বিষয়ত শীঘ্ৰেই উচ্চতম ন্যায়ালয়ে দিব চূড়ান্ত ৰায়...

মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ ১০ নৱেম্বৰত অৱসৰ, তাৰ পূৰ্বে হাতত আছে মাত্ৰ ১৫ টা ৱৰ্কিং ডে'

author-image
Asomiya Pratidin
New Update
অসমৰ NRCকে ধৰি কেইবাটাও বিষয়ত শীঘ্ৰেই উচ্চতম ন্যায়ালয়ে দিব চূড়ান্ত ৰায়...

অসমৰ NRCকে ধৰি কেইবাটাও বিষয়ত শীঘ্ৰেই উচ্চতম ন্যায়ালয়ে দিব চূড়ান্ত ৰায়...

ডিজিটেল ডেস্কঃ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ অৱসৰৰ দিন চমু চাপি আহিছে। অহা নৱেম্বৰৰ ১০ তাৰিখে তেওঁ মুখ্য ন্যায়াধীশৰ পদৰ পৰা অৱসৰ গ্ৰহণ কৰিব যদিও অৱশ্যে ৮ নৱেম্বৰেই হ’ব তেওঁৰ কৰ্মক্ষেত্ৰত অন্তিম দিন। কিয়নো ৯ আৰু ১০ নৱেম্বৰ শনি আৰু দেওবাৰ হোৱাৰ বাবে ন্যায়ালয়ৰ কাম-কাজ বন্ধ থাকিব। তেওঁৰ হাতত এতিয়া আছে মাত্ৰ ১৫ টা ৱৰ্কিং ডে’।

সেয়ে অহা ৮ নৱেম্বৰৰ ভিতৰত যি কেইটা কৰ্ম দিন পাব সেই কেইটা দিনতেই তেওঁ কেইবাটাও গুৰুত্বপূৰ্ণ গোচৰৰ বিচাৰাধীন বিষয়ৰ ওপৰত সংবিধান পীঠৰ সিদ্ধান্ত আৰু নিৰ্দেশনা ঘোষণা কৰিব লাগিব। এই বিষয়সমূহৰ ভিতৰত আছে অসমৰ এন আৰ চি প্ৰক্ৰিয়া বৈধ নে অবৈধ বিষয়টোও।

উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশগৰাকীৰ নেতৃত্বত ৫ জনীয়া বিচাৰপীঠে শুনানি গ্ৰহণ কৰা এই গোচৰৰ শুনানিৰ আদেশ ২০২৩ ৰ ডিচেম্বৰত সংৰক্ষিত কৰিছিল। নাগৰিকত্ব আইন ১৯৫৫ ৰ ধাৰা ৬ ‘এ’ ক প্ৰত্যাহ্বান জনাই দাখিল কৰা আবেদন উঠিছিল ৫ জনীয়া বিচাৰপীঠত। এই বিচাৰপীঠত আছিল মুখ্যন্যায়াধীশগৰাকীৰ উপৰিও ন্যায়াধীশ সূৰ্য কান্ত, ন্যায়াধীশ এম এম সুন্দ্ৰেশ, ন্যায়াধীশ জেবি পাৰ্ডিৱালা আৰু ন্যায়াধীশ মনোজ মিশ্ৰ।

ইয়াৰ উপৰিও আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ সংখ্যালঘুস্থিতিৰ ওপৰত সংৰক্ষিত কৰি থোৱা ৰায়ো ঘোষণা কৰিব লাগিব। ন্যায়ালয়ৰ ৭ জনীয়া বিচাৰপীঠে যোৱা ফেব্ৰুৱাৰীত এই গোচৰৰ ৰায় সংৰক্ষিত কৰিছিল। আগন্তুক সময়ত ন্যায়ালয়ে সংবিধানৰ ৩০ নং অনুচ্ছেদৰ অধীনত আলিগড় মুছলিম বিশ্ববিদ্যালয়ে সংখ্যালঘুৰ মৰ্যাদা লাভ কৰেনে নাই সেই ৰায় প্ৰদান কৰিব লাগিব।

নিযুক্তি প্ৰক্ৰিয়াৰ নিয়ম সলনিৰ সন্দৰ্ভতো ডি ৱাই চন্দ্ৰচূড়ৰ অৱসৰৰ পূৰ্বে ৫ জনীয়া সাংবিধানিক বিচাৰপীঠে সিদ্ধান্ত ল’ব লাগিব।এই গোচৰৰ ৰায় ২০২৩ ৰ জুলাইত সংৰক্ষিত কৰা হৈছিল। এই গোচৰ ৰাজস্থান উচ্চ ন্যায়ালয়ৰ সৈতে সম্পৰ্কিত।

২০২৪ৰ এপ্ৰিলত ন্যায়ালয়ৰ ৯ জনীয়া বিচাৰপীঠে সংৰক্ষিত কৰিছিল কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ মাজৰ ক্ষমতা বিভাজন আৰু বিত্তীয় প্ৰভাৱ সম্পৰ্কৰ এক গোচৰৰ ৰায়। ন্যায়ালয়ে ৰাজ্য আৰু কেন্দ্ৰৰ ঔদ্যোগিক সুৰা নিয়ন্ত্ৰণ কৰাৰ ক্ষমতা আছেনে নাই সেই বিষয়ে পৰীক্ষা কৰি আছে।

সম্পদ পুনৰ বিতৰণ সম্পৰ্কীয় এক গুৰুত্বপূৰ্ণ ৰায়ো মুখ্য ন্যায়াধীশগৰাকীৰ অৱসৰৰ পূৰ্বেই ঘোষণা কৰিব লাগিব। এই গোচৰত ৯ জনীয়া বিচাৰপীঠে ব্যক্তিগত সম্পত্তি আহৰণ আৰু পুনৰ বিতৰণ কৰাৰ বাবে চৰকাৰৰ অধিকাৰ ক্ষেত্ৰ, সংবিধানৰ অনুচ্ছেদ ৩৯(খ) সেইবোৰক সম্প্ৰদায়ৰ ভৌতিক সম্পদ হিচাপে বিবেচনা কৰা উচিত নে অনুচিত সেই বিষয়ত সিদ্ধান্ত ল’ব লাগিব। তাৰোপৰি BYJUS ৰ বিৰুদ্ধে বিদেশী কোম্পানীয়ে দাখিল কৰা এক গোচৰৰ ওপৰতো ৰায় ঘোষণা কৰিব লাগিব।

Also Read: উৎসৱৰ বতৰত ৰোমিঅ'ক নিয়ন্ত্ৰণ কৰিবলৈ সাজু 'এণ্টি ৰোমিঅ' স্কোৱাড'...

উচ্চতম ন্যায়ালয় ডি ৱাই চন্দ্ৰচূড়