মহিলা ন্যায়াধীশৰ 'ইচ্ছা মৃত্যু'ৰ দাবী, প্ৰতিবেদন দাখিলৰ নিৰ্দেশ এলাহাবাদ উচ্চ ন্যায়ালয়ক

মহিলা ন্যায়াধীশৰ 'ইচ্ছা মৃত্যু'ৰ দাবী, প্ৰতিবেদন দাখিলৰ নিৰ্দেশ এলাহাবাদ উচ্চ ন্যায়ালয়ক
Published on
Updated on

ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ এগৰাকী মহিলা ন্য়ায়াধীশৰ 'ইচ্ছা মৃত্যু'ৰ পত্ৰ ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱা বিষয়টোত হস্তক্ষেপ কৰে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে। এই সন্দৰ্ভত তেওঁ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ পৰা আবেদন বিচাৰিছে।

সূত্ৰ অনুসৰি জানিব পৰা মতে নিশা মুখ্য ন্যায়াধীশ গৰাকীয়ে উচ্চতম ন্যায়ালয়ৰ মহাসচিব অতুল এম কুৰহেকাৰক এলাহাবাদ উচ্চ ন্যায়ালয় প্ৰশাসনৰ পৰা প্ৰতিবেদন বিচাৰিবলৈ নিৰ্দেশ দিয়ে। ইয়াৰ পাছতে মহাসচিবগৰাকীয়ে মহিলা ন্যায়াধীশে দিয়া সকলো অভিযোগৰ বিষয়ে তথ্য বিচাৰি এলাহাবাদ উচ্চ ন্যায়ালয়ৰ মহাপঞ্জীয়কলৈ এখন পত্ৰ লিখে।

ভাইৰেল হোৱা চিঠি অনুসৰি উত্তৰ প্ৰদেশৰ মহিলা ন্যায়াধীশ গৰাকীয়ে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰি 'ইচ্ছা মৃত্যু'ৰ দাবী কৰিছে। বান্দা জিলাত নিযুক্ত মহিলা ন্যায়াধীশগৰাকীৰ এখন পত্ৰ ভাইৰেল হৈ পৰিছিল য'ত তেওঁ অভিযোগ কৰিছে যে পোষ্টিঙৰ সময়ত জিলা ন্যায়াধীশ আৰু তেওঁ ঘনিষ্ঠ সহযোগীসকলে তেওঁৰ ওপৰত শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলাইছিল। এইটোও দাবী কৰিছে যে জিলা ন্যায়াধীশে তেওঁক নিশা লগ কৰিবলৈ হেঁচা দিছিল।

মহিলাগৰাকীয়ে চিঠিত লগতে উল্লেখ কৰিছে যে এই সন্দৰ্ভত তেওঁ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ লগতে বিভাগীয় কৰ্তৃপক্ষক এই সন্দৰ্ভত জনাইছিল। কিন্তু কোনোৱে একো ব্যৱস্থা নললে। বহুদিন ধৰি কোনো তদন্ত নোহোৱাৰ বাবে মহিলা গৰাকীয়ে ইচ্ছা মৃত্যু বিচাৰিছে।

মহিলা ন্যায়াধীশৰ 'ইচ্ছা মৃত্যু'ৰ দাবী, প্ৰতিবেদন দাখিলৰ নিৰ্দেশ এলাহাবাদ উচ্চ ন্যায়ালয়ক
পাৰিবাৰিক কন্দলৰ বাবে চৰম পন্থা এজনৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in