পলিটিকেল ছেকমেট ! ৰাহুল গান্ধীৰ পিছত এইবাৰ বিপদত ছোনিয়া গান্ধী

author-image
Asomiya Pratidin
New Update
পলিটিকেল ছেকমেট ! ৰাহুল গান্ধীৰ পিছত এইবাৰ বিপদত ছোনিয়া গান্ধী

ডিজিটেল ডেস্ক : কৰ্ণাটক নিৰ্বাচনৰ প্ৰচাৰৰ অন্তিম দিন আছিল সোমবাৰে । প্ৰত্যেকটো দলেই নিজৰ সৰ্বশক্তি প্ৰয়োগ কৰি নিৰ্বাচনী প্ৰচাৰত অৱতীৰ্ণ হৈছিল সোমবাৰে । কিন্তু এই নিৰ্বাচনী প্ৰচাৰেই আন এক বিপদ কঢ়িয়াই আনিলে ভাৰতীয় জাতীয় কংগ্ৰেছলৈ । সোমবাৰে কৰ্ণাটকৰ নিৰ্বাচন সন্দৰ্ভত ছোনিয়া গান্ধীয়ে টুইটযোগে প্ৰেৰণ কৰা এক বাৰ্তাৰ বিৰুদ্ধে এতিয়া সৰৱ হৈ পৰিছে বিজেপি ।

উল্লেখ্য যে, সোমবাৰে ছোনিয়া গান্ধীয়ে ব্যক্তিগত টুইটাৰ একাউন্ট যোগে প্ৰকাশ কৰিছিল এই কথা - "কৰ্ণাটকৰ একতা, সাৰ্বভৌমত্ব অথবা খ্যাতি লৈ ভাবুকি কঢ়িয়াই অনা কোনো শক্তিকেই কংগ্ৰেছে কৰ্ণাটকত প্ৰৱেশৰ অনুমতি নিদিয়ে" ।

এই মন্তব্যই কৰ্ণাটকৰ সাৰ্বভৌমত্বক লৈ প্ৰশ্ন উত্থাপন কৰা বুলি বিজপিয়ে গোচৰ তৰিছে নিৰ্বাচনী আয়োগৰ ওচৰত । ইয়াৰ ওপৰিও সমগ্ৰ ঘটনাটিত ৰাষ্ট্ৰ বিৰোধীও আখ্যা দিয়ে বিজেপিয়ে ।

এতিয়া নিৰ্বাচনী প্ৰচাৰ অথবা তেনে কোনো ৰাজহুৱা অনুষ্ঠান এক শংকাৰ কাৰণ হৈ পৰিছে বিৰোধী দলসমূহৰ বাবে । কিয়নো এক মাৰ্জিত, সাংবিধানিক বক্তব্য ৰখাৰ ওপৰিও কোন মুহুৰ্তত শাসকীয় পক্ষই বিৰোধিতা কৰে সেইয়াও যেন এক আশংকা হৈ পৰিছে । কিন্তু এই গোচৰৰ সৈতে বিজেপিয়ে আকৌ এবাৰ প্ৰমাণ কৰিলে যে বিৰোধীবিহীন শাসনতন্ত্ৰৰ দিশে আগবাঢ়ি গৈছে ভাৰতবৰ্ষ ।

bjp indian national congress sonia gandhi