আভ্যন্তৰীণ কন্দলত বিধ্বস্ত ৰাজস্থানৰ প্ৰদেশ কংগ্ৰেছৰ দল...

author-image
Asomiya Pratidin
New Update
আভ্যন্তৰীণ কন্দলত বিধ্বস্ত ৰাজস্থানৰ প্ৰদেশ কংগ্ৰেছৰ দল...

ডিজিটেল ডেস্ক : আভ্যন্তৰীণ কন্দলে বিধ্বস্ত কৰিলে ৰাজস্থানৰ কংগ্ৰেছক । ৯০ জন বিধায়কে কৰিলে দলৰ পৰা পদত্যাগ । ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটে কেন্দ্ৰীয় কংগ্ৰেছ কমিটীৰ সভাপতি পদৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছিল আজি কিছুদিন পূৰ্বে । তাৰ পাছতেই ৰাজস্থানৰ নতুন মুখ্যমন্ত্ৰী কোন হ'ব সেই সম্পৰ্কে আৰম্ভ হৈছিল বহু আলোচনা আৰু বিতৰ্কৰ । নতুন দিল্লীৰ পৰা হাইকমাণ্ডে অজয় মাৰ্কেন আৰু মাল্লিকাৰ্জুন খাৰ্গেক প্ৰেৰণ কৰিছিল পৰিস্থিতিৰ বুজ ল'বলৈ । ৰবিবাৰে এই বৈঠকৰ পূৰ্বে দেখা গৈছিল অশোক গেহলটৰ প্ৰতি ৰাজস্থান কংগ্ৰেছৰ বিপুল সমৰ্থন । আনহাতে উপ-মুখ্যমন্ত্ৰী শচীন পাইলটে মুখ্যমন্ত্ৰী পদৰ বাবে কৰিব লগীয়া হৈছিল যথেষ্ট সংগ্ৰাম ।

কিন্তু, ৰবিবাৰৰ এই বৈঠকে সলনি কৰি দিলে সমগ্ৰ প্ৰেক্ষাপট । সোমবাৰে পুৱা অশোক গেহলটৰ নেতৃত্বত হ'ব লগীয়া বিধায়নী বৈঠক বৰ্জন কৰে এই ৯০ জন বিধায়কে । এই বিধায়ক সকলৰ দাবী অনুসৰি, পৰৱৰ্তী মুখ্যমন্ত্ৰী ৰূপে বাহাল থাকিব লাগে অশোক গেহলট অথবা অশোক গেহলটেই নিৰ্বাচন কৰিব পৰৱৰ্তী মুখ্যমন্ত্ৰী । অন্যথা ভৱিষ্যতলৈ পদত্যাগ কৰাৰ ভাবুকিও দিয়ে এই বিধায়ক সকলে ।

ৰাজস্থান কংগ্ৰেছত হঠাতে অহা এই ধুমুহাৰ দুটা কাৰণ হ'ব পাৰে বুলি অনুমান কৰিছে কেন্দ্ৰীয় কংগ্ৰেছ সমিতিয়ে । এইয়া এক স্বত:স্ফুৰ্ত বিক্ষোভ হ'ব পাৰে অশোক গেহলটৰ সমৰ্থনত অথবা এক পৰিকল্পিত কূটনীতি হ'ব পাৰে শচীন পাইলটৰ বিৰুদ্ধে ।

উল্লেখ্য যে, যদি গেহলটে কেন্দ্ৰীয় কংগ্ৰেছৰ সভাপতি পদৰ বাবে প্ৰাৰ্থীত্ব আগ নবঢ়াই তেন্তে এই বিক্ষোভ যে পৰিকল্পিত সেইয়া প্ৰমাণ হ'ব পৰৱৰ্তী সময়ত । অশোক গেহলটে ৰাজ্যৰ লবী কেন্দ্ৰিক ৰাজনীতিৰ পৰিসমাপ্তি ঘটায় কেন্দ্ৰক নিজৰ শক্তি প্ৰদৰ্শনৰ বাবে এই বিক্ষোভৰ পৰিকল্পনা কৰা বুলি বাৰ্তা প্ৰেৰণ হ'ব কেন্দ্ৰলৈ ।

indian national congress rajasthan ashok gehlot sachin pailot