অমৃতবৃক্ষ আন্দোলনৰ অন্ত পেলাই "মোৰ মাটি মোৰ দেশ"কলৈ মুখ্যমন্ত্রীৰ বিশেষ ঘোষণা

অমৃতবৃক্ষ আন্দোলনৰ অন্ত পেলাই "মোৰ মাটি মোৰ দেশ"কলৈ মুখ্যমন্ত্রীৰ বিশেষ ঘোষণা
Published on
Updated on

ডিজিটেল ডেস্কঃ "অমৃতবৃক্ষ" আন্দোলনৰ পাছত এইবাৰ "মোৰ মাটি মোৰ দেশ" কাৰ্যসূচীক লৈ মুখ্যমন্ত্রীৰ বিশেষ ঘোষণা। ১৯ ছেপ্টেম্বৰৰ পৰা ২৬ অক্টোবৰলৈ অনুষ্ঠিত হ'ব "মোৰ মাটি মোৰ দেশ" কাৰ্যসূচী। কাৰ্যসূচীকলৈ দুটাকৈ থিম ছঙো মুকলি কৰিব ৰাজ্য চৰকাৰে।

১৯ ছেপ্টেম্বৰত জিলা আয়ুক্তই ৰাইজৰ সহযোগত এই কাৰ্যসূচী আৰম্ভ কৰিব বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। প্ৰতিখন গাঁও, ৫০খন পৌৰসভাৰ প্রতি ঘৰৰ পৰা এমুঠি এমুঠি মাটি সংগ্রহ কৰি সম্পন্ন কৰা হ'ব এই কাৰ্যসূচী। ২০ ছেপ্টেম্বৰৰ পৰা ১ অক্টোবৰলৈ হ’ব এই মাটি সংগ্ৰহ কাৰ্যসূচী।

মাটি দিবলৈ অসুবিধাৰ সন্মুখীন হোৱা পৰিয়ালটোৱে কলহটোত অন্ন দিব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে। ইয়াৰ পাছৰ কাৰ্যসূচী অনুসৰি ২-৩ অক্টোবৰত মাটিৰ কলহটো সমুখত লৈ গাঁও পঞ্চায়তলৈ অনা হ’ব আৰু এখন গাঁও পঞ্চায়তত কমেও ২০টা মাটিৰ কলহ হ’ব বুলি এক সংবাদমেলত ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

তদুপৰি গাঁৱে গাঁৱে কলহত এন জি অ', সংস্থা, সংগঠনে মাটি সংগ্রহ কৰিব আৰু জিলা আয়ুক্তই এই দায়িত্ব অৰ্পণ কৰিব বুলি জানিব দিয়ে। ইপিনে গাঁও সমূহৰ মাটি পঞ্চায়ত কাৰ্যালয় পোৱাৰ লগে লগে বগা কাপোৰত মিহলি কৰা হ’ব আৰু সেই মাটি পিছত কলহত থৈ নামঘৰ, ৰাজহুৱা অনুষ্ঠান নিৰ্মাণ হ’লে ব্যৱহাৰ কৰা হ’ব বুলিও ঘোষণা কৰে।

উল্লেখ্য যে, এই মাটিৰ কলহ লৈ পঞ্চায়ত কাৰ্যালয়ৰ পৰা ব্লক কাৰ্যালয়ত নাম প্রসংগৰে সমদল কৰি লৈ আহিব বুলিও তেওঁ জানিবলৈ দিয়ে। পৰৱৰ্তী সময়ত এই মাটি ব্লক পোৱাৰ লগে লগে সকলো অমৃত কলহৰ মাটি আকৌ মিহলি কৰা হ’ব আৰু সমগ্র অসমৰ পৰা ৫৪০টা কলহ গুৱাহাটীলৈ অনা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে সংবাদমেলত ঘোষণা কৰে।

ইয়াৰ পৰৱৰ্তী কাৰ্যসূচীত ২৭০টা অমৃত কলহ শংকৰদেৱ কলাক্ষেত্রত ৰখা হ’ব। তাৰ পাছতেই ২৭ অক্টোবৰত এই কলহ দিল্লীলৈ প্রেৰণ কৰা হ’ব আৰু এই ২৭০টা কলহ অসম ভৱনত ৰখা হ’ব বুলি জানিবলৈ দিয়ে।

উল্লেখ্য যে, ৩০ অক্টোবৰত দিল্লীৰ অমৃত উদ্যানত এই ভূমি মিহলি কৰা হ’‍ব। সমগ্র ভাৰতৰ পৰা অমৃত উদ্যানত ৭৫০০টা মাটিৰ কলহ জমা হ’ব। ইয়াৰ সমান্তৰালভাবে মুখ্যমন্ত্ৰীৰ ঘোষণা অনুসৰি অসমৰ আন ২৭০টা কলহ গহপুৰলৈ নিয়া হ’ব। গহপুৰত কনকলতা বিশ্ববিদ্যালয় নিৰ্মাণত ব্যৱহাৰ কৰা হ’ব এই ২৭০টা কলহৰ মাটি।

অমৃতবৃক্ষ আন্দোলনৰ অন্ত পেলাই "মোৰ মাটি মোৰ দেশ"কলৈ মুখ্যমন্ত্রীৰ বিশেষ ঘোষণা
যোৰাবাটত ৪২ গো-ধনসহ আটক সৰবৰাহকাৰী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in